ETV Bharat / state

Mariani triple murder: ছমাহৰ পাচতো ৰহস্য ভেদ নহ’ল মৰিয়নি ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ

author img

By

Published : Nov 16, 2022, 10:39 PM IST

মৰিয়নি ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ছমাহৰ পাছতো ভেদ নহ'ল ৰহস্য (Triple murder at mariani)। আৰক্ষীৰ বিৰুদ্ধে তদন্তত চৰম গাফিলতিৰ অভিযোগ । ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা তৰুণ দাসৰ পৰিয়ালৰ ।

Mariani triple murder
Mariani triple murder

যোৰহাট, 16 নৱেম্বৰ: মৰিয়নিত ছমাহ পূৰ্বে সংঘটিত ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ আজিও ভেদ নহ'ল ৰহস্য (Jorhat triple murder case) । যি ঘটনাই জোঁকাৰি গৈছিল সমগ্ৰ ৰাজ্য । ছমাহ পূৰ্বে অৰ্থাৎ চলিত বৰ্ষৰ ২৪ জুনৰ নিশা মৰিয়নিৰ নকছাৰী খাটিসোনাৰ এটা ইটা ভাটাৰ শ্ৰমিক আৱাসত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড (Triple murder at mariani) ।

সোণটি বৰা নামৰ লোকজনৰ তিনিজনীয়া পৰিয়ালটোক চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰিছিল ঘাতকে । আৰক্ষীয়ে সেই হত্যাকাণ্ডৰ অভিযুক্ত বুলি চিনাক্ত কৰা তৰুণ দাসৰ ক্ষত-বিক্ষত মৃতদেহ ঘটনাস্থলীৰ সমীপৰ এখন হাবিত 9 দিন পাছত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল ৷ ফলত ঘটনাই নতুন ৰূপ লোৱা লগতে ঘটনাতো অধিক ৰহস্যঘন হৈ পৰে (Probe on Mariani Triple Murder)।

ছমাহৰ পাচতো ৰহস্য ভেদ নহ’ল মৰিয়নি ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ

কিন্তু এই হত্যাকাণ্ডই ছমাহত ভৰি দিয়াৰ পাছতো ৰহস্য ভেদ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে যোৰহাট আৰক্ষী । হত্যাকাণ্ডটো কোনে কিয় সংঘটিত কৰিছিল তাৰ কোনো উত্তৰ নাই অনুসন্ধানকাৰী আৰক্ষীৰ হাতত (Police investigation on Mariani triple murder)।

উল্লেখ্য যে, যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় গোস্বামীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তদন্ত কৰি আছে ত্ৰিপল মাৰ্ডাৰৰ ঘটনাটোৰ ৷ যোৰহাট আৰক্ষীয়ে তদন্তত গাফিলতি কৰা লগতে ঘটনাতো এটা প্ৰভাৱশালী চক্ৰৰ হেঁচাত গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে তৰুণ দাসৰ পৰিয়ালে ।

আনহাতে ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ উচিত তদন্ত লগতে ন্যায় বিচাৰি অসমৰ মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে তৰুণ দাসৰ পত্নী আৰু পুত্ৰই । কিন্তু কেতিয়া শেষ হ’ব আৰক্ষীৰ তদন্ত ? প্ৰকৃত হত্যাকাৰীৰ সন্ধান পোৱা যাব নে ? নে ফাইলৰ মাজতেই আবদ্ধ হৈ ৰ’ব এই লোমহৰ্ষক ঘটনাটো ৷ সেয়া সময়তহে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: Minor girl rape: 27 বছৰীয়া দিলদাৰৰ কামনাৰ বলি 8 বছৰীয়া নাবালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.