ETV Bharat / state

Jal Jeevan Mission Scheme:অসমত ৫২.৬১ শতাংশহে সম্পূৰ্ণ হৈছে জল জীৱনৰ কাম

author img

By

Published : Aug 10, 2023, 4:13 PM IST

অসমত জল জীৱনৰ কাম কিমান শতাংশ সম্পন্ন হ’ল ! সদনত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দিয়া তথ্যই উদঙাইছে ৰাজ্য চৰকাৰৰ নগ্ন চবি ৷ অসমত জল জীৱনৰ কাম মাত্ৰ ৫২.৬১ শতাংশহে সম্পূৰ্ণ হৈছে ৷ তাৰ পিচতো অসম চৰকাৰে ক্ৰেডিত লৈছে ৷ গুজৰাট, হাৰিয়ানা, হিমাচল প্রদেশৰ এশ শতাংশ গ্ৰাম্য পৰিয়ালে লাভ কৰিলে পানী ৷

Jal Jeevan Mission Scheme
অসমত ৫২.৬১ শতাংশহে সম্পূৰ্ণ হৈছে জল জীৱনৰ কাম

গুৱাহাটী,১০ আগষ্ট: কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে বুধবাৰে সদনৰ মজিয়াত চৰকাৰৰ অভিলাষী জল জীৱন আঁচনিৰ সফলতাৰ কথা উল্লেখ কৰিছিল ৷ কিন্তু দেশৰ বিভিন্ন ৰাজ্যত কেন্দ্ৰৰ অভিলাষী জল জীৱন আঁচনিয়ে ব্যাপক অগ্ৰগতি লাভ কৰাৰ বিপৰীতে অসমত কিমান শতাংশ হ’ল জল জীৱনৰ কাম ! শুনি আপুনিও আচৰিত হ’ব অসমত জল জীৱনৰ কাম মাত্ৰ ৫২.৬১ শতাংশহে সম্পূৰ্ণ হৈছে । তাৰ পিচতো অসম চৰকাৰে ক্ৰেডিট লৈছে ৷

পূৰ্বৰ চৰকাৰৰ দিনৰ পৰিস্থিতিৰ লগত আজিৰ পৰিস্থিতিৰ তুলনা কৰি চৰকাৰখনে সফলতা লাভ কৰা বুলি ক'ব বিচাৰে । কিন্তু বাস্তৱ ক্ষেত্রত আন ৰাজ্যৰ তুলনাত জল জীৱন আঁচনিখন ৰূপায়ণৰ দিশত অসম বহু পিচপৰি আছে । এই কথা লোকসভাৰ মজিয়াতে উন্মোচন হৈছে ।

দেশৰ আন ৰাজ্যই জলজীৱন মিছনত ব্যাপক অগ্রগতি লাভ কৰাৰ সময়ত অসমৰ ৫২.৬১ শতাংশ গ্রাম্য পৰিয়ালেহে টেপযোগে পানী লাভ কৰিবলৈ সক্ষম হৈছে । দেশৰ গ্ৰামাঞ্চলৰ সকলো পৰিয়ালকে টেপৰ জৰিয়তে খোৱাপানী যোগান ধৰিবলৈ ২০১৯ চনৰ ১৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল জল জীৱন মিছন । কেন্দ্ৰীয় চৰকাৰে ২০২৪ চনৰ ভিতৰত দেশৰ প্ৰতিটো পৰিয়ালে টেপ যোগে পানী লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ।

সেই লক্ষ্যত উপনীত হ'বলৈ কেন্দ্ৰই ৰাজ্য চৰকাৰ সমূহক নিৰ্দেশ দিছিল । কিন্তু জল জীৱন মিছন আৰম্ভ হোৱাৰ চাৰি বছৰ সম্পূৰ্ণ হ’ল যদিও অসমৰ গ্ৰামাঞ্চলৰ মাথোঁ ৫২.৬১ শতাংশ পৰিয়ালেহে টেপৰ পানীৰ সংযোগ লাভ কৰিছে । লক্ষ্য ২০২৪ লৈ মাজত পাঁচ মাহ সময়ো নাই । তেনেস্থলত এতিয়াও জল জীৱন আঁচনিয়ে সামৰি ল'বলৈ বাকী আছে অসমৰ ৪৭.৩৯ শতাংশ পৰিয়ালক । লোকসভাত দিয়া তথ্য অনুসৰি বিগত চাৰি বছৰত অসমৰ গ্রামাঞ্চলৰ মুঠ ৬৮.২৫ লাখ পৰিয়ালৰ ভিতৰত ৩৫.৯১ লাখ পৰিয়াল অর্থাৎ ৫২.৬১ শতাংশইহে লাভ কৰিছে টেপৰ পানীৰ সংযোগ ।

বিপৰীতে ৪৭.৩৯ শতাংশ পৰিয়ালক এতিয়াও সামৰি লোৱা নাই জল জীৱন মিছনে । অসমৰ জল জীৱন মিছনৰ এনে লেহেমীয়া গতিৰ বিপৰীতে আন্দামান আৰু নিকোবৰৰ এশ শতাংশ গ্রাম্য পৰিয়ালে লাভ কৰিছে পানীৰ সংযোগ । ইয়াৰ ওপৰি গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্রদেশ, পঞ্জাৱ, তেলেংগানা আৰু দাদৰা নগৰ হাভেলীৰো এশ শতাংশ গ্ৰাম্য পৰিয়ালে লাভ কৰিছে টেপ যোগে পানীৰ সংযোগ ।

ইফালে অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত ৯০.৫৪ শতাংশ, ছিকিমত ৮৬.৩৮ শতাংশ, অৰুণাচল প্ৰদেশত ৮৫.৪৪ শতাংশ, মণিপুৰত ৭৬.৭২ শতাংশ, নাগালেণ্ডত ৭৩.৯৮ শতাংশ আৰু ত্ৰিপুৰাত ৬৬.২২ শতাংশ জলজীৱন মিছনৰ কাম সম্পূৰ্ণ হৈছে । সেইদৰে বিহাৰত ৯৬.৩৮ শতাংশ, জম্মু-কাশ্মীৰত ৬৬.৬০ শতাংশ, কৰ্ণাটকত ৬৮.৮২ শতাংশ, লাডাখত ৭৭.৮৬ শতাংশ, মহাৰাষ্ট্ৰত ৭৭.৬৭ শতাংশ, ওড়িশাত ৬২.৩৯ শতাংশ, তামিলনাডুত ৭০.৫৬ শতাংশ আৰু উত্তৰাখণ্ডত ৭৮.৭৩ শতাংশ কাম হৈছে । অতি পৰিতাপৰ বিষয় যে আন ৰাজ্যৰ তুলনাত অসম বহু পিছপৰি আছে যদিও চৰকাৰখনে কিন্তু ইয়াকে লৈ দ্ৰুত বিকাশ আৰু উন্নয়নৰ কথা কয়।

লগতে পঢ়ক:Assam Cabinet Decision: আশাকৰ্মীৰ পৰা ৬জনগোষ্ঠীলৈকে সন্তুষ্ট কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিধান্তত অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.