ETV Bharat / state

টীয়কত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Feb 4, 2021, 9:18 PM IST

টীয়কত ভয়ংকৰ অগ্নিকাণ্ড
টীয়কত ভয়ংকৰ অগ্নিকাণ্ড

টীয়কৰ জাঁজীমুখত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাত কেইবালাখ টকাৰ সা-সম্পত্তি নষ্ট হয় ।

টীয়ক,৪ফেব্ৰুৱাৰী: যোৰহাটৰ টীয়কত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । জাঁজীমুখৰ ওপৰ শগুনপাৰাত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত জাহ গ'ল কেইবাগৰাকী লোকৰ বাসগৃহ । ভুক্তভোগী প্ৰশান্ত কায়ুং আৰু অন্তৰা কায়ুঙৰ ঘৰৰ সকলো সামগ্ৰী জুইত জাহ যোৱাৰ ফলত দিশহাৰা হয় পৰিয়ালকেইটা ।

টীয়কত ভয়ংকৰ অগ্নিকাণ্ড

শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰে স্থানীয় লোকসকলে । ইফালে ভুক্তভোগী পৰিয়ালকেইটাই জনোৱা মতে জুইৰ ফলত তেওঁলোকৰ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয় ।

লগতে পঢ়ক:চাইকেল ৰেলীৰে নিৰ্বাচনী চমক সৃষ্টিৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.