গ্ৰাহককৰ পৰা অন্যায়ভাৱে লোৱা বিদ্যুতৰ মাচুল ঘূৰাই দিয়াৰ দাবী আপৰ

author img

By

Published : Sep 19, 2022, 3:47 PM IST

AAP Assam Joint Coordinator Jitul Deka react on APDCL

এ পি ডি চি এলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপ, অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই (AAP Assam Joint Coordinator Jitul Deka) ৷ সোমবাৰে আপৰ গণেশগুৰিত থকা মুখ্য কার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আপ, অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে অত্যাধিক বিদ্যুত মাছুল আদায় কৰা সন্দৰ্ভত এ পি ডি চি এল আৰু মুখ্যমন্ত্ৰীৰ ভাষ্য পৃথক (AAP reaction to APDCL electricity tariff hike) ।

গুৱাহাটী, 19 আগষ্ট: ৰাজ্যত হঠাতে বৃদ্ধি পালে বিদ্যুতৰ মাচুল (Electricity tariff hike) । বহুতৰে বিদ্যুতৰ বিল পূৰ্বৰ বিলৰ তুলনাত দুগুণ হৈছে । বিদ্যুতৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে চকু কপালত তুলিছে সাধাৰণ জনতাৰ । বিদ্যুতৰ মাচুল বৃদ্ধি পোৱাক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

শেহতীয়াকৈ, এ পি ডি চি এলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই (AAP reaction to APDCL electricity tariff hike) ৷ সোমবাৰে আপৰ গণেশগুৰিত থকা মুখ্য কার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আপ, অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে অত্যাধিক বিদ্যুত মাচুল আদায় কৰা সন্দৰ্ভত এ পি ডি চি এল আৰু মুখ্যমন্ত্ৰীৰ ভাষ্য পৃথক (Jitul Deka react on APDCL tariff hike) ।

গ্ৰাহককৰ পৰা অন্যায়ভাৱে লোৱা বিদ্যুতৰ মাচুল ঘূৰাই দিয়াৰ দাবী আপৰ

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীয়ে টুইট যোগে কৈছে যে স্মার্ট মিটাৰৰ বাবে বিল বৃদ্ধি হৈছে আৰু এ পি ডি চি এলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে । আনহাতে এ পি ডি চি এল এ যোৱা ১৬ ছেপ্টেম্বৰত কাকতত বিজ্ঞাপন আকাৰে দিয়া বিবৃতিত কৈছে যে স্মার্ট মিটাৰৰ বাবে বিল বৃদ্ধি নহয় ।

তাৰোপৰি বিভাগীয় মন্ত্ৰীয়ে এই বিষয়ত অজ্ঞতা প্ৰকাশ কৰি অতি দায়িত্বহীনভাবে কৈছে যে বিষয়টো চাবলৈ এখন কমিটি বনাই দিব । এতিয়া প্ৰশ্ন হ’ল ৰাইজে কাৰ কথা বিশ্বাস কৰিব । মুখ্যমন্ত্ৰীৰ নে এ পি ডি চি এলৰ ? যদি মুখ্যমন্ত্ৰীয়ে কোৱা কথা সঁচা বুলি ধৰা হয় (কাৰণ তেওঁ মুখ্যমন্ত্ৰী আৰু জনা মানুহ) তেতিয়া হ’লে এই কথাটো প্ৰমাণ হ’ল যে এ পি ডি চি এলে ৰাইজক মিছা কৈ আহিছিল ।

লগতে জিতুল ডেকাই কয় যে মুখ্যমন্ত্ৰীয়ে এ পি ডি চি এলক স্মাৰ্ট মিটাৰৰ বিজুটি দূৰ কৰিব কৈছে । ফলত হয়তো পৰবৰ্ত্তী বিদ্যুতৰ বিল কমিব বুলি ধৰি ললেও, গুৰুত্বপূৰ্ণ কথাটো হ’ল যোৱা দুই-তিনি মাহত যে এ পি ডি চি এলে অত্যাধিক মাচুল আদায় কৰিলে সেই টকাখিনি গ্ৰাহকক কিদৰে ওভতাব? তেওঁ কয় -" আপ, অসমৰ স্পষ্ট দাবী - অতিৰিক্ত মাচুল গ্ৰাহকক এ পি ডি চি এলে ওভতাই দিব লাগিব অন্যথা আগন্তুক দুমাহৰ বাবে গ্ৰাহকক মাচুল ৰেহাই দিব লাগিব ।

লগতে অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়কগৰাকীয়ে কয়, কিমান গ্ৰাহকৰ পৰা এ পি ডি চি এলে অতিৰিক্ত মাচুল আদায় কৰিছে সেই বিষয়টো চোৱা-চিতা কৰিবলৈ গ্ৰাহকে এই ক্ষেত্ৰত নিজৰ আপত্তি দাখিলৰ বাবে এ পি ডি চি এল এ তাৎক্ষণিকভাৱে এটা সহজ ব্যৱস্থা আৰম্ভ কৰক । স্মার্ট মিটাৰৰ বিসংগতিৰ বাবে বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা যুক্তি কেতিয়াও মানি লব নোৱাৰি কাৰণ এ পি ডি চি এলৰ ৬৫ লাখ গ্ৰাহকৰ ৩ লাখ মান গ্ৰাহককহে স্মার্ট মিটাৰ সংযোগ কৰা হৈছে (AAP Press Meet in Guwahati) ।

সংবাদমেলত লগতে তেওঁ কয়, গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটতহে কেৱল স্মাৰ্ট মিটাৰ সংযোগৰ কাম কৰা হৈছে যদিও সম্পূৰ্ণ ৰূপে সংযোগ কৰা হোৱা নাই । অসমৰ বিভিন্ন প্ৰান্তৰ স্মার্ট মিটাৰ সংযোগ নথকা গ্ৰাহকৰ পৰা অত্যাধিক বিল আদায় লোৱা হৈছে ।

এই বিষয়টোত কেৱল স্মার্ট মিটাৰক জগৰীয়া কৰিলে নহ’ব । ইয়াৰ অন্তৰালত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে । সেয়ে এই সন্দৰ্ভত এ পি ডি চি এলৰ মাচুল কেলেংকাৰি আই আই টি বিশেষজ্ঞৰ দ্বাৰা এক উচ্চ পর্যায়ৰ তদন্ত হ’ব লাগে ৷ সংবাদমেলত আপৰ ৰাজ্যিক মেডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতা আৰু যুটীয়া সম্পাদক অম্লান হাতীবৰুৱাও উপস্থিত আছিল ।

লগতে পঢ়ক: বিদ্যুতৰ অভাৱনীয় মাচুল বৃদ্ধিক লৈ এ পি ডি চি এলৰ আজৱ যুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.