ETV Bharat / state

Pig Syndicate in Assam: চিণ্ডিকেটৰ বাবে বিপদত টীয়কৰ স্থানীয় গাহৰি পালক

author img

By

Published : Dec 28, 2022, 2:17 PM IST

ৰাজ্য়ত বিভিন্ন ঠাইত বহিঃৰাজ্যৰ পৰা সৰবৰাহ কৰা গাহৰিৰ চিণ্ডিকেট অব্যাহত আছে (Illegal pig smuggling in Assam)৷ বিশেষকৈ উজনি অসমৰ কেইবাখনো জিলাত অবাধে চলিছে এই বেহা । ফলত বহিঃৰাজ্যৰ পৰা অনা গাহৰিৰ বাবে টীয়কৰ গাহৰি পালকসকল শংকিত হৈছে ।

Illegal pig smuggling in Assam
বিপাঙত উজনি অসমৰ ক্ষুদ্ৰ গাহৰি পালক

বিপাঙত উজনি অসমৰ ক্ষুদ্ৰ গাহৰি পালক

টীয়ক, ২৮ ডিচেম্বৰ: পথাৰ আমাৰ বজাৰ আমাৰ লক্ষ্যৰে অসমৰ একাংশ শিক্ষিত যুৱকে খেতি তথা পশুপালন, মীনপালন আদিকে জিৱীকাৰ মূল বৃত্তি হিচাপে বাচি লৈছে । এই ক্ষেত্ৰত চৰকাৰ বা বিভাগসূহেও এইসকল কৰ্মোদ্যমী যুৱকক সহায়ৰ বাবে ন ন আঁচনিৰ প্ৰস্তত কৰিছে । ইয়াৰ পিছতো বিপাঙত পৰিছে উজনি অসমৰ ক্ষুদ্ৰ গাহৰি পালকসকল (Pig Farmers in trouble at Teok)। কিয়নো বৰ্তমান হ্ৰাস পাবলৈ ধৰিছে গাহৰিৰ মূল্য । বজাৰত চাহিদা অধিক হোৱাৰ পিছতো এইসকল পালকে পোৱা নাই উচিত মূল্য । যাৰ বাবে এতিয়া বাৰুকৈ চিন্তিত এইসকল গাহৰি পালক ।

টীয়কৰ চিন্তামণিগড়ৰ কেন্দুগুৰি পথাৰৰ কাষত এদল যুৱকে আৰম্ভ কৰিছে গাহৰিৰ পাম । উল্লেখযোগ্য যে বৰদিন,নৱবৰ্ষ তথা মাঘ বিহুত গাহৰিৰ মাংসৰ চাহিদা অধিক বৃদ্ধি পায় বাবে যুৱকৰ দলটোৱে এই সময়ৰ বাবে সাজু হয় । সকলোৱে এইকেইটা দিনতে পালকে দুপইচা পোৱাৰ আশা কৰে । কিন্তু উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানাকে ধৰি বহিঃৰাজ্যৰ পৰা গাড়ীয়ে গাড়ীয়ে গাহৰি অহাৰ ফলত থলুৱা গাহৰিৰ মূল্য হ্ৰাস পোৱাত এইসকল যুৱক হতাশ হৈছে ।

আফ্ৰিকান ছোৱাইন ফ্লুৰ (African Swine Flu) সময়ত বহিঃৰাজ্যৰ পৰা গাহৰিৰ আমদানি কৰাৰ ক্ষেত্ৰত পশুপালন বিভাগে নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও উজনি অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে নিতৌ সৰবৰাহ হৈ আছে গাহৰিভৰ্তি ট্ৰাক । যিহেতু অসমৰ গাহৰিৰ পালকসকলে অসমত প্ৰয়োজনীয় গাহৰিৰ মাংসৰ চাহিদা পুৰণ কৰিব পাৰে, সেয়ে এই ক্ষেত্ৰত এক যথোপযুক্ত ব্যৱস্থা তৎকালীনভাৱে চৰকাৰক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে পালকসকলে ।

আনহাতে, শিৱসাগৰ জিলাতো চলি আছে গাহৰিৰ চিণ্ডিকেট (Pig Syndicate at Sivasagar)। আমগুৰি আৰক্ষী থানা, হালোৱাটিং আৰক্ষী থানা আৰু নামতি আৰক্ষী থানাৰ সন্মুখেৰে দৈনিক নগালেণ্ডলৈ চোৰাংভাৱে চালান হৈ আহিছে গাহৰি । এই সন্দৰ্ভত একাংশ স্থানীয় সংগঠনে অভিযোগ কৰা মতে, চিণ্ডিকেট চক্ৰটোৱে সৰবাৰহ কৰোতে ব্যৱহাৰ কৰা বাহনসমূহৰ কোনো কেট'ল পাৰ্মিট নথকাৰ লগতে অসম চৰকাৰৰ পশুপালন সৰবৰাহৰ নিয়ম, খাদ্য সুৰক্ষা বিভাগ, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাও অমান্য কৰি আহিছে ৷ ইয়াৰোপৰি অসমৰ গাহৰি পালক সকলৰ সুৰক্ষাক সংকটত ৰাখি সমগ্ৰ অসমতে গাহৰিৰ চিণ্ডিকেট চলাই আহিছে অসাধু চক্ৰই ৷

জানিব পৰামতে কৰ্ণাটকৰ পৰা ৰে'লেৰে সৰবৰাহ হোৱা বহিঃৰাজ্যৰ গাহৰিসমূহ মৰিয়নিৰ পৰা ট্ৰাকেৰে নাগালেণ্ডলৈ সৰবৰাহ হয় ৷ একাংশ অসাধু ব্যৱসায়ীয়ে চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ বহিঃৰাজ্যৰ গাহৰিৰ অবৈধ সৰবৰাহ আৰু বিক্ৰীৰ জড়িয়তে চিণ্ডিকেট চক্ৰ চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ কোটি কোটি টকা ৰাজহ ফাঁকিৰে অবাধে উত্তৰ প্ৰদেশ, কৰ্ণাটকৰ পৰা এইসমূহ অবৈধ গাহৰিৰ মুক্ত সৰবৰাহ হৈ আহিছে ৷

লগতে পঢ়ক:Indiscriminate assault by husband: সন্তান জন্ম দিব নোৱাৰাৰ বাবেই পত্নীক অকথ্য নিৰ্যাতন পাষাণ স্বামীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.