ETV Bharat / state

বিদ্যুৎ বিভাগৰ গাফিলতিত প্ৰাণ গ'ল এগৰাকী মহিলাৰ

author img

By

Published : May 7, 2021, 5:27 PM IST

women-died-in-jorhat-after-she-touch-an-electric-post
বিদ্যুৎ বিভাগৰ গাফিলতিত প্ৰাণ গ'ল এগৰাকী মহিলাৰ

মৰিয়নীত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল এগৰাকী মহিলাৰ ৷ এই ঘটনাৰ পাছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰাৰ লগতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰো ৷

যোৰহাট, 7 মে’ : মৰিয়নীৰ নিউ সোণোৱাল অঞ্চলত বিদ্যুতৰ তাঁৰ পৰিবাহী খুটাত স্পৰ্শ কৰি প্ৰাণ গ’ল এগৰাকী মহিলাৰ । জানিব পৰা মতে, মৰিয়নীৰ নিউ সোণোৱাল অঞ্চলৰ গোলাপী নাথ নামৰ ৬০ বছৰীয়া মহিলা গৰাকীয়ে নিজৰ বাৰীৰ ভিতৰেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটাৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যুক সাৱটি লয় ।

অভিযোগ অনুসৰি, বিদ্যুৎ বিভাগৰ বিভাগীয় ব্যক্তিৰ ভুলৰ বাবেই বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটাটোৱেদি বিদ্যুৎ প্ৰবাহ হৈ আছিল । এই ঘটনাৰ পাছতে পাছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰাৰ লগতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰো ৷


লগতে পঢ়ক: বজালী জিলাত 18 বছৰৰ উৰ্ধৰ ব্যক্তিক ভেকচিন প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.