Land encroachment in Assam: ৰাজ্যৰ ৪০ লাখৰো অধিক বিঘা ভূমি বেদখলৰ কৱলত, বিধানসভাৰ তথ্য

author img

By

Published : Mar 18, 2023, 11:36 AM IST

Assam Assembly data

ৰাজ্য চৰকাৰে সময়ে সময়ে বেদখলকৃত চৰকাৰী ভূমিত উচ্ছেদ চলায় থকাৰ পিছতো ৰাজ্যত লাখ লাখ বিঘা চৰকাৰী ভূমি বেদখলৰ কবলত আছে । শেহতীয়া বিধানসভাত উন্মোচিত হোৱা এক তথ্য অনুসৰি ৰাজ্যত ৪০ লাখৰো অধিক বিঘা চৰকাৰী ভূমি বেদখল হৈ আছে (Most of Assam state land is under encroachment) ।

গুৱাহাটী, 18 মাৰ্চ : বিধানসভাত প্ৰকাশ পাইছে বেদখল সন্দৰ্ভত এক ভয়ংকৰ তথ্য ৷ ৰাজ্যৰ লাখ লাখ চৰকাৰী ভূমি বেদখলকাৰীৰ অধীনত আছে ৷ বেদখল হৈ থকা অধিকাংশ ভূমিয়ে হ'ল বন্যভূমি (Land in Assam Under encroachment) । কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শ‍ইকীয়াৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত ৰাজহ মন্ত্ৰী যোগেন মহনে শুকুৰবাৰে সদনত এই তথ্য প্ৰকাশ কৰিছে (Assam Assembly data) ।

ৰাজহ মন্ত্ৰী যোগেন মহনে শুকুৰবাৰে সদনত দিয়া তথ্য অনুসৰি ৰাজ্যত ৪০ লাখ ৩৯ হেজাৰ ৪৫০ বিঘা ভূমিত বেদখল হৈ আছে । কিলোমিটাৰ জোখত এই ভূমিৰ পৰিমাণ হ’ব প্ৰায় ৫৪০৪.৬৭ বর্গ কিলোমিটাৰ । এই বেদখলী ভূমিৰ ভিতৰত চৰকাৰী খাচ ভূমি, বন্যভূমি, জলাশয়, গো চৰণীয়া পথাৰ (ভি জি আৰ), বৃত্তিগতচৰণীয়া পথাৰ (পি জি আৰ), ৰে’লৱেৰ নামত আবণ্টিত ভূমি আৰু সত্ৰৰ ভূমি আছে ।

Assam Assembly data
বিধানসভাৰ তথ্য

ৰাজহ মন্ত্ৰী যোগেন মহনে সদনত দিয়া তথ্য মতে ৰাজ্যত সকলোতকৈ বেছি বন্যভূমি বেদখল হৈ আছে (Most of Assam state land is under encroachment)। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ বেদখলী ভূমিয়ো আছে । তথ্য মতে বেদখলী ভূমিৰ ভিতৰত ৩৬২১০২.৮৬ হেক্টৰ ভূমি হৈছে বন্যভূমি । ইয়াৰে আকৌ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ বেদখলী ভূমিৰ পৰিমাণ হৈছে ১৬৯৪৪.৯৩ হেক্টৰ । মানাহ, ডিব্ৰু-ছৈখোৱা আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত সৰ্বাধিক ভূমি বেদখল আছে ।

Assam Assembly data
বিধানসভাৰ তথ্য

তথ্য মতে মানাহত ৩৭৪০ হেক্টৰ, ডিব্ৰু-ছৈখোৱাত ৬৮২.৯৪ হেক্টৰ আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ৫০০ হেক্টৰ ভূমি বেদখল হৈ আছে । ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি বেদখল শূন্য বুলি কোৱা হৈছে । ওৰাং, দিহিং-পাটকাই আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানতো বেদখল নাই বুলি তথ্য দিয়া হৈছে ।

ইপিনে ৰাজহ মন্ত্ৰী যোগেন মহনে সদনত দিয়া তথ্য অনুসৰি, এই পর্যন্ত ৩২,৬৩৩ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে । বৰপেটাত প্ৰায় ৯৯৯ বিঘা, নগাঁৱত ৮৩৬ বিঘা, দক্ষিণ শালমাৰা মানকাচৰত ১৪ বিঘা, বঙাইগাঁৱত ১১৫ বিঘা, কাছাৰত ৩৯ বিঘা, চৰাইদেউত ১৫৭ বিঘা, দৰঙত ৪৫০৪ বিঘা, ধেমাজিত ১৯৯ বিঘা, গোৱালপাৰাত ১৭৮ বিঘা, গোলাঘাটত ১৯ বিঘা, হাইলাকান্দিত ৩৪৭ বিঘা, যোৰহাটত ২৩ বিঘা, কামৰূপত ৯৩৯ বিঘা কৰিমগঞ্জত ৫৩২ বিঘা, লখিমপুৰত ৪৮৮৯ বিঘা, মৰিগাঁৱত ৫৮ বিঘা, নলবাৰীত ২২৩ বিঘা, তিনিচুকীয়াত ৩০৯ বিঘা, ধুবুৰীত ১০২০ বিঘা, শোণিতপুৰত ১৬,৬৫০ বিঘা, বিশ্বনাথ মহকুমাত ১৫১ বিঘা আৰু কামৰূপ মহানগৰ জিলাত ৪২১ বিঘা ভূমিত উচ্ছেদ কৰা হৈছে ।

লগতে পঢ়ক : Operation against power looms products : নাহৰকটীয়া জব্দ 89 খনৰো অধিক বহিঃৰাজ্যৰ পাৱাৰলুমৰ গামোচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.