ETV Bharat / state

প্ৰমানপত্ৰ দিলে ঠিকেই, কিন্তু ৰেকৰ্ডৰ বাবে ৰোপণ কৰা গছপুলিবোৰ কেনে আছে ?

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 6:55 PM IST

assam govt Guinness World Record
অমৃত বৃক্ষৰ সন্দৰ্ভত আম আদমী পাৰ্টিৰ সংবাদমেল

প্ৰমাণপত্ৰসমূহ আজি প্ৰদান কৰা হ’ল ৷ পিছে ৰেকৰ্ডৰ অস্তিত্বহে নাই বহু স্থানত ৷ সৌসিদিনা বিশ্ব ৰেকৰ্ডৰ বাবে গছপুলি ৰোৱা বহু স্থানত এতিয়া কেৱল বাঁহৰ কামি আৰু শুকান গছৰ পুলি ৷

অমৃত বৃক্ষৰ সন্দৰ্ভত আম আদমী পাৰ্টিৰ সংবাদমেল

গুৱাহাটী, 29 নৱেম্বৰ : ৰেকৰ্ডৰ প্ৰতি আকৰ্ষিত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ঢাক-ঢোল বজাই গঢ়িলে অমৃত বৃক্ষ আন্দোলন ৷ কিন্তু যিসমূহ স্থানত চৰকাৰে ৰেকৰ্ডৰ বাবে গছপুলি ৰোপন কৰিছিল তাৰ অধিকাংশ স্থানতে এতিয়া কেৱল পুলিটোৰ শুকান ঠাৰি অথবা বেৰাখিনিহে আছে ৷ এই তথ্য প্ৰমাণ সহকাৰে দাঙি ধৰিছে আম আদমী পাৰ্টিয়ে ৷

বুধবাৰে এক সংবাদমেল সম্বোধন কৰি আপ, অসমৰ উপ-সভাপতি জিতুল ডেকাই কয় যে অমৃত বৃক্ষ আন্দোলন পৰিৱেশ ৰক্ষাৰ বাবে নহয়, পৰিবেশ ধ্বংসৰ বাবেহে কৰিছিল । কেৱল মাথো গীনিজ ৰেকৰ্ড কৰাৰ বাবেহে চৰকাৰে 'অমৃত বৃক্ষ আন্দোলন'ৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷

বুধবাৰে আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলখনত চৰকাৰৰ এনে কাৰ্যপন্থাৰ বিৰুদ্ধে সৰৱ হৈ পৰে আপ, অসমৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকা ৷ অমৃত বৃক্ষ আন্দোলনৰ সম্পৰ্কত জিতুল ডেকাই কয় যে বৃহৎ বৃক্ষৰোপন অভিযান পৰিৱেশ আৰু বন বিভাগৰ উল্লেখনীয় সাফল্য বুলি প্ৰচাৰ চলাই আজি চৰকাৰে আনুষ্ঠানিকভাবে ৯ টা শাখাত বিশ্ব অভিলেখৰ প্ৰমাণপত্ৰ গিনীজ বুক অব্ ৰেকৰ্ড কতৃপক্ষৰ পৰা গ্ৰহণ কৰা বাবে অনুষ্ঠান আয়োজন কৰিছে ।

চৰকাৰে এই প্ৰমাণপত্ৰ ল’ব বিচৰা ৯ টা অভিলেখৰ অন্যতম এটা অভিলেখ হৈছে যোৱা ১৫ ছেপ্টেম্বৰত ডিব্ৰুগড় বন সংমণ্ডলৰ অধীনৰ অভয়পুৰত এঘণ্টাত তিনি লাখ একত্ৰিশ হাজাৰ নশ উনত্ৰিশটা গছপুলি ৰোপণ কৰা হ’ল । কিন্তু গছপুলি ৰোপণ কৰাৰ পৰৱৰ্তী দুমাহতে তাৰ প্ৰায় শতাংশ গছপুলি মৰি গ’ল ।

উক্ত সংবাদমেলত চৰকাৰে ডিব্ৰুগড়ৰ অভয়পুৰত বৃক্ষৰোপন কৰা স্থানৰ বৰ্তমানৰ ছবি দেখুৱাই জিতুল ডেকাই কয়, ‘‘ সেই স্থানত ৰোপন কৰা ৯০ শতাংশ গছপুলি এতিয়া মৰি গৈছে । কেৱল শুকান গছপুলি আৰু বাঁহৰ কামিৰে ভৰি আছে অভিলেখ সৃষ্টি কৰা অঞ্চল । যি কথাই প্ৰমাণ কৰিছে যে চৰকাৰৰ উদ্দেশ্য কেৱল গীনিজ ৰেকৰ্ড কৰা, পৰিৱেশ ৰক্ষা কৰা নহয় ।’’

এই সন্দৰ্ভত চৰকাৰক সমালোচনা কৰি ডেকাই কয়,‘‘ কাকতত বিজ্ঞাপন দি এনে অভিলেখৰ বাবে প্ৰমাণপত্ৰ দিবলৈ লাজ পাব লাগে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু চৰকাৰৰ বন বিভাগে । অমৃত বৃক্ষ আন্দোলনেৰে বিশ্ব অভিলেখ কৰা বুলি গৌৰৱ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা দুমাহৰ আগতে ৰোপন কৰা গছপুলিসমূহ বৰ্তমান কি অৱস্থাত আছে বন বিভাগক সুধিছেনে ?’’

লগতে পঢ়ক : ৰাজ্যৰ মুঠ ২৭,১৮৩ গৰাকী মেধাৱী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.