ETV Bharat / state

যোৰহাটত এগৰাকী সচিবে দায়িত্ব ল'বলগীয়া হৈছে কেইবাখনো পঞ্চায়তৰ

author img

By

Published : Aug 6, 2021, 3:41 PM IST

যোৰহাট জিলাত থকা ৯০ খন গাঁও পঞ্চায়তৰ ভিতৰত মাত্ৰ ৩৯ খন পঞ্চায়ততহে আছে সচিব । এগৰাকী পঞ্চায়ত সচিবে দায়িত্ব হৈছে কেইবাখনো গাঁও পঞ্চায়তৰ । কৰ্মচাৰীৰ অভাৱৰ বাবে আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰতো আহি পৰিছে যথেষ্ট অসুবিধা ।

Staff shortage in Panchayat and Rural Development Department
যোৰহাটত এগৰাকী সচিবে দায়িত্ব ল'বলগীয়া হৈছে কেইবাখনো পঞ্চায়তৰ

টীয়ক, ৬ আগষ্ট: ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজ কেনেদৰে চলিছে সেয়া দেখিলে হতভম্ব হ'ব আপুনিও । যি সময়ত গ্ৰামাঞ্চলৰ উন্নয়নৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰি ন-ন আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰিছে সেই সময়ত এই বিভাগটোত প্ৰয়োজনীয় বিষয়া, কৰ্মচাৰীৰ অভাৱৰ বাবে আঁচনিসমূহ ৰূপায়ণত অন্তৰায়ৰ সৃষ্টি হৈছে ।

বিশেষকৈ গাঁও পঞ্চায়তসমূহত সচিবৰ অভাৱে গ্ৰামোন্নয়নৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে বাধাগ্ৰস্ত কৰি তুলিছে । যোৰহাট জিলাত থকা ৯০ খন গাঁও পঞ্চায়তৰ বিপৰীতে পঞ্চায়ত সচিব আছে কেৱল ৩৯ জন । ইয়াৰে তিনিগৰাকী সচিবক স্বাস্থ্যজনিত কাৰণত সচিব পদৰ পৰিৱৰ্তে কাৰ্যালয়ত কাৰ্যনিৰ্বাহৰ অনুমতি প্ৰদান কৰা হৈছে । ফলত বাকী সচিবসকলৰ এজন সচিবে তিনি-চাৰিখন গাঁও পঞ্চায়তৰ সচিবৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে ।

যোৰহাটত এগৰাকী সচিবে দায়িত্ব ল'বলগীয়া হৈছে কেইবাখনো পঞ্চায়তৰ

এনেদৰে এজন সচিবে কেইবাখনো পঞ্চায়তৰ দায়িত্ব ল'বলগীয়া হোৱাৰ বাবে নানান অসুবিধা আহি পৰিছে । তদুপৰি উন্নয়নৰ বাবে আবন্টিত পুঁজি সঠিক সময়ত ৰূপায়ণৰ বাবে মুকলি কৰি দিব নোৱাৰাত স্তব্ধ হৈ পৰিছে উন্নয়নমূলক কাম-কাজ ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিভাগটোৰ কাম-কাজ ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰি তোলাৰ কথা সভাই-সমিতিয়ে কৈ আহিছে যদিও বিভাগটোত বিষয়া, কৰ্মচাৰীৰ অভাৱৰ বাবে উন্নয়নমূলক কাম-কাজ স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে । কলিয়াপানী খণ্ড উন্নয়ন বিষয়াই জনোৱা মতে, কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনৰ ১০ খন গাঁও পঞ্চায়তৰ কাম বৰ্তমান ৫ জন সচিবে চলাবলগীয়া হৈছে ।

কোনো কোনো পঞ্চায়তত গ্ৰাম সেৱকে চলাইছে পঞ্চায়তৰ কাম । আনহাতে, পঞ্চায়ত সভানেত্ৰী মেঘালী বৰাই চৰকাৰক প্ৰতিখন পঞ্চায়তত সচিব নিযুক্তি দিবলৈ আহ্বান জনাইছে, যাতে প্ৰতিখন পঞ্চায়তৰ কাম সুচাৰুৰূপে পৰিচালিত হয় ।

লগতে পঢ়ক:দলং মেৰামতিত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.