ETV Bharat / state

তিতাবৰত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Feb 2, 2021, 10:08 PM IST

titabar-assa-protesred
তিতাবৰত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

তিতাবৰত আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী মহিলা জাগৰণ সন্থাৰ প্ৰতিবাদ । অবৈধ জুৱা, অবৈধ চুলাই মদ বিক্ৰী বন্ধ কৰা আৰু কুকুৰা যুঁজ বন্ধ কৰাৰ দাবীত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ ৷

তিতাবৰ, 2 ফেব্ৰুৱাৰী : তিতাবৰত অবৈধ জুৱা, অবৈধ চুলাই মদ বিক্ৰী বন্ধ কৰা আৰু কুকুৰা যুঁজ বন্ধ কৰাৰ দাবীত আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী মহিলা জাগৰণ সন্থাৰ প্ৰতিবাদ । তিতাবৰ খৰিকতিয়া তিনি আলিত তিনিঘণ্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে । বিভিন্ন শ্ল‘গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে যোৰহাট জিলা উপায়ুক্ত, আৱকাৰী অধীক্ষক লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ।

তিতাবৰত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

উল্লেখ্য যে, অবৈধ জুৱা, অবৈধ চুলাই মদ আৰু কুকুৰা যুঁজৰ ফলত সমগ্র খৰিকতিয়া অঞ্চলটোত শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে বিভিন্ন অপৰাধ মূলক ঘটনা বৃদ্ধি পাইছে । অতি শীঘ্ৰে এই দাবী সমূহ পুৰণ নকৰিলে আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ কৰাৰো হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী সকলে ।
লগতে পঢ়ক: লকডাউনত কঠোৰ নিষেধাজ্ঞাৰ মাজতো ত্ৰিপুৰাত দুৰ্ঘটনাত 192 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.