ETV Bharat / state

সাতটাকৈ কৃষক সংগঠনৰ প্ৰতিবাদত উত্তাল গুৱাহাটী

author img

By

Published : Jan 23, 2021, 9:19 PM IST

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনটোতে সাতটাকৈ কৃষক সংগঠনৰ প্ৰতিবাদত উত্তাল হ'ল ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী ৷ তিনি নতুন কৃষি আইন বাতিলৰ দাবীৰে কৃষক সংগঠন কেইটাৰ প্ৰতিবাদ ৷ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গুৱাহাটীত উপস্থিত হাৰিয়ানাৰ কৃষক ৷ কৃষকৰ প্ৰতিবাদ সম্পৰ্কে অসমবাসীক সজাগ কৰাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হাৰিয়ানাৰ কৃষক ৷

7 krishak sangathan rend the air in guwahati
7 krishak sangathan rend the air in guwahati

গুৱাহাটী, 23 জানুৱাৰী: প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনটোতেই প্ৰতিবাদত কঁপিল ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী ৷ আছুৰ সমান্তৰালকৈ সাতটাকৈ কৃষক সংগঠনৰ প্ৰতিবাদে শনিবাৰে গুৱাহাটীত পৰিৱেশ উত্তাল কৰি তোলে ৷ মূলতঃ তিনিখনকৈ নতুন কৃষি আইন বাতিলৰ দাবীত গুৱাহাটী ক্লাৱত এই কৃষক সংগঠন কেইটাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আন সাতটাকৈ কৃষক সংগঠন তথা হাৰিয়ানাৰ পৰা অহা কৃষক সংগঠনৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে শনিবাৰৰ এই প্ৰতিবাদত অংশ লয় ৷

প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গুৱাহাটীত উপস্থিত হাৰিয়ানাৰ কৃষক

শনিবাৰৰ প্ৰতিবাদত অংশ লোৱা হাৰিয়ানাৰ প্ৰতিবাদকাৰী সকলে চৰকাৰে তিনি নতুন কৃষি আইন বাতিল কৰিবই লাগিব বুলি মন্তব্য কৰি লগতে এই বুলিও কয় যে তিনি নতুন কৃষি আইন বাতিলৰ দাবীৰে দিল্লী সীমান্তত অব্যাহত থকা কৃষকৰ প্ৰতিবাদৰ বিশেষ প্ৰভাৱ তেওঁলোকে অসমত দেখিবলৈ পোৱা নাই আৰু সেয়ে অসমবাসীক সজাগ কৰাৰ উদ্দেশ্যে তেওঁলোক গুৱাহাটীত উপস্থিত হৈছে ৷

উল্লেখ্য যে শনিবাৰৰ এই প্ৰতিবাদত নিখিল ভাৰত কৃষক সভাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম কৃষক শ্ৰমিক সন্থা, যুৱ ছাত্ৰ পৰিষদ, ভূমি অধিকাৰ সুৰক্ষা সমিতিকে ধৰি অসমৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংশ লয় ৷

জানিব পৰা মতে প্ৰথম অৱস্থাত গুৱাহাটীৰ ৰ’টাৰী ক্লাৱত প্ৰতিবাদকাৰী সকল সমবেত হৈ ৰাজভৱন ঘেৰাও কাৰ্যসূচী হাতত লৈছিল যদিও আৰক্ষীয়ে দুটাকৈ বেৰিকেটেৰে প্ৰতিবাদকাৰীক বাধা দিয়াৰ চেষ্টা কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷

লগতে পঢ়ক:পদে পদে মৃত্যুৰ ক্ষণ গণিছে ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্পই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.