ETV Bharat / state

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চলিব ১৫ খন উৎসৱ বিশেষ ৰে'ল

author img

By

Published : Oct 23, 2020, 6:24 PM IST

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চলিব লগা ৰে'লৰ সংখ্যা বৃদ্ধি ৷ এতিয়াৰে পৰা উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চলিব ১৫ খনকৈ নতুন উৎসৱ-বিশেষ ৰে'ল ৷ উৎসৱৰ বতৰত যাত্ৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰে'ল কৰ্তৃপক্ষৰ এই বিশেষ ব্যৱস্থা গ্ৰহন ৷

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চলিব ১৫ খন উৎসৱ বিশে
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চলিব ১৫ খন উৎসৱ বিশে

গুৱাহাটী, 23 অক্টোবৰ: উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চলিব ১৫ খন নতুন উৎসৱ-বিশেষ ৰে'ল। যাত্ৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ বতৰত কেইবাখনো নতুন ৰে'ল চলোৱাৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ব্যৱস্থা গ্ৰহন কৰিছে ৷ ৰে'ল কৰ্তৃপক্ষই জানিবলৈ দিছে যে যাত্ৰীৰ অসুবিধাৰ প্ৰতি ৰে'লৰ সংখ্যা বৃদ্ধি কৰা হৈছে ৷ পূৰ্বতে 13 খন উৎসৱ-বিশেষ ৰে'ল চলাচল কৰি আছিল যদিও উক্ত পদক্ষেপ অনুসৰি পুনৰ দুখন নতুন ৰে'ল সংযোজিত হোৱাত এতিয়াৰে পৰা উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চলিব মুঠ ১৫খন নতুন উৎসৱ-বিশেষ ৰে'ল। এতিয়াৰে পৰা চলিব লগা এই উৎসৱ-বিশেষ ৰে'ল সমূহৰ ভিতৰত আছে গুৱাহাটী-মুম্বাই এক্সপ্ৰেছ, ডিব্ৰুগড়-নতুন দিল্লী, কামাখ্যা-আম্বেদকাৰ নগৰ এন. ই এক্সপ্ৰেছকে ধৰি কেইবাখনো বিশেষ ৰে'ল।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চলিব ১৫ খন উৎসৱ বিশেষ ৰে'ল

উল্লেখ্য যে অতিমাৰী কৰ'ণাৰ বাবে বিগত ২৪ মাৰ্চৰ পৰা দেশত বন্ধ হৈ আছিল ৰে'ল সেৱা। সম্প্ৰতি আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে পৰ্যায়ক্ৰমে ৰে'লসমূহ চলাচল কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৰে'ল কৰ্তৃপক্ষই। সিদ্ধান্ত অনুসাৰে দুৰণিবটীয়া ৰে'লসমূহ চলাচল কৰিব যদিও ৰে'ল বিভাগে স্থানীয় কোনো ৰে'ল চলাচলৰ সিন্ধান্ত গ্ৰহন কৰা নাই ৷ এই সম্পৰ্কত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে জানিবলৈ দিয়ে যে স্থানীয় ৰে'লৰ চলাচলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিজাববীয়া সিন্ধান্ত ল'ব ৷

লগতে পঢ়ক: অৱশেষত নিলম্বন হ'ল কুমাৰ সঞ্জিৎ কৃষ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.