পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসক লৈ উৎফুল্লিত টীয়কৰ জনতা

author img

By

Published : Nov 4, 2021, 1:03 PM IST

people-are-happy-with-the-price-drop-of-petrol-diesel-at-teok

ৰাজ্যত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাক লৈ আনন্দিত সাধাৰণ ৰাইজ ৷ অসমত পেট্ৰ’লত 7 টকা আৰু ডিজেলত 12 টকাকৈ হ্ৰাস পাইছে ৷

টীয়ক, 4 নৱেম্বৰ : ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসক লৈ উৎফুল্লিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ অত্যাধিক মূল্যবৃদ্ধি(Price Hike)য়ে সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ সময়তে পোহৰৰ উৎসৱ দীপাৱলীৰ দিনাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পেট্ৰ’ল-ডিজেলৰ ওপৰত থকা কেন্দ্ৰীয় শুল্ক আৰু ভেট(VAT) পৰিহাৰ কৰা ফলত পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস পাইছে ।

পেট্ৰ’লত 7 টকা আৰু ডিজেলত 12 টকাকৈ হ্ৰাস পোৱাত যথেষ্ট পৰিমাণে সকাহ লাভ কৰিছে সাধাৰণ জনতাই ৷ টীয়কৰ তেল ডিপ’তো পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসৰ বাবে গ্ৰাহকৰ মাজত দেখা গৈছে আনন্দ-উল্লাস ৷ পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত 100.69 টকা আৰু ডিজেলৰ মূল্য 86.98 টকা হৈছে । এই মূল্য হ্ৰাসে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যও কমাব বুলি আশা প্ৰকাশ কৰিছে সাধাৰণ ৰাইজে ৷

পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসক লৈ উৎফুল্লিত টীয়কৰ জনতা

কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে অসম চৰকাৰেও পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বুধবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই ৰাজ্যত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰে ৷

যিহেতু ডিজেলৰ মূল্য প্ৰায় প্ৰতি লিটাৰত 12 টকাকৈ কমিছে, সেয়েহে যাত্ৰীবাহী পৰিবহণ ব্যৱস্থাতো গাড়ীৰ ভাড়া হ্ৰাস হোৱাতো ৰাইজে বিচাৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ প্ৰতি লিটাৰত ক্ৰমে 5 টকা আৰু 10 টকাকৈ আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত ঘোষণা কৰে ৷

লগতে পঢ়ক : অসমত পেট্ৰ’লৰ মূল্য ১২ টকা আৰু ডিজেলৰ মূল্য ১৭ টকা হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.