ETV Bharat / state

গৃহ বিভাগত হাহাকাৰ : কেনেকৈ জামিন পালে পলাতক মফিদুলে ?

author img

By

Published : Jul 9, 2021, 9:10 PM IST

APSC কেলেংকাৰী অন্যতম অভিযুক্ত মফিদুল ইছলামৰ জামিন মঞ্জুৰক লৈ হাহাকাৰ সৃষ্টি হৈছে দিছপুৰত ৷ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়(Guwahati High Court)ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে মফিদুল ইছলামৰ জামিন মঞ্জুৰ কৰে ।

A bench of Guwahati High Court Judge Parthivjyoti Saikia granted bail to Mofidul Islam
গৃহ বিভাগত হাহাকাৰ:পলাতক মফিদুলে জামিন পালে কেনেকৈ ?

গুৱাহাটী, ৯ জুলাই : ৰাকেশ পাল বাহিনীৰ অন্যতম দালাল মফিদুল ইছলাম সুদীৰ্ঘ দিন পলাতক হৈ থকাৰ পিছত জামিন পোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ একমাত্ৰ চৰকাৰী অধিবক্তাৰ সন্দেহজনক স্থিতিৰ বাবেই উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা বুলি অভিযোগ উঠিছে । ৰাকেশ পালে লোকসেৱা আয়োগ(APSC)ক যেতিয়া মাছৰ বজাৰলৈ ৰূপান্তৰিত কৰিছিল, সেই সময়ত ৰাকেশ পাল আৰু আয়োগৰ সেই সময়ৰ সদস্য ছামেদুৰ ৰহমানৰ হৈ বিভিন্ন প্ৰাৰ্থীৰ পৰা লাখে লাখে ধন সংগ্ৰহ কৰা অন্যতম দালাল আছিল অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ ৰেঞ্জাৰ মফিদুল ইছলাম ।

Guwahati High Court
গৃহ বিভাগত হাহাকাৰ:পলাতক মফিদুলে জামিন পালে কেনেকৈ ?

লোকসেৱা কেলেংকাৰীৰ তদন্ত সামৰি তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে যি চাৰ্জশ্বীট দাখিল কৰিছিল তাত অন্যতম অভিযুক্তৰূপে চিনাক্ত কৰা হৈছিল দালাল মফিদুল ইছলাম । সেই দিন ধৰি পলাতক হৈ আছিল মফিদুল ইছলাম । কিন্তু হঠাৎ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়(Guwahati High Court)ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে মফিদুল ইছলামৰ জামিন মঞ্জুৰ কৰে ।

Guwahati High Court
গৃহ বিভাগত হাহাকাৰ:পলাতক মফিদুলে জামিন পালে কেনেকৈ ?

ইয়াৰ লগে লগে এতিয়া হাহাকাৰ লাগিছে দিছপুৰত ৷ হাহাকাৰ সৃষ্টি হয় গৃহ বিভাগতো । কিয়নো অভিযুক্ত "পলাতক" মফিদুল ইছলামে জামিন আবেদন জনোৱাৰ ক্ষেত্ৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল অতিৰিক্ত লোক অধিবক্তা আঞ্জুৱাৰা বেগমে ।

এই বিষয়ে কিন্তু কোনো কথাই জনোৱা হোৱা নাছিল লোকসেৱা কেলেংকাৰীৰ বিশেষ লোক অধিবক্তা মাখন ফুকনক । তেনেক্ষেত্ৰত এতিয়া দিছপুৰত সন্দেহৰ সৃষ্টি হৈছে অতিৰিক্ত লোক অধিবক্তা অঞ্জুৱাৰা বেগমৰ ভূমিকাক লৈ । বিগত প্ৰায় পাঁচ বছৰে "পলাতক" হৈ থকা মফিদুল যে নিৰাপদে গুৱাহাটীতেই যে অৱস্থান কৰি আছিল সেয়াও স্পষ্ট হৈ পৰিছে ।

লগতে পঢ়ক: ছমাহলৈ বৃদ্ধি ন্যায়াধীশ শৰ্মা আয়োগৰ কাৰ্যকাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.