ETV Bharat / state

অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিবলৈ মুখ্য়মন্ত্ৰী আগ্ৰহী: জয়ন্তমল্ল বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 10:53 PM IST

যোৰহাটত সমষ্টি ভিত্তিত খেল মহাৰণৰ সামৰণি । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকপ্ৰাপ্ত অৰ্ধশতাধিক খৈলুৱৈক দিয়া বুলি উল্লেখ কৰে ।

Khel Maharan 2023 in Assam
যোৰহাটত সমষ্টি ভিত্তিত খেল মহাৰণৰ সামৰণি

যোৰহাটত সমষ্টি ভিত্তিত খেল মহাৰণৰ সামৰণি

যোৰহাট, ১৩ ডিচেম্বৰ: যোৰহাট ষ্টেডিয়ামত আজি সমষ্টি ভিত্তিত অনুষ্ঠিত খেল মহাৰণৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । উক্ত অনুষ্ঠানতেই বিজয়ী দলৰ খেলুৱৈ সকলক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰি ২০২৫-২৭ত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱা ইংগিত দিয়ে । ইপিনে,ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সাফল্য় অৰ্জন কৰা খেলুৱৈৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকপ্ৰাপ্ত অৰ্ধশতাধিক খেলুৱৈক দিয়া হৈছে নিযুক্তি ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী তথা এথলেটিক সন্থাৰ সভাপতি জয়ন্তমল্ল বৰুৱাই কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহ মৰ্মে অসমত এতিয়া ক্ৰীড়াৰ পৰিৱেশৰ সৃষ্টি হৈছে । তেওঁ কয়,"ৰাজ্যৰ গ্ৰামাঞ্চল সমূহত বহু ক্ৰীড়া প্ৰতিভা আছিল,কিন্তু বিভিন্ন কাৰণবশতঃ তেওঁলোকক উলিয়াই আনিব পৰা হোৱা নাছিল । কিন্তু এতিয়া খেল মহাৰণৰ জৰিয়তে এই সমূহ ক্ৰীড়া প্ৰতিভাক উলিয়াই অনা হৈছে । ইয়াৰ জৰিয়তে এনেধৰণৰ খেলুৱৈ সৃষ্টি হৈছে যে ৰাজ্যিক ভিত্তিত আৰু ৰাষ্ট্ৰীয় ভিত্তিত খেলত ৰেকৰ্ড কৰাৰ খেলুৱৈৰ সমকক্ষ আৰু আগ-পিছা ৰেকৰ্ড থকা খেলুৱৈৰ সৃষ্টি হৈছে ।"

বৰ্তমান ১১ খন জিলাৰ ষ্টেডিয়াম সমূহ পূৰ্ণগতিত নিৰ্মাণ কৰি থকা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী তথা এথলেটিক সন্থাৰ সভাপতি জয়ন্তমল্ল বৰুৱাই কয় যে প্ৰত্যকখন ষ্টেডিয়াম বাবে ৫০ কোটি টকা ধাৰ্য কৰা হৈছে । লগতে ৭০ টা সমষ্টিতো ষ্টেডিয়ামৰ কাম আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি ইয়াৰ বাবে ১২,১৩ কোটি টকাকৈ ধাৰ্য কৰা বুলি মন্তব্য় কৰে । এই সমূহৰ কাম অহা এক-ডেৰ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব । কাৰণ মুখ্যমন্ত্ৰীৰ ইচ্ছা- ২০২৫-২৭ৰ ভিতৰত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰাৰ । আনহাতে,ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক প্ৰাপ্ত অৰ্ধশতাধিক খৈলুৱৈক ৰাজ্য চৰকাৰ বিভিন্ন বিভাগত মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি চাকৰি প্ৰদান কৰাৰ হৈছে বুলি তেওঁ কয় ।

লগতে পঢ়ক:যোৰহাটত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম-কাজক লৈ ক্ষুব্ধ মন্ত্ৰী জয়ন্ত মল্ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.