ETV Bharat / state

ভগামুখ আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱ-২

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 2:14 PM IST

Bhagamukh Model Hospital
ভগামুখ আদৰ্শ চিকিৎসালয়

দ্বিতীয়বাৰলৈ ৰাজ্যত 'স্বাস্থ্য সেৱা উৎসৱ-২' অনুষ্ঠিত কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৷ টীয়ক এফ আৰ ইউ আৰু ভগামুখ আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱৰ মূল্যায়ন আৰম্ভ ।

ভগামুখ আদৰ্শ চিকিৎসালয়

টীয়ক, ২২ নৱেম্বৰ : অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত অসমত স্বাস্থ্য সেৱা উৎসৱ -২ আৰম্ভ হৈছে । উক্ত উৎসৱৰ অংশ হিচাপে টীয়ক সমষ্টিৰ অন্তৰ্গত টীয়ক এফ আৰ ইউ আৰু ভগামুখ আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱৰ মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে ।

ইপিনে, ভগামুখ আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱৰ মূল্যায়নৰ কাৰ্যসূচীত বহিঃমূল্যায়ক হিচাপে গীতাৰ্থ বৰুৱা, বহিঃনিৰূপক ডাঃ অৰ্পিতা দেৱ, কীৰ্তি কমল শইকীয়া, ভাস্কৰ গগৈ প্ৰমুখ্যে বিষয়াসকলে চিকিৎসালয়ৰ আন্তঃগাঠনিকে ধৰি বিভিন্ন দিশ সামৰি মূল্যায়ন কৰে । টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, ভগামুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দুলুমনি কলিতা, ভগামুখ আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক ডাঃ দীপা ঠাকুৰীয়াকে প্ৰমুখ্য কৰি স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলে মূল্যায়ন প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়ায় ।

সামগ্ৰিকভাৱে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁঠনি উন্নীতকৰণ আৰু জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখি আৰম্ভ হোৱা এই স্বাস্থ্য সেৱা উৎসৱ-২ৰ টীয়ক এফ আৰ ইউত বহিঃমূল্যায়ক হিচাপে আৰক্ষী অধীক্ষক (এফআৰআৰঅ') সুবোধ সোণোৱালে অংশগ্ৰহণ কৰে । তদুপৰি বহিঃনিৰূপক হিচাপে টীয়ক চক্ৰ বিষয়া বেদান্ত বৰুৱা, ডাঃ জুলী ৰাজখোৱা,ডিপিঅ' মুনমী দত্ত, টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া,যোৰহাটৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ শশীধৰ ফুকন, অনন্যা বৰদলৈকে (ডি এম ই) আদি কৰি স্বাস্থ্য বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়া সকলে অংশগ্ৰহণ কৰে ।

উল্লেখ্য় যে অসম চৰকাৰে ৰাজ্যত স্বাস্থ্য সেৱাৰ মান অধিক উন্নত কৰাৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে । সেই উদ্দেশ্যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰি আহিছে স্বাস্থ্য মেলা । সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ ।

লগতে পঢ়ক:হোজাই জিলাত আজিৰে পৰা স্বাস্থ্য সেৱা উৎসৱ-২ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.