ETV Bharat / state

যোৰহাটৰ শিক্ষাবিদ ৰবীন দুৱৰাৰ দেহাৱসান

author img

By

Published : Feb 17, 2021, 12:37 PM IST

যোৰহাটৰ বিশিষ্ট শিক্ষাবিদ ৰবীন দুৱৰাৰ দেহাৱসান
যোৰহাটৰ বিশিষ্ট শিক্ষাবিদ ৰবীন দুৱৰাৰ দেহাৱসান

কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা টীয়কৰ পৰা প্ৰকাশিত গণবন্ধু কাকতৰ সম্পাদক বলমা দুৱৰা গাঁৱৰ নিৱাসী ৰবীন দুৱৰাই মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ।

টীয়ক,১৭ ফেব্ৰুৱাৰী: যোৰহাট জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা টীয়কৰ পৰা প্ৰকাশিত গণবন্ধু কাকতৰ সম্পাদক বলমা দুৱৰা গাঁৱৰ নিৱাসী ৰবীন দুৱৰাই মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে । যোৰহাটৰ মিছন হাস্পতালত স্বাস্থ্যজনিত কাৰণত মৃত্যু হয় বিশিষ্ট শিক্ষাবিদগৰাকীৰ । তেওঁৰ মৃত্যুৰ পিছতে সমগ্ৰ টীয়ক অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

বুধবাৰে পুৱা শিক্ষাবিদগৰাকীৰ নশ্বৰদেহ যোৰহাটৰ পৰা পোনে পোনে কাকজান মহাবিদ্যালয়লৈ নিয়া হয় । তাৰ পিছত টীয়কৰ গুৱালগাঁৱস্থিত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ কাৰ্যালয়, বলমা চি কে বি উচ্চ মাধ্যমিক বিদ্যালয়লৈ লৈ যোৱা হয় য'ত মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীকে ধৰি ছাত্ৰ-ছাত্ৰী, টীয়কৰ বিভিন্ন দল-সংগঠন তথা গুণমুগ্ধই দুৱৰাক ৰাজহুৱাকৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কৰি বিদেহী আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায় ।

উল্লেখ্য যে, ৰবীন দুৱৰা টীয়কৰ অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ প্ৰাক্তন সভাপতি তথা টীয়কৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল । শিক্ষাবিদ তথা সমাজ হিতৈষী ব্যক্তিগৰাকীৰ মৃত্যু টীয়কৰ বৌদ্ধিক মহলৰ বাবে অপূৰণীয় ক্ষতি বুলি সকলোৱে অনুভৱ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক:সোণাৰী মিচিং গাঁৱত এইবেলি উদযাপন নহয় আলি আয়ে লৃগাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.