ETV Bharat / state

সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত টীয়কত আছুৰ ক'লা পতাকা উত্তোলন

author img

By

Published : Feb 18, 2021, 6:58 PM IST

সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত টীয়কত আছুৰ ক'লা পতাকা উত্তোলন
সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত টীয়কত আছুৰ ক'লা পতাকা উত্তোলন

যোৰহাটত সাংবাদিক নিগ্ৰহৰ ঘটনাৰ প্ৰতিবাদত জিলা আছুৰ আহ্বানত টীয়কৰ ৰাজহুৱা স্থানত ক'লা পতাকা উত্তোলন । দোষীক উচিত শাস্তিৰ দাবী আছু কৰ্মীসকলৰ ।

টীয়ক,১৮ ফেব্ৰুৱাৰী: যোৰহাট জিলাৰ সাংবাদিকক দুবৃত্তই আক্ৰমণ কৰা ঘটনাত গৰিহণা দিয়াৰ লগতে টীয়কত সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ স্বৰূপে টীয়ক ৰাজ্যিক বাছ আস্থানৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত ক'লা পতাকা উত্তোলন কৰিলে যোৰহাট জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলে । সাংবাদিকক আক্ৰমণ কৰা দুস্কৃতিকাৰীক উচিত শাস্তিৰ দাবী তোলে ছাত্ৰ সন্থাৰ কৰ্মীসকলে । লগতে তেওঁলোকে অভিযোগ তোলে যে বিজেপি চৰকাৰৰ আশীৰ্বাদত একাংশ দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল সাংবাদিক লগতে আটাছু নেতাক । দোষীক উপযুক্ত শাস্তি দিয়াৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সুৰক্ষা প্ৰদান কৰিবলৈ অসমৰ গৃহ বিভাগক দাবী জনাই আছু কৰ্মীসকলে ।

উল্লেখ যে যোৱা ১৬ ফেব্ৰুৱাৰীত নিশা যোৰহাটস্থিত প্ৰতিদিন টাইমৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ কৰিছিল । এই ঘটনাত সাংবাদিকসহ কেইবাগৰাকী লোক আহত হৈছিল । যোৰহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে ঘটনাৰ লগত জড়িত কেইবাজনকো আটক কৰিছে ।

লগতে পঢ়ক:তিনিচুকীয়াত ৭টা আপুৰুগীয়া বনৰৌ সহ দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.