ETV Bharat / state

টীয়কত 'ৰাইজৰ দল'ৰ যোগদান সমাৰোহ

author img

By

Published : Feb 5, 2021, 10:02 PM IST

টীয়কত 'ৰাইজৰ দল'ৰ যোগদান সমাৰোহ
টীয়কত 'ৰাইজৰ দল'ৰ যোগদান সমাৰোহ

ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ ১০২ নং টীয়ক সমষ্টিতো শুকুৰবাৰে এক যোগদান কাৰ্যসূচী ৰূপায়ণ কৰে নতুনকৈ গঠন হোৱা 'ৰাইজৰ দলে' ।

টীয়ক,৫ ফেব্ৰুৱাৰী: নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এতিয়া অসমৰ ৰাজনৈতিক দলসমূহৰ মাজত অধিক তৎপৰতা বৃদ্ধি পাইছে । নতুনকৈ গঠন হোৱা আঞ্চলিক দল সমূহেও বিভিন্ন স্থানত আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । সমান্তৰালকৈ দলসমূহত যোগদানৰ অঘোষিত প্ৰতিযোগীতা চলা দেখিবলৈ পোৱা গৈছে । ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ ১০২ নং টীয়ক সমষ্টিতো শুকুৰবাৰে এক যোগদান কাৰ্যসূচী ৰূপায়ণ কৰে নতুনকৈ গঠন হোৱা 'ৰাইজৰ দলে' ।

টীয়কত 'ৰাইজৰ দল'ৰ যোগদান সমাৰোহ

টীয়ক সমষ্টিৰ নৱ গঠিত 'ৰাইজৰ দল'ৰ বামুণপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত জাঁজী চুড়ামণি গাঁৱত এখনি দলীয় সমাবেশ আৰু যোগদান কায্যসূচী আয়োজন কৰা হয় । উক্ত সমাবেশত জিলা পৰ্য্যায়ৰ দলীয় কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকি ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিক তীব্ৰ ভাষাৰে সমালোচনা কৰি অসমত প্ৰকৃত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিবলৈ সকলোকে সহায় কৰিবলৈ আহ্বান জনায় । লগতে আন এটা আঞ্চলিক দল 'অসম জাতীয় পৰিষদ'ৰ লগত অধিক বুজাবুজিৰ মাজেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ অসমখনত অসমীয়া অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত 'ৰাইজৰ দল' আগুৱাই যাব বুলি মন্তব্য কৰে ।


লগতে পঢ়ক:বাক্যবান: লুৰিণ বনাম পীযুষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.