ETV Bharat / state

টীয়কত গণতন্ত্ৰ দিৱস উদযাপন

author img

By

Published : Jan 26, 2021, 12:53 PM IST

টীয়কত গণতন্ত্ৰ দিৱস উদযাপন
টীয়কত গণতন্ত্ৰ দিৱস উদযাপন

টীয়ক হাইস্কুল খেলপথাৰত টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়,পৌৰসভাৰ উদ্যোগত উদযাপন কৰা হয় ৭২ সংখ্য়ক গণতন্ত্ৰ দিৱস । অনুষ্ঠানত পতাকা উত্তোলন কৰে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লীনা পাৱে ।

টীয়ক,২৬ জানুৱাৰী : সমগ্ৰ ৰাজ্য়ৰ লগতে যোৰহাটৰ টীয়কতো গণতন্ত্ৰ দিৱস পালন কৰা হয় । কেন্দ্ৰীয়ভাৱে টীয়ক হাইস্কুল খেলপথাৰত টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়,পৌৰসভাৰ উদ্যোগত আৰু টীয়কবাসীৰ সহযোগত আয়োজন কৰা হয় গণতন্ত্ৰ দিৱস । কেন্দ্ৰীয়ভাৱে আয়োজিত এই অনুষ্ঠানত জাতীয় পতাকা উত্তোলন কৰে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লীনা পাৱে ।

পতাকা উত্তোলনৰ লগে লগে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডত অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানতে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় ।

লগতে পঢ়ক :কলগাছিয়াত ৭২তম গণৰাজ্য দিৱস উৎযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.