ETV Bharat / state

টীয়কত কৃতী ছাত্ৰীক সম্বৰ্ধনা

author img

By

Published : Jan 9, 2021, 7:11 PM IST

টীয়কত কৃতী ছাত্ৰীক সম্বৰ্ধনা
টীয়কত কৃতী ছাত্ৰীক সম্বৰ্ধনা

টীয়ক উচ্চতৰ বালিকা বিদ্যালয়ৰ কৃতী ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্য়ে শনিবাৰে বিদ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্য়মিক চূড়ান্ত পৰীক্ষাত সুখ্য়াতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ।

যোৰহাট,৯ জানুৱাৰী : বিগত বছৰৰ দৰে টীয়কৰ অন্যতম চৰকাৰী বিদ্যালয় টীয়ক উচ্চতৰ বালিকা বিদ্যালয়ৰ কৃতী ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্য়ে শনিবাৰে বিদ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডা: মহানন্দ নেওগৰ সভাপতিত্বত আয়োজিত এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অৰ্ধ সামৰিক বাহিনীৰ ১২৮নং বেটেলিয়নৰ কামাণ্ডেন্ট ডা: স্নিগ্ধা চেতীয়া আৰু সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ টীয়কলৈ গৌৰৱ কঢ়িয়াই অনা ৰন্টু বৰুৱা উপস্থিত থাকে । লগতে বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া,প্ৰাক্তন অধ্যক্ষ ৰত্নেশ্বৰ গগৈ,মিনতি বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি কৃতী ছাত্ৰীসকলক উৎসাহিত কৰে ।

উক্ত অনুষ্ঠানতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত পঞ্চম স্থান প্ৰাপ্ত টীয়কৰ সুসন্তান অংকুৰ জ্যোতি ভুঞা,বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতী ছাত্ৰীক সম্বৰ্দ্ধনা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্য়াতিৰে উত্তীৰ্ণ হোৱা চন্দনা শইকীয়াক সম্বৰ্দ্ধনা জনোৱা হয় । লগতে বিভিন্ন শিতানত দাতা পৰিয়ালে কৃতী ছাত্ৰীসকলক বঁটা প্ৰদান কৰে ।

উক্ত অনুষ্ঠানতে বিদ্যালয়ৰ পৰা বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক পোৱা বিষয় শিক্ষকসকলকো একোটিকৈ বঁটা আৰু ৰিটেইল ট্ৰেডৰ বিষয় শিক্ষক শিব দাসক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়।


লগতে পঢ়ক :উপায়ুক্ত কাৰ্যালয়ৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিধায়ক অশোক শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.