ETV Bharat / state

তিতাবৰ সমষ্টিত চকু বিজেপিৰ; অকপট স্বীকাৰোক্তি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 11:19 AM IST

MLA Jayanta malla baruah at Titabo
তিতাবৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

Lok Sabha Election 2024: পৰৱৰ্তী বিধানসভা নিৰ্বাচনত তিতাবৰ সমষ্টি দখলক লৈ আত্মবিশ্বাসী বিজেপি ৷ কেৱল ইমানেই নহয় 2024 ৰ লোকসভা নিৰ্বাচনত তিতাবৰ সমষ্টিৰ পৰা সৰ্বাধিক ভোট লাভ কৰাৰো দাবী বিজেপিৰ ৷ এই লক্ষ্যৰে এইবাৰ যোৰহাট লোকসভা সমষ্টি অন্তৰ্গত তিতাবৰ বিধানসভা সমষ্টিৰ পৰাই বিজেপিয়ে আৰম্ভ কৰিছে লোকসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক কুচকাৱাজ । জিলাখনত ইতিমধ্যে বাহৰ পাতিছে ৰাজ্যৰ চাৰিগৰাকীকৈ কেবিনেট মন্ত্ৰীয়ে ৷

তিতাবৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

যোৰহাট, 23 ডিচেম্বৰ: অসমৰ অন্যতম খিলঞ্জীয়া সমষ্টি তিতাবৰ পুনৰ উদ্ধাৰত যুদ্ধদেহী তৎপৰতাৰে নামি পৰিছে বিজেপি ৰথী-মহাৰথী । তিতাবৰ সমষ্টি দখলৰ লক্ষ্যৰে ইতিমধ্যে যোৰহাট জিলাত বাহৰ পাতিছে ৰাজ্য চৰকাৰ চাৰিগৰাকীকৈ কেবিনেট মন্ত্ৰীয়ে । তিতাবৰ সমষ্টি লাগে বিজেপিক অকপট স্বীকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । দলটোৱে আনকি এইবাৰ যোৰহাট লোকসভা সমষ্টি অন্তৰ্গত তিতাবৰ বিধানসভা সমষ্টিৰ পৰাই আৰম্ভ কৰিছে লোকসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক কুচকাৱাজ ।

সেই লক্ষ্য শুকুৰবাৰে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী আৰু বিভিন্ন বৃত্তিত লগত জড়িত ব্যক্তিয়ে বিজেপিৰ দলত যোগদান কৰা এক সমাৰোহত অংশগ্ৰহণ কৰি জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তিতাবৰ সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা বিজেপিৰ দখললৈ অনাৰ স্বাৰ্থত কাম কৰি থকাৰ কথা অকপটে স্বীকাৰ কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপিয়ে সদায় নতুন আদৰি লয় আৰু এইয়া বিজেপি এক পৰম্পৰা, সংগঠন শক্তিশালী কৰাৰ স্বাৰ্থত বিভিন্ন কাম আমি কৰি যাম আৰু বুথ পৰ্যায়ত শক্তিশালী কৰাটো আমাৰ গুৰুত্বপূৰ্ণ কৰ্তব্য ।

তেওঁ লগতে কয়, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম ৰাষ্ট্ৰ আৰু তাৰ পিছত দল । সমগ্ৰ ৰাজ্য ভিতৰত অন্য এক খিলঞ্জীয়া সমষ্টি হ'ল তিতাবৰ, কিন্তু ৰাজ্য অন্য খিলঞ্জীয়া সমষ্টিত বিজেপিক আদৰি লৈছে, কিন্ত তিতাবৰত কিয় আদৰি লোৱা নাছিল, ইয়াত ক'ৰবাত ভুল থাকি গ'ল নেকি, সেই সকলো সমস্যাক সামৰি লৈ তদাৰক তথা পৰ্যালোচনা কৰি তিতাবৰ সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা বিজেপি দখল লৈ অনাৰ স্বাৰ্থত আমি কাম কৰি আছো আৰু বিভিন্ন অভাৱ-অভিযোগৰ বুজ লোৱা লগতে বুৰ্থ পৰ্যায় শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে তেওঁ কয়, আমি যোৰহাট জিলা আৰু তিতাবৰত থাকি উপলব্ধি কৰিছো যে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰৰ পৰা আমি এইবাৰ সৰ্বাধিক ভোট লাভ কৰিম । আনহাতে কংগ্ৰেছ, ৰাইজ দল আৰু অসম জাতীয় পৰিষদে অসমৰ প্ৰতি ভাবুকিস্বৰূপ পূৱ-বংগীয় তথা মিঞা ভোটাৰ থকা ঠাইতে প্ৰাধান্য পাব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: নিৰ্বাচনত জয়ী হ’বলৈ গৌৰৱ গগৈয়ে মিঞা ভোটাৰ থকা সমষ্টি বিচাৰি আছে : জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.