বিজেপি চৰকাৰৰ দিনত জেহাদী সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে ৮৪ জনক

author img

By

Published : Sep 17, 2022, 6:52 PM IST

বিজেপি চৰকাৰৰ দিনত জেহাদী সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে ৮৪ জনক

ছয় বছৰত আৰক্ষীৰ জালত জামাত-উল-মুজাহিদ্দীন বাংলাদেশ চমুকৈ জে এম বিৰ ৩৫ জন, হিজবুল মুজাহিদ্দীনৰ ৯ জন আৰু আনচাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ(Ansarullah Bangla Team) ৪০ জন । গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত ১০ জন মাদ্ৰাছাৰ লগত জড়িত । এবছৰত সামাজিক মাধ্যমত ৯৯০ টা ৰাষ্ট্ৰবিৰোধী আৰু সন্ত্ৰাসবাদক উদগনি দিয়া পোষ্ট লাভ কৰিছে আৰক্ষীয়ে । ১০০ টা গোচৰ ৰুজু কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে ৮৫ জনক ।

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ: ৰাজ্যত জেহাদ আৰু জেহাদীৰ বিৰুদ্ধে অব্যাহত আছে ব্যাপক অভিযান । য'তেই জেহাদীৰ সম্পৰ্ক পোৱা গৈছে তাতেই চলিছে অভিযান । আনকি জেহাদী কাৰ্যকলাপৰ বাবে ভাঙি দিয়া হৈছে মাদ্ৰাছা । লক্ষ্যণীয় বিষয় যে বিজেপি চৰকাৰৰ দিনত বিগত ছয় বছৰত অৰ্থাৎ ২০১৬ চনৰ পৰা বৰ্তমানলৈকে জেহাদী সন্দেহত মুঠ ৮৪ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে (Arrested jihadi in Assam)।

জেহাদীৰ সন্দেহত গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত জামাত-উল-মুজাহিদ্দীন((Jamaat ul Mujahideen) বাংলাদেশ চমুকৈ জে এম বিৰ লগত সম্পৰ্ক থকাৰ অভিযোগত ৩৫ জন, হিজবুল মুজাহিদ্দীনৰ ৯ জন আৰু আনচাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ ৪০ জনক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত ১০ জন মাদ্ৰাছাৰ লগত জড়িত লোক (Jihadi in Madrasa)।

মাদ্ৰাছাৰ যোগেদি জেহাদী সংগঠনৰে সম্পৰ্ক ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে - চাইফুল ইছলাম ওৰফে হকল ৰচিদ ওৰফে চুমন (বাংলাদেশী নাগৰিক), বৰপেটাৰ মামুনুৰ ৰচিদ, মৰিগাঁৱৰ মুস্তাফা ওৰফে মুফটি মুস্তাফা, গোৱালপাৰা জিলাৰ মৰনৈৰ আব্দুচ চোবাহান, গোৱালপাৰাৰ জালালুদ্দিন শ্বেখ, গোৱালপাৰাৰ গোবিন্দপুৰৰ আব্দুচ চোবাহান, বঙাইগাঁও জিলাৰ মুফটি হাফিজুৰ ৰহমান, গুৱাহাটীৰ আজমল হুছেইন, বৰপেটাৰ আকবৰ আলী আৰু আব্দুল কালাম আজাদ ।

আৰক্ষীৰ মতে এওঁলোকে মছজিদ, মাদ্ৰাছা, জালাচা, ধর্মসভাবোৰত বক্তৃতা প্ৰদান কৰি মুছলিম যুৱক তথা লোকক জেহাদী কাৰ্যকলাপত জড়িত হ’বলৈ অনুপ্ৰাণিত কৰিছিল । মুছলিম লোকসকলৰ মাজত জেহাদী সম্পৰ্কীয় বিভিন্ন পুস্তিকা বিতৰণ কৰিছিল । লগতে পৰস্পৰে পৰস্পৰৰ লগত যোগাযোগ কৰাৰ বাবে উচ্চ প্ৰযুক্তিসম্পন্ন কনভাৰচেচন এপ ‘ওমেমো’ আৰু ‘ব্ৰেবাৰ’ ব্যৱহাৰ কৰিছিল (Conversation application use by Jihadi)। ইফালে সামাজিক মাধ্যমৰ যোগেদি সন্ত্ৰাসবাদৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ প্ৰয়াসত অৱতীৰ্ণ হৈছে বিভিন্ন উগ্ৰবাদী সংগঠন ।

লক্ষ্যণীয়ভাৱে অসম আৰক্ষীৰ সামাজিক মাধ্যম নিৰীক্ষণ কোষে(Assam police social media monitoring) সামাজিক মাধ্যমৰ আপত্তিজনক পোষ্ট সন্দৰ্ভত ২০২১-২২ চনৰ সময়ছোৱাত ৯৯০ টা ৰাষ্ট্ৰবিৰোধী আৰু সন্ত্ৰাসবাদক উদগনি দিয়া পোষ্ট প্ৰত্যক্ষ কৰিছে । ইয়াৰে ১০০ টা গোচৰ অসমৰ বিভিন্ন জিলাত ৰুজু হৈছে আৰু ৮৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে ৫৮১ গৰাকী যুৱক-যুৱতীক তেওঁলোকক অভিভাৱকৰ সন্মুখত মনস্তাত্বিক পৰ্য্যবেক্ষণৰ জৰিয়তে শুধৰণিৰ বাবে পদক্ষেপ লৈছে আৰক্ষীয়ে ।

ইতিমধ্যে তেনেধৰণৰ ৪০০ টা পোষ্ট সামাজিক মাধ্যমৰ পৰা আঁতৰাই দিয়া হৈছে । উল্লেখ্য যে নিজ নিজ দাবীত ৰাজ্যখনত গঢ় লৈ উঠা প্ৰায়বোৰ উগ্ৰপন্থী সংগঠন মূলসুঁতিলৈ ঘূৰি অহাৰ সময়ত কিন্তু বহু মৌলবাদী সংগঠন ৰাজ্যখনত সক্ৰিয় হৈ আছে । লক্ষ্যণীয় বিষয় যে কেন্ত্ৰীয় গৃহ মন্ত্ৰণালয়ে পূৰ্বতে দিয়া তথ্য মতে অসমত ১৯ টা মৌলবাদী সংগঠন কম-বেছি পৰিমাণে সক্ৰিয় হৈ আছে । জামাতুল মুজাহিদীন বাংলাদেশ নামৰ সংগঠনটোৱে ২০১৪ চনত পশ্চিম বংগত বিস্ফোৰণ সংঘটিত কৰাৰ পাছত অসমত ১৯টা মৌলবাদী সংগঠন সক্ৰিয় হৈ থকাৰ তথ্য গৃহ মন্ত্ৰণালয়ে সংগ্ৰহ কৰিছিল ।

স্থানীয় সংগঠনসমূহৰ জৰিয়তে মৌলবাদৰ আদিপাঠ গ্ৰহণ কৰি জামাতুল মুজাহিদীন বাংলাদেশ নামৰ সংগঠনৰ লগ লাগিছিল অসমৰ যুৱক । ২০১৪ চনৰ পৰা 'নিয়া'ই বৰ্ধমানৰ বোমা বিস্ফোৰণৰ তদন্ত কৰি অসমৰ বৰপেটা, গোৱালপাৰা, চিৰাং আৰু নলবাৰীত একাংশ যুৱকৰ জামাতুল মুজাহিদীন বাংলাদেশৰ সৈতে সম্পর্ক থকাটো ধৰা পেলাইছিল আৰু ছজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছিল (NIA against Jihadi)।

নিয়াৰ তদন্ত প্ৰকাশ পোৱা অনুসৰি জামাতুল মুহাহিদীন বাংলাদেশ নামৰ সংগঠনটোৱে পশ্চিম বংগৰ লগতে অসম আৰু ঝাৰখণ্ডকো লক্ষ্য কৰি সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছিল । অৰ্থাৎ বহুবছৰ ধৰি অসমত মৌলবাদীৰ কাৰ্যকলাপ অব্যাহত ‍আছে । বৰ্তমান কেইবাটাও সক্ৰিয় হৈ উঠিছে । যাৰবাবে অসম চৰকাৰে কঠোৰ অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক: হিজাব পৰিধান নকৰাৰ অভিযোগ: আৰক্ষীৰ জিম্মাত মৃত্যু 22 বছৰীয়া যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.