ETV Bharat / state

Pre poll violence in Nagaland: নাগালেণ্ডত NPF দলৰ প্ৰাৰ্থীৰ বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ

author img

By

Published : Feb 21, 2023, 6:24 PM IST

27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে প্ৰচাৰ অভিযান (Nagaland Assembly Election 2023) ৷ তাৰ মাজতে পাহাৰীয়া ৰাজ্যখনত সংঘটিত হৈছে প্ৰাক নিৰ্বাচনী হিংসা ৷ NPF দলৰ প্ৰাৰ্থীৰ বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ ৷

Nagaland Assembly Election 2023
নাগালেণ্ডত NPF দলৰ প্ৰাৰ্থীৰ বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ

নাগালেণ্ডত NPF দলৰ প্ৰাৰ্থীৰ বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ

যোৰহাট, 21 ফেব্ৰুৱাৰী: অহা 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচন ৷ দুয়োখন পাহাৰীয়া ৰাজ্যতে সম্প্ৰতি তুংগত উঠিছে প্ৰচাৰ অভিযান ৷ কিন্তু নিৰ্বাচনৰ বাবে মাত্ৰ কেইটামান দিন থকা সময়তে নাগালেণ্ডত আৰম্ভ হৈছে প্ৰাক নিৰ্বাচনী হিংসা (Nagaland pre poll violence) ৷

ক্ৰমাৎ তীব্ৰতৰ হৈ পৰা প্ৰচাৰ অভিযানৰ মাজতে সোমাবাৰে নিশা দুৰ্বৃত্তই জ্বলাই দিলে NPF দলৰ প্ৰাৰ্থীৰ বাহন । 41 নম্বৰ টিজিৎ সমষ্টিৰ NPF দলৰ প্ৰাৰ্থী টাৱাং আঙৰ বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ । লক্ষণীয়ভাৱে প্ৰাৰ্থীগৰাকীৰ বাসগৃহৰ পৰাই দুৰ্বৃত্তই উলিয়াই লৈ যায় বাহনখন (Nagaland pre election violence) ।

টাৱাং আঙৰ বাহনখন ঘৰৰ পৰা উলিয়াই নি দুৰ্বৃত্তই মাত্ৰ 100 মিটাৰ নিলগতে অগ্নিসংযোগ কৰি পলায়ন কৰে দুৰ্বৃত্তৰ দলটো ৷ ইতিমধ্যেই এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নাগালেণ্ড আৰক্ষীয়ে ৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে সংঘটিত হোৱা এই হিংসাত্মক ঘটনাই সমগ্ৰ ৰাজ্যখনতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ (Nagaland Assembly election) ৷

উল্লেখ্য যে, 27 ফেব্ৰুৱাৰীত ৰাজ্যখনৰ 60খন বিধানসভা আসনৰ বাবে হ’ব ভোট গ্ৰহণ ৷ এইবাৰৰ নিৰ্বাচনত শাসকীয় এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁটে একেলগে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে মিত্ৰজোঁটৰ বিৰুদ্ধে সৱল প্ৰতিদ্বন্দিতা আগবঢ়াইছে NPF দলে ৷ এনে পৰিস্থিতিত দুৰ্বৃত্তৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বিৰোধী NPFৰ নেতা (NPF candidate attacked in Nagaland) ৷

ইফালে, প্ৰচাৰ অভিযানৰ বাবে নাগালেণ্ডত ভিৰ কৰিছেহি একাংশ ষ্টাৰ কেম্পেইনাৰে ৷ কেন্দ্ৰীয়মন্ত্ৰীৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মিত্ৰজোঁটৰ হৈ চলাইছে মাৰাথন প্ৰচাৰ ৷ অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত কেইবাদিনো ধৰি নাগালেণ্ডত বাহৰ পাতি 40 নম্বৰ ভাণ্ডাৰী বিধানসভা সমষ্টিৰ লগতে অন্যান্য সমষ্টিটো প্ৰচাৰ অভিযান আৰম্ভ কৰিছে (Himanta Biswa Sarma in Nagaland) ৷

নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে নাগালেণ্ডত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে অসম আৰু নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সীমাবিবাদৰ স্থায়ী সমাধান কৰাৰ নিশ্চয়তা প্ৰদান কৰিছে ৷ এইদৰে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাইজ পৰা ভোট ভিক্ষা অব্যাহত ৰাখিছে বিভিন্ন দলৰ নেতাই । নাগালেণ্ডত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰচাৰ অভিযানত নামি পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুকে ধৰি বহু কেইগৰাকী হাইপ্ৰফাইল নেতা ৷

লগতে পঢ়ক: Nagaland Assembly Election 2023: হত্যাৰ অভিযুক্তয়ো প্ৰতিদ্বন্দিতা কৰিব নাগালেণ্ড বিধানসভা নিৰ্বাচনত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.