ETV Bharat / state

আলফা(স্বা)ৰ সন্দেহত যুৱকলৈ গুলী: আৰক্ষীৰ শীৰ্ষ মহলৰ লগতে কথা পাতিব বিধায়ক ভাস্কৰ বৰুৱাই

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:40 PM IST

mla Bhaskar Jyoti Baruah
বিধায়ক ভাস্কৰ বৰুৱাৰ মন্তব্য

আলফা(স্বা)ৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে সোধপোছ কৰাৰ পাছতে আত্মহত্যা কৰিলে তিতাবৰৰ এজন যুৱকে ৷ এই সন্দৰ্ভত বিধায়ক ভাস্কৰ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম আৰক্ষীৰ শেহতীয়া কাৰ্যকলাপক সমালোচনা কৰে ৷

বিধায়ক ভাস্কৰ বৰুৱাৰ মন্তব্য

যোৰহাট, 26 ডিচেম্বৰ : আলফা(স্বা)ৰ সন্দেহত অসম আৰক্ষীয়ে যুৱকক গুলীবিদ্ধ কৰা ঘটনাক সহজভাৱে ল’ব পৰা নাই বিধায়ক ভাস্কৰ বৰুৱাই ৷ তদুপৰি আলফা(স্বা)ৰ সন্দেহত লকআপত ৰখাৰ পাছত তিতাবৰৰ এজন যুৱকে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লোৱা ঘটনাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তিতাবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ৷

মঙলবাৰে সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক বৰুৱাই কয় যে এইসমূহ অতি স্পৰ্শকাতৰ বিষয় হৈ পৰিছে ৷ ইয়াৰ এটা বিহিত ব্যৱস্থা হ'ব লাগে আৰু আৰক্ষীয়ে কৰা এনকাউন্টাৰৰ ঘটনাসমূহ অসমবাসী ৰাইজে সহজভাৱে লোৱা নাই ৷

বিধায়ক ভাস্কৰ বৰুৱাই লগতে আশংকা প্ৰকাশ কৰে যে এনেবোৰ ঘটনাই উজনি অসমৰ যুৱকসকলক উশৃংখল আৰু ভাৰাসাম্যহীনতাত দিন কটাবলৈ বাধ্য কৰাব নেকি ! এনেবোৰ ঘটনা কেতিয়াও নিবিচাৰোঁ বুলি মন্তব্য কৰি তেওঁ কয় যে পূৰ্বতে অসমত সৃষ্টি হোৱা পৰিৱেশ কোনেও কেতিয়াও নিবিচাৰে ৷ এনেসমূহ ঘটনাৰ সম্পৰ্কে আৰক্ষী সঞ্চালক প্ৰধানৰ বিধায়গৰাকীয়ে কথা পাতিব বুলি জানিবলৈ দিয়ে ৷

তাৎপৰ্যপূৰ্ণ যে তিতাবৰৰ দীপাংকৰ গগৈ নামৰ যুৱকগৰাকীয়ে আৰক্ষীৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ যুৱকজন যোৰহাটৰ সেনা ছাউনীত গ্ৰেণেড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে বাসগৃহৰ পৰা থানালৈ লৈ গৈছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ফলত ২৪ বছৰীয়া যুৱকজনে মঙলবাৰে পুৱতি নিশা আত্মহত্যাৰ দৰে চৰম পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিধায়ক ভাস্কৰ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম আৰক্ষীক সমালোচনা কৰে ৷

লগতে পঢ়ক: 12 বছৰজোৰা এক প্ৰক্ৰিয়া সফল সমাপ্তিৰ দিশে; 29 ডিচেম্বৰত স্বাক্ষৰিত হ’ব আলফা-ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.