Theft in Jorhat: বেকাৰী দোকানত গাত কেক সানি চোৰে পালিলে আনন্দ উৎসৱ

author img

By

Published : May 24, 2023, 5:35 PM IST

Updated : May 24, 2023, 10:39 PM IST

Theft in Jorhat

বেকাৰী দোকানত সোমাল চোৰ ৷ প্ৰথমে চকু চন্দুকত, তাৰ পাচত কেকত ৷ চুৰি কৰিবলৈ আহি গায়ে-মুখে কেক চোৰে কৰিলে উল্লাস ৷ শাৰী শাৰীকৈ সজাই থোৱা কেকসমূহৰ পৰা দুই-এটা কেক লৈ চোৰে খেলিলে কেকৰ ফাকু (Theft in Jorhat) ৷ চিচিটিভিত আবদ্ধ চোৰৰ ধেমালি...

বেকাৰী দোকানত গাত কেক সানি চোৰে পালিলে আনন্দ উৎসৱ

যোৰহাট, 24 মে’: যোৰহাট নগৰৰ মাজমজিয়াত মঙলবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ড ৷ নগৰখনৰ বৰুৱা চাৰিআলিত থকা মণিষা বেকাৰী নামৰ প্ৰতিষ্ঠানখনত নিশা চোৰে চলালে অভিযান ৷ চাটাৰ ভাঙি দোকানত প্ৰবেশ কৰা চোৰ দুটাৰ সকলো কাণ্ড বন্দী হৈ ৰ’ল চি চি টিভি কেমেৰাত ৷ চোৰৰ ৰূপ দেখিলে আপুনি হাঁহিবই নে কান্দিব (Theft in Jorhat)!

চোৰো চোৰ, আচৰিত চোৰ ৷ প্ৰথমে চাটাৰ ভাঙি সোমাল দোকানখনত ৷ তাৰ পাচত চলালে কেচ বক্সৰ চাফাই অভিযান ৷ কেচ বক্সৰ পৰা ধন লুট কৰাৰ পাচত দুই চোৰে ইটোৱে সিটোৰ গাত ঘঁহিলে কেক, যেন জন্মদিন হে উদযাপন কৰিছে দুয়োটাই ৷ 12 হাজাৰ টকা লুটি যোৱাৰ সময়ত লেপটপ আৰু চি চি কেমেৰা নষ্ট কৰি গ’ল দুয়োটা চোৰে ৷ পিচে সিহঁতৰ কপাল বেয়া আছিল ৷ দুয়োটাৰে সমগ্ৰ কাণ্ডৰ ৰেকৰ্ড থাকি গ’ল (Thieves looted bakery shop in Jorhat) ৷

উল্লেখ্য যে, বৰ্তমান যোৰহাট নগৰ চোৰ আৰু বিভিন্ন অপৰাধী ৰম্যভূমি হৈ পৰা বুলি বহুতেই অভিযোগ কৰিছে । চোৰৰ এনে অতপালি ৰোধ কৰাৰ ক্ষেত্ৰত যোৰহাট আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে । কেইদিনমান আগতে ধৰ্মীয় অনুষ্ঠান লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানতো চোৰে চলাইছিল লুট-পাত । ফলত এতিয়া বাৰুকৈয়ে নিৰাপত্তাহীনতা ভুগিছে যোৰহাটবাসী (Jorhat theft news)।

তাৎপৰ্যপূৰ্ণ যে, নিশাৰ ভাগত যোৰহাট নগৰৰ আশে-পাশে টহলদাৰী নিৰাপত্তাবাহিনীৰ জোৱান নিয়োজিত হৈ থাকে বুলি আৰক্ষী শীৰ্ষ মহলে দাবী কৰি আহিছে ৷ কিন্তু চোৰৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পৰা নাই যোৰহাট আৰক্ষীয়ে । এই গুৰুতৰ অভিযোগ যোৰহাট বাসীৰ ।

লগতে পঢ়ক: Smugglers of fake gold:লখিমপুৰত থানাই থানাই নকল সোণ, জালনোটৰ ব্যৱসায়ীৰ ভিৰ

মণিষা বেকাৰী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠাখনত চোৰে চলোৱা লুট-পাতৰ বিৰুদ্ধে পুৱাই বেকাৰীৰ সত্বাধিকাৰীগৰাকীয়ে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে । ইতিমধ্যে নগৰখনৰ মজিয়াত চলি থকা লুট-পাটৰ পিচত ব্যৱসায়ীসকলে আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাই নিজেই একত্ৰিত হৈ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত নৈশ চকীদাৰ নিয়োজিত কৰাৰ কথা ঘোষণা কৰিছে । যোৰহাট আৰক্ষী বাবে ইয়াতকৈ লজ্জাজনক ঘটনা একোৱেই হ'ব নোৱাৰে সচতেন মহলে ক্ষোভ প্ৰকাশ কৰিছে ।

Last Updated :May 24, 2023, 10:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.