ETV Bharat / state

Duplicate Watch: গুৱাহাটীত দ’মে দ’মে ওলাইছে নকল ব্ৰেণ্ডেড ঘড়ী; কিনাৰ আগত ভালদৰে চাই লওক

author img

By

Published : Aug 2, 2023, 7:11 AM IST

Duplicate Watch
গুৱাহাটীত ৩৩৩০ টা নকল ঘড়ী জব্দ পাণবজাৰ আৰক্ষীৰ

নকল ঘড়ীৰ ব্যৱসায় গঢ় লৈ উঠিছে গুৱাহাটীত ৷ পাণবজাৰ আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই তথ্য ৷ মঙলবাৰে দুখন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই পাণবজাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নকল ঘড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷

গুৱাহাটী, 02 আগষ্ট: বিভিন্ন ব্ৰেণ্ডৰ ঘড়ী ক্ৰয় কৰোতে সাৱধান হওক আপুনি ৷ অন্যথা অথলে যাব পাৰে আপোনাৰ কষ্টৰ ধন ৷ আপোনাৰ প্ৰিয় ব্ৰেণ্ডৰ ঘড়ীৰ নামত অসাধু চক্ৰই আপোনাক তুলি দিব পাৰে নকল ঘড়ী ৷ কাঠফুলাৰ দৰে নকল ঘড়ীৰ ব্যৱসায় গঢ় লৈ উঠিছে মহানগৰৰ বিভিন্ন প্ৰান্তত ৷

মঙলবাৰে নিশা মহানগৰ আৰক্ষীয়ে অভিযান চলাই দুখনকৈ ঘড়ীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৷ মহানগৰীৰ পাণবজাৰৰ এছ এছ ৰোডৰ ৰাজু বিল্ডিংঙত থকা বৰ্ধন টাইম আৰু লাখটকীয়াৰ টিপ টপ গলিত থকা চৌধুৰী ৱাটচত অভিযান চলায় ৷ অভিযানৰ সময়ত দুয়োখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৩,৩৩০ টা নকল ঘড়ী জব্দ কৰে আৰক্ষীয়ে ৷

অভিযানত ছনাটা, টাইটান, ফাষ্টট্ৰেকৰ নকল ঘড়ী জব্দ কৰে ৷ নকল চীল ষ্টীকাৰ লগায় দুই ব্যৱসায়িক প্ৰতিষ্ঠানে চলাই আহিছিল নকল ঘড়ীৰ বেহা ৷ দীৰ্ঘদিনে দুই ব্যৱসায়িক প্ৰতিষ্ঠানে নকল ঘড়ীৰ ব্যৱসায় চলাই থকাৰ কথা গম পোৱাৰ পাচতে টাইটান কোম্পানীৰ হৈ অধিবক্তা গৌৰৱ তিৱাৰীয়ে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰে । এই এজাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযান চলায় । আৰক্ষীৰ অভিযানত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ।

আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে চৌধুৰী ৱাটচৰ স্বত্বাধিকাৰী কিশোৰ চৌধুৰীৰ লগতে ৰঞ্জিত পাল, ৰঞ্জিত সূত্ৰধৰ, প্ৰীতম ৰয়, সুৰজিৎ দাস, ৰূপক বৈদ্যক গ্ৰেপ্তাৰ কৰে । ইফালে বৰ্ধন টাইমৰ পৰা ১,২৮৭ টা আৰু চৌধুৰী ৱাটচৰ পৰা ২,০৪৩ টা নকল ঘড়ী জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ তদন্তৰ কথা উমান পায় বৰ্ধন টাইমৰ স্বতাধিকাৰী বিপ্লৱ বৰ্ধনে পলায়ন কৰে ৷ বিপ্লৱ বৰ্ধনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । এই দুই ব্যৱসায়ীক প্ৰতিষ্ঠানে জালিয়াতিৰে নকল ঘড়ী গ্ৰাহক বিক্ৰী কৰি লাখ লাখ টকা লুটিছিল । তিনি হাজাৰতকৈও অধিক নকল ঘড়ী জব্দ কৰাৰ ঘটনাই গ্ৰাহকৰ চকু কপালত উঠিছে ।

লগতে পঢ়ক:Bajrang Dal Arms Training: বজৰং দলৰ অস্ত্র চালনাৰ প্ৰশিক্ষণ সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.