ETV Bharat / state

মিছন বসুন্ধৰা ২.০ : ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 3:01 PM IST

Mission Basundhara 2
মিছন বসুন্ধৰা ২.০

মিছন বসুন্ধৰা ২.০ ত ৰায়তী, খাচ মাটি ক্ৰয়-বিক্ৰয় কৰা সকলকো ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছিল । খিলঞ্জীয়া ভূমিহীনক মাটিৰ অধিকাৰ দিবলৈ আৰম্ভ কৰা মিছন বসুন্ধৰা ২.০ ত পৰিছিল ১৩,৩৯,৬০৬ খন আৱেদন । ইয়াৰ ভিতৰত ১০,৮৮,৮৮৬ খন অর্থাৎ প্ৰায় ৭৫ শতাংশ আৱেদনেই নাকচ হৈছে । অনিশ্চয়তাত ১০ লক্ষাধিক খিলঞ্জীয়া । মাত্ৰ ১,৩৫,৩০৭ গৰাকীহে ওলাইছে ভূমিপট্টাৰ বাবে যোগ্য (Mission Basundhara 2)।

গুৱাহাটী, ১৬ ডিচেম্বৰ : খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ বাবে অসম চৰকাৰে আৰম্ভ কৰা ‘‘মিছন বসুন্ধৰা’’ই কিন্তু বাস্তৱত গৰিষ্ঠ সংখ্যক খিলঞ্জীয়া লোককে সামৰি ল’ব পৰা নাই । খিলঞ্জীয়া লোকে যাতে ভূমিৰ অধিকাৰ লাভ কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মিছন বসুন্ধৰা ২.০ আৰম্ভ কৰিছিল যদিও অতি সামান্য সংখ্যকেহে লাভ কৰিব মাটিৰ পট্টা । কাৰণ ভূমিৰ অধিকাৰ পাবলৈ মিছন বসুন্ধৰা ২.০ ত আৱেদন কৰা প্ৰায় ৭৫ শতাংশ লোকৰে আৱেদন নাকচ হৈছে ।

Mission Basundhara 2
মিছন বসুন্ধৰা ২.০

এই বৃহৎসংখ্যক লোকৰ আৱেদন নাকচ হোৱাত আৱেদনসমূহ পুনৰ পৰীক্ষণৰ বাবে সময়সীমা ৩১ ডিচেম্বৰলৈ বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজহ বিভাগে । ইফালে ভূমিৰ অধিকাৰ পাবলৈ জনোৱা বৃহৎ সংখ্যক আৱেদন নিষ্পত্তি নোহোৱাত মিছন বসুন্ধৰাৰ ২.০ ৰ সময়সীমা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰিছিল ৰাজহ বিভাগে ।

উল্লেখ্য যে, ৰাজ্যখনত বান-গৰাখহনীয়াকে ধৰি আন বিভিন্ন কাৰণত ভূমিহীন হৈ পৰা লাখ লাখ খিলঞ্জীয়া লোকে চৰকাৰী ভূমি, পি জি আৰ, ভি জি আৰ ভূমিত যুগ যুগ ধৰি বসবাস কৰি আহিছে যদিও তেওঁলোকৰ মাটিৰ অধিকাৰ বা মাটিৰ পট্টা নাই ।

Mission Basundhara 2
ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া

মিছন বসুন্ধৰা ২.০ ত ৰায়তী, খাচ মাটি ক্ৰয়-বিক্ৰয় কৰা সকলকো ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছিল । খিলঞ্জীয়া ভূমিহীনক মাটিৰ অধিকাৰ দিবলৈ আৰম্ভ কৰা মিছন বসুন্ধৰা ২.০ ত মুঠ ১৩,৩৯,৬০৬ খন আৱেদন পৰিছিল যদিও ইয়াৰ ভিতৰত ১০,৮৮,৮৮৬ খন অর্থাৎ প্ৰায় ৭৫ শতাংশ আৱেদনেই নাকচ হৈছে । নাকচ হোৱা সকলৰ মাজত লাখ লাখ খিলঞ্জীয়া লোক থকাত তেওঁলোকেও ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিততেই আৱেদনসমূহ পুনৰীক্ষণ কৰিবলৈ ৩১ ডিচেম্বৰলৈ সময়সীমা বৃদ্ধি কৰা হৈছে বুলি ৰাজহ বিভাগৰ এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

Mission Basundhara 2
ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ লক্ষ্য

ৰাজহ বিভাগৰ সূত্ৰৰ মতে ১৩ লাখৰো অধিক আৱেদনৰ মাজৰ পৰা ভূমিৰ অধিকাৰ দিব পৰাকৈ যোগ্য হিতাধিকাৰী ওলাইছে মাত্ৰ ১,৩৫,৩০৭ গৰাকী । চৰকাৰী ভূমি, পি জি আৰ, ভি জি আৰ বা ৰায়তী হিচাপে তিনি পুৰুষে দখল কৰি থকাৰ তথ্য-পাতিৰ আৱশ্যক হোৱাত ভূমিৰ অধিকাৰ বিচাৰি জনোৱা আৱেদনসমূহ নাকচ হৈছে বুলি সূত্ৰটোৰ পৰা জানিব পৰা গৈছে । ভূমিৰ অধিকাৰ বিচাৰি জনোৱা ১,১৫,৪১৩ খন আৱেদন নিষ্পত্তি নোহোৱাকৈ আছে ।

লক্ষণীয় বিষয় যে, আৱেদনসমূহ নিষ্পত্তি কৰিব পৰাকৈ মিছন বসুন্ধৰা ২.০ ৰ সময় ১৮ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছিল । উল্লেখ্য যে, চৰকাৰী যিকোনো আঁচনিত পট্টা মাটি থকা প্ৰমাণ-পত্ৰৰ আৱশ্যক । প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰিবলৈ হিতাধিকাৰীয়ে মাটি থকাৰ প্ৰমাণ-পত্ৰৰ আৱশ্যক হয় ।

যুগ যুগ ধৰি চৰকাৰী, পি জি আৰ, ভি জি আৰ মাটিত বাস কৰা খিলঞ্জীয়া লোকৰ হাতত মাটিৰ পট্টা নাই । যাৰ বাবে দুখীয়া খিলঞ্জীয়া লোকসকল যোগ্যতা থকা সত্বেও চৰকাৰী বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈ আহিছে ।

উল্লেখযোগ্য যে, মিছন বসুন্ধৰাত ২.০ ত মাটিৰ অধিকাৰ বিচৰা সকলৰ ভিতৰত আছে ৰায়তী ৩৯,০৪৯ গৰাকী, বাৰ্ষিক পট্টা সলনি কৰা ১,২১,৭৯১ গৰাকী, জনজাতি সম্প্ৰদায়ৰ ২২,২৭৩ গৰাকী, চৰকাৰী ভূমিত বাস কৰি থকা ১০,৪৮,০৪০ গৰাকী, পি জি আৰ, ভি জি আৰৰ ৯৬,৭৪৪ গৰাকী, কৃষিভূমি দখল কৰি থকা ১১,৭০৯ গৰাকী ।

খিলঞ্জীয়া বৃহৎ সংখ্যক লোকৰ আবেদন নাকচ হোৱাৰ উপৰি বহুসংখ্যক খিলঞ্জীয়া লোকে নানান কাৰণত আবেদনেই কৰিব নোৱাৰিলে । যাৰ বাবে খিলঞ্জীয়া লোকৰ স্বাৰ্থত কেতবোৰ শিথিলতাৰে তথা সংশোধনীৰে বসুন্ধৰা-৩ আৰম্ভ কৰাৰ বাবে বিভিন্ন দল-সংগঠনে দাবী উত্থাপন কৰিছে । সততে খিলঞ্জীয়াৰ অধিকাৰৰ কথা কোৱা চৰকাৰখনে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : DGP জি পি সিঙক প্ৰত্যুত্তৰ আলফা স্বাধীনৰ; গুৱাহাটীত মাত্ৰ এসপ্তাহ মুকলিকৈ টহল দিয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.