ETV Bharat / state

উপ-নিৰ্বাচন : মৰিয়নীত Suspense Thriller

author img

By

Published : Oct 8, 2021, 7:11 PM IST

suspense thriller in mariani lac for upcoming by election
মৰিয়নীত suspense thriller

শুকুৰবাৰে মৰিয়নী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে সমষ্টিটোত প্ৰাৰ্থীত্ব আগবঢ়োৱা তিনিজনকৈ প্ৰাৰ্থীয়ে । বিজেপি-কংগ্ৰেছ-ৰাইজৰ দলৰ মাজত চাচপেঞ্চ থ্ৰীলাৰৰ আশা কৰা হৈছে সমষ্টিটোত ৷

তিতাবৰ, 8 অক্টোবৰ : মৰিয়নী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে সমষ্টিটোত প্ৰাৰ্থীত্ব আগবঢ়োৱা তিনিজনকৈ প্ৰাৰ্থীয়ে । বিজেপিৰ ৰূপজ্যোতি কুৰ্মী, কংগ্ৰেছৰ লোহিত কোঁৱৰ আৰু ৰাইজৰ দলৰ সঞ্জীৱ গগৈয়ে নিজা নিজা সমৰ্থক সহ শুকুৰবাৰে দুপৰীয়া তিতাবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে ।

মৰিয়নীত suspense thriller

বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক সংগ দিবলৈ দুপৰীয়া তিতাবৰত উপস্থিত হয় স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীৰ লগতে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা,সাংসদ কামাখ্যা প্ৰসাদ তাচা,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি বিজেপিৰ কেইবাজনো শীৰ্ষ নেতাই সংগ দিয়ে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক । ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে উপ নিৰ্বাচনত আটাইকেইখন আসন বিজেপিয়ে লাভ কৰিব মন্তব্য কৰাৰ লগতে এই নিৰ্বাচন বিজেপিৰ বাবে তিলমানো চিন্তাৰ কাৰণ নহয় বুলি অভিহিত কৰে ।

ইফালে ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । অখিল গগৈয়ে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক ক্ষুৰধাৰ সমালোচনা কৰি কুৰ্মীক বিশ্বাসঘাতক আখ্যা দি ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হাতত তেওঁ নিৰ্বাচনত ধৰাশায়ী হ'ব বুলিও মন্তব্য কৰে । ঠিক সেইদৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী লোহিত কোঁৱৰৰ মনোনয়নৰ সময়তো একাংশ শীৰ্ষ কংগ্ৰেছ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : ৰাজকন্যাক আই চি ইউত মই ৰখা নাছিলোঁ : ডাঃ নভনীল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.