ETV Bharat / state

চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও বাণিজ্য সন্থাৰ

author img

By

Published : Feb 15, 2021, 2:14 PM IST

Updated : Feb 15, 2021, 3:30 PM IST

টীয়কত বাণিজ্য সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী
টীয়কত বাণিজ্য সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

যোৰহাট বাইপাছ আৰু জাঁজী দলং সংযোগী পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে টীয়ক বাণিজ্য সন্থাই । টীয়কৰ বৰা বজাৰৰ পৰা সমদল উলিয়ায় প্ৰতিবাদকাৰীসকলে । লগতে চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

টীয়ক, ১৫ ফেব্ৰুৱাৰী: টীয়ক বাণিজ্য সন্থাৰ প্ৰতিবাদত উত্তাল ৰাজপথ । পথ নিৰ্মাণত সংঘটিত বিসংগতি দূৰ কৰাৰ দাবী জনাই ক্ষুদ্ধ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে চক্ৰ বিষয়াৰ কাৰ্যালয় । ২০১৪ চনতে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম আৰম্ভ হৈছিল যদিও যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত পথছোৱাৰ কাম অতি নিম্ন মানৰ, বিসংগতিপূৰ্ণ আৰু অতি লেহেমীয়া গতিত চলিছে বুলি অভিযোগ তুলি বিভিন্ন সময়ত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও বাণিজ্য সন্থাৰ

এই সন্দৰ্ভত প্ৰশাসনক স্থানীয় লোকসকলে বহুবাৰ আবেদন জনাইছে যদিও কোনো সুফল নোপোৱাত ক্ষোভিত হৈ সোমবাৰে টীয়ক বাণিজ্য সন্থাৰ উদ্যোগত সকলো ব্যৱসায়ী ৰাজপথলৈ ওলাই আহে । টীয়কৰ বৰা বজাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সমদল উলিয়ায় ব্যৱসায়ীসকলে । ইয়াৰ পিছতে প্ৰতিবাদকাৰীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে । লগতে সকলো বিসংগতিপূৰ্ণ কাম অহা মাৰ্চ মাহৰ ভিতৰত সম্পাদন কৰিবলৈ দাবী জনাই চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । এই দাবীসমূহ মানি নল'লে জংগী আন্দোলন কৰাৰো হুংকাৰ দিয়ে ব্যৱসায়ীসকলে ।

উল্লেখ্য যে, প্ৰায় দুমাহ পূৰ্বে টীয়ক নগৰৰ দুইকাষে ছাৰ্ভিচ ৰোড নিৰ্মাণৰ বাবে দ'কৈ গাঁত খান্দি আজি পৰ্যন্ত কাম সম্পূৰ্ণ নকৰাত নগৰখনৰ ব্যৱসায়িক প্ৰতিস্থানসমূহলৈ গ্ৰাহক অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । লগতে বিভিন্ন অঞ্চলত ক্ৰুটিপূৰ্ণ নলা নিৰ্মাণ কৰাৰ বাবে কৃত্ৰিম বানৰ আশংকা কৰি স্থানীয় লোকে বহুবাৰ প্ৰশাসন তথা ঊৰ্ধতম কৰ্তৃপক্ষক আবেদন জনাইছিল । কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়ে, সোমবাৰে প্ৰতিবাদত নামিল টীয়ক বাণিজ্য সন্থা ।

লগতে পঢ়ক: আমগুৰিৰ চাহ শ্ৰমিকৰ ভোট বৰ্জনৰ হুংকাৰ

Last Updated :Feb 15, 2021, 3:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.