Lecture Program Held: অসম ডাউন টাউন বিশ্ব বিদ্যালয়ত হৰি নাৰায়ণ দত্ত বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠান

author img

By

Published : Mar 18, 2023, 1:39 PM IST

Hari Narayan Dutt Baruah Memorial Lecture Program

অসম ডাউন টাউন বিশ্ব বিদ্যালয়ৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় তৃতীয় বাৰ্ষিক হৰি নাৰায়ণ দত্ত বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠান । উক্ত বক্তৃতা অনুষ্ঠানত উপস্থিত থাকে জাগৰণৰ নামৰ হিন্দী কাকতৰ সহ:সম্পাদক তথা লেখক অনন্ত বিজয়(Author Ananta Vijay) । হৰি নাৰায়ণ দত্ত বৰুৱাৰ কৰ্মৰাজীৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণৰ পোষকতা অনন্ত বিজয়ৰ(Hari Narayan Dutt Baruah Memorial Lecture Program) ।

তৃতীয় বাৰ্ষিক হৰি নাৰায়ণ দত্ত বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠান

গুৱাহাটী,১৮ মাৰ্চ: "ভাৰতীয় :জ্ঞান-সাধন পদ্ধতিৰ পৰম্পৰা অতি চহকী৷ এই চহকী পৰম্পৰাক ধবংস কৰিছিল বিদেশী আক্ৰমণকাৰী আৰু পিছলৈ বহু বছৰ ভাৰতত শাসন কৰা ঔপনিৱেশিক শক্তিসমূহে ৷" শুকুৰবাৰে অসম ডাউন টাউন বিশ্ব বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা তৃতীয় বাৰ্ষিক হৰি নাৰায়ণ দত্ত বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠানত এই মন্তব্য দৈনিক জাগৰণৰ নামৰ হিন্দী কাকতৰ সহ:সম্পাদক তথা লেখক অনন্ত বিজয়ৰ(Author Ananta Vijay) ।

'ভাৰতীয় ভাষাৰ লেখনিৰ জ্ঞান আৰু পৰম্পৰা' শীর্ষক বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰি এনে দৰে মন্তব্য কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে । তেওঁ লগতে কয় যে সেই সময়ছোৱাত কিছুসংখ্যক গৱেষকে ভাৰতীয় জ্ঞান-সাধন ব্যৱস্থাটোৰ পৱিত্ৰতা আৰু মহত্ব উন্মোচনৰ বাবে বিশেষ আদৰ্শ সন্মুখত ৰাখি কাম কৰিছিল ৷ বৃটিছ যুগত ভাৰতক সাপৰ যাদু প্ৰদৰ্শনকাৰী লোকৰ আদিৰ দেশ বুলি বহুলভাৱে প্ৰচাৰ কৰা হৈছিল(Hari Narayan Dutt Baruah Memorial Lecture Program) ৷

এই প্ৰচাৰত ভাগ লৈছিল মূলতঃ বৃটিছে আৰু বৃটিছৰ সমৰ্থক কিছুমানে ৷ লগতে হৰি নাৰায়ণ দত্ত বৰুৱাই নিজ ভাষাৰ সাহিত্যৰ বাবে যি বিস্ময়কৰ অৱদান দি থৈ গ’ল ভাৰতীয় সাহিত্যত তাৰ মূল্যায়ণ হ’ব লাগে বুলি কৈ তেওঁ হৰিনাৰায়ণ দত্ত বৰুৱাৰ অৱদানক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে ৷ অসমৰ বৈষ্ণৱ যুগৰ সাহিত্যৰ গবেষক, সংগ্ৰাহক, সম্পাদক, প্ৰকাশক, অসমৰ মুদ্ৰন শিল্পৰ অগ্ৰণী ব্যক্তি হৰিনাৰায়ণ দত্ত বৰুৱাৰ স্মৃতিত যোৱা দুটা বছৰে এই বক্তৃতাৰ আয়োজন কৰি অহা হৈছে ৷

এইবাৰৰ বক্তৃতা অনুষ্ঠান আৰম্ভ কৰা হয় জনপ্ৰিয় গায়ক শৰৎ ৰাগৰ কন্ঠৰ হৰিনাৰায়ণ দত্তবৰুৱাৰ এটি প্ৰিয় বৰগীতেৰে৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ নাৰায়ণ চন্দ্ৰ তালুকদাৰৰ আদৰণি ভাষণৰ পাছতেই মূল বক্তা অনন্ত বিজয়ক সম্বদ্ধৰ্না জনায় বিশ্ববিদ্যালয়ৰ প্ৰ’টেম উপাচাৰ্য ড৹ প্ৰণবীৰ সিঙে ৷ এই দিৱসৰ লগত সংগতি ৰাখি ড৹ ৰুবী গোস্বামী সম্পাদিত ‘সাহিত্যৰত্ন : জীৱন আৰু সাধনা’ শীর্ষক গ্ৰন্থখন উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে(Litterateur Anuradha Sharma Poojary) ৷

গ্ৰন্থখন উন্মোচন কৰি তেও কয় ‘শৈশৱৰে পৰা হৰিনাৰায়ণ দত্তবৰুৱাৰ নাম শুনি আহিছোঁ, কিন্তু তেওৰ কৰ্মৰাজিৰ বিষয়ে বিতং আলোচনা থকা কিতাপৰ সংখ্যা খুব কম ৷ এই কিতাপখনে সেই অভাৱ কিছু পৰিমাণে পুৰণ কৰিব’ ৷ বিশিষ্ট নাট পৰিচালক নয়ন প্ৰসাদে আঁত ধৰা অনুষ্ঠানত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, কণ্ঠ শিল্পী জিতুল সোনোৱাল, অধ্যাপক বন্দনা দত্ত, চলচিত্ৰ সমলোচক উৎপল দত্ত ,ড৹ পৰমানন্দ মজুমদাৰ, ড৹ অকুন্ঠিতা বৰঠাকুৰ, আৰ্কিটেক্ট বিশ্ব দত্ত, অৱনী বৰা, লেখিকা নম্ৰতা দত্ত, চিত্ৰ পৰিচালক কেনী বসুমতাৰী আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।

অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় পৰিবেশ্য কলা শাখাৰ ডীন উৎপল দত্তই ৷ হৰিনাৰায়ণ দত্তবৰুৱাৰ কৰ্মৰাজিৰ বিষয়ে গবেষণা কৰি ডক্টৰেট ডিগ্ৰি লাভ কৰা ড৹ মঞ্জু লস্কৰ আৰু জীৱনী ৰচনা কৰা বোকাখাটৰ ৰাণী বৰদলৈকো সভাত সম্বৰ্ধনা জনোৱা হয় ৷ সামৰণি ভাষণত বিশ্ববিদ্যালয়ৰ আচাৰ্য ড৹ নৰেন দত্তই সকলোকে ধন্যবাদ জনায় আৰু হৰিনাৰায়ণ দত্তবৰুৱাৰ বিষয়ে তথ্যচিত্ৰ নিৰ্মাণৰ দায়িত্ব অৰ্পন কৰে উৎপল দত্তক ৷ এই সভাত গ্ৰন্থখনৰ কেইগৰাকীমান লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰা ছাত্ৰীৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে ।

লগতে পঢ়ক: Land encroachment in Assam: ৰাজ্যৰ ৪০ লাখৰো অধিক বিঘা ভূমি বেদখলৰ কৱলত, বিধানসভাৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.