ETV Bharat / state

CAA আৰু EIA বাতিলৰ দাবীৰে ৰাজ্যজুৰি ভিন্ন সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Sep 21, 2020, 4:34 PM IST

CAA আৰু EIA বাতিলৰ দাবী
CAA আৰু EIA বাতিলৰ দাবী

16:30 September 21

বিশ্বনাথতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

বিশ্বনাথতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
বিশ্বনাথতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

বিশ্বনাথ: বিশ্বনাথতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে CAA আৰু EIA বাতিলৰ দাবীৰে বাহিৰ কৰিলে বাইক ৰেলী ৷ যদিহে চৰকাৰে তেওঁলোকৰ এই দাবী মানি নলয়, তেন্তে পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

16:11 September 21

CAA আৰু EIA বাতিলৰ দাবীৰে আন্তঃ ডিমৰীয়া ছাত্ৰ সন্থা আৰু আন কেইবাটাও সংগঠনৰ প্ৰতিবাদ

CAA আৰু EIA বাতিলৰ দাবীৰে আন্তঃ ডিমৰীয়া ছাত্ৰ সন্থা আৰু আন কেইবাটাও সংগঠনৰ প্ৰতিবাদ
CAA আৰু EIA বাতিলৰ দাবীৰে আন্তঃ ডিমৰীয়া ছাত্ৰ সন্থা আৰু আন কেইবাটাও সংগঠনৰ প্ৰতিবাদ

গুৱাহাটী: আনহাতে একেটা দিনতে ৰাজ্যৰ ভিন্ন প্ৰান্তত CAA আৰু EIA বাতিলৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাইয়ো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালভাৱে সোণাপুৰতো আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷  আন্তঃ ডিমৰীয়া ছাত্ৰ সন্থা আৰু আন কেইবাটাও সংগঠনৰ সহযোগত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত যিকোনো মূল্যৰ বিনিময়ত চৰকাৰে প্ৰৱৰ্তন কৰা নাগৰিকত্ব আইন আৰু EIA অসমৰ পৰা বাতিল কৰিবই লাগিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত শেহতীয়াকৈ স্থাপন কৰা টোলগেট সমূহ বন্ধ কৰিবলৈয়ো দাবী জনাই প্ৰতিবাদকাৰী সকলে, অসম আৰক্ষীৰ যুটীয়া স্বাস্থ্য সঞ্চালক আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক প্ৰেৰণ কৰে ৷  

16:10 September 21

গোলাঘাট জিলাতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাইক ৰেলী

গোলাঘাট জিলাতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাইক ৰেলী
গোলাঘাট জিলাতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাইক ৰেলী

গোলাঘাট: গোলাঘাট জিলাতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ৰ পৰা গোলাঘাট নগৰ মাজেৰে বাইক ৰেলী কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ।

14:51 September 21

CAA আৰু EIA বাতিলৰ দাবীৰে যোৰহাটত AJYCP ৰ বাইক ৰেলী

CAA আৰু EIA বাতিলৰ দাবীৰে যোৰহাটত AJYCP ৰ বাইক ৰেলী
CAA আৰু EIA বাতিলৰ দাবীৰে যোৰহাটত AJYCP ৰ বাইক ৰেলী

যোৰহাট, 21 চেপ্তেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী সোমবাৰে ৰাজ্যজুৰি বাইক ৰেলী উলিয়ায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ সেই অনুসৰি যোৰহাটতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সোমবাৰে বাইক ৰেলী উলিয়ালে সংগঠনটোৰ যোৰহাট জিলা সমিতিয়ে ৷ যোৰহাট চহৰৰ মাজেৰে বাইক ৰেলী উলিয়াই সংগঠনটোৱে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.