ETV Bharat / state

নিবনুৱা সমস্যা সমাধানৰ বাবে গুৰুত্ব আৰোপ কৰা নাই বিজেপিয়েঃঅংকিতা দত্ত

author img

By

Published : Jan 24, 2020, 6:43 PM IST

youth congress protest at jorha
যোৰহাটত যুৱ কংগ্ৰেছৰ সংবাদমেল

ৰাজ্য তথা দেশৰ নিবনুৱা সমস্যা সমাধানক কেন্দ্ৰ কৰি যোৰহাটত যুৱ কংগ্ৰেছৰ সংবাদমেলৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী

যোৰহাট,24 জানুৱাৰীঃ ৰাজ্য তথা দেশত নিবনুৱা সমস্যা এক ব্যাধিলৈ পৰিণত হোৱা বিষয়ক কেন্দ্ৰ কৰি যোৰহাটত এক সংবাদ মেল অনুষ্ঠিত কৰে যুৱ কংগ্ৰেছে। সংবাদ মেলখনত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্তৰ লগতে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক মেঘনাথ ছেত্ৰী উপস্থিত থাকে। ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতী সকলৰ বাবে এটা টোল ফ্ৰী নম্বৰ মুকলি কৰি উক্ত নম্বৰত তেওঁলোকক মিছ কল দিবৰ বাবে আহ্বান জনায়। পৰৱৰ্তী সময়ত এই মিছ কলৰ সহায়ত কিমান যুৱক যুৱতী নিবনুৱা হৈ আছে সেই বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অৱগত কৰিব যুৱ কংগ্ৰেছে।

youth congress protest at jorhat
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ
আনহাতে যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ মুক্তিৰ দাবীত শুকুৰবাৰে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে উত্তাল কৰি তোলে যোৰহাটৰ ৰাজপথ। যুৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক, সভানেত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম আৰক্ষীয়ে প্ৰায় ৩২ টাকৈ গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰা যুৱ কংগ্ৰেছৰ কামৰুল ইছলামক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায়। আনহাতে যোৰহাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা সমদল কৰি প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে যোৰহাট জিলা প্ৰশাসনৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
যোৰহাটত যুৱ কংগ্ৰেছৰ সংবাদমেল

লগতে পঢ়কঃমুখ্যমন্ত্ৰীৰ গৃহ চহৰত ফুটবল খেল খেলি কাৰ বিৰুদ্ধে প্ৰতিবাদত নামিব জুবিন গাৰ্গ

Intro:দেশত ভয়াবহ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই বিজেপি চৰকাৰে।।


Body:ৰাজ্যত তথা দেশৰ বাবে নিবনুৱা সমস্যা যে এক ব্যাধিলৈ পৰিণত হৈছে সেই লৈ এক সংবাদ মেল অনুষ্ঠিত কৰে যূৱ কংগ্ৰেছে।সংবাদ মেলখনত যূৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্তৰ লগতে যূৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক মেঘনাথ ছেত্ৰী উপস্থিত থাকে।ৰাজ্যখনৰ নিবনুৱা যূৱক যূৱতী সকলৰ বাবে এটা টল ফ্ৰী নম্বৰ মুকলি কৰি উক্ত নম্বৰত মিছ কল দিবৰ বাবে আহ্বান জনায়।পৰবৰ্তী সময়ত এই মিছ কলৰ সহায়ত কিমান যূৱক যূৱতী নিবনুৱা হৈ আছে সেই বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱগত কৰিব যূৱ কংগ্ৰেছে।

আনহাতে যূৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ মুক্তিৰ দাবীত আজি যূৱ কংগ্ৰেছৰ কৰ্ম কৰ্তা সকলে উত্তাল কৰি তোলে যোৰহাটৰ ৰাজপথ।যূৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক, সভানেত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম আৰক্ষী য়ে প্ৰায় ৩২ টাকৈ গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰা যূৱ কংগ্ৰেছৰ কামৰুল ইছলামক বিনাচৰ্তে মুক্তি দিবৰ দাবী জনাই।আনহাতে যোৰহাট জিলা কংগ্ৰেছৰ কাৰ্যালয় পৰা সমদল কৰি প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে যোৰহাট জিলা প্ৰশাসনৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।



Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.