ETV Bharat / state

ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিপৰ্যয়ত ফাষ্ট ফুডৰ ব্যৱসায়ী

author img

By

Published : Jun 17, 2021, 9:37 PM IST

mini-lockdown-brings-down-great-crisis-to-small-businesses
ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিপৰ্যয়ত ফাষ্ট ফুডৰ ব্যৱসায়ী

লকডাউনে ক্ষুদ্র ব্যৱসায়ীলৈ নমাই আনিছে মহা সংকট । বিপৰ্যয়ত ফাষ্ট ফুডৰ ব্যৱসায়ী সকলো। ৰাজ্যত বৃদ্ধি পোৱা ক’ভিড ১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা লকডাউনে একাংশ ক্ষুদ্ৰ ব্যৱসায়ীলৈ নমাই আনিছে গভীৰ সংকট ।

যোৰহাট, 17 জুন: ৰাজ্যত বৃদ্ধি পোৱা ক’ভিড ১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা আংশিক ল’কডাউনে ক্ষুদ্ৰ ব্যৱসায়ী সকললৈ নমাই আনিছে গভীৰ সংকট । আংশিক লক ডাউনৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে এই সকল ক্ষূদ্ৰ ব্যৱসায়ী । এনে পৰিপেক্ষিতত বহু লোকৰ জীৱনৰ গতি পথকেই সলনি কৰিলে ক’ভিডে ৷

ব্যস্ততাৰে ভৰা যোৰহাট চহৰখনত দিনৰ ১২ বজালৈ দৈনন্দিন জীৱন পুনৰ ঘুৰি অহাৰ দৰেই ব্যস্ত এক পৰিবেশ ৷ কিন্তু ১২ বজাৰ পিচত চহৰখনত দেখা যায় মৰিশালীৰ এক নিস্তব্ধতা। কেউ দিশে মাঁথো মৌন কোলাহল ।

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিপৰ্যয়ত ফাষ্ট ফুডৰ ব্যৱসায়ী

মন কৰিব লগায়া যে, অন্যান্য প্ৰান্তত ক’ভিড আক্ৰান্তৰ সংখ্যা দৈনিক হ্ৰাস হোৱাৰ বিপৰীতে যোৰহাটত ক’ভিডৰ সংক্ৰমণ বৃদ্ধিহে পাই আহিছে । নতুন এছ অ পি অনুসৰি দিনৰ ১ বজাৰ পৰা কাৰ্ফিউ ঘোষনা কৰিছে প্ৰশাসনে । উপায় বিহীন হৈ একাংশ ব্যৱসায়ীয়ে এতিয়া পূৰ্বৰ ব্যৱসায় এৰি পদপথত শাক-পাচলি বিক্ৰী কৰিব লগীয়াৰ এক অৱস্থা হৈছে ।গ্ৰাহকৰ আশাত পৰ দি থকাৰ বাহিৰে উপায় নাই এই ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ । একালত দৈনিক ৪ / ৫ হাজাৰ টকালৈকে উৰ্পাজন কৰা ম'ম ব্যৱসায় এৰি এতিয়া পদপথত বহি পৰিব লগা অৱস্থালৈ গতি কৰিছে ক্ষুদ্ৰ ব্যৱসায়ী সকল ।

আনহাতে যিসকলে শুকুতাকে মুকুতা কৰি ফাষ্ট ফুডৰ ব্যৱসায় এতিয়াও চলাই গৈছে তেওঁলোকৰো পানীত হাহ নচৰা অৱস্থা হৈছে । যোৰহাট চহৰখনৰ ভিতৰতে প্ৰায় ৩ শতাধিক ক্ষুদ্ৰ ফাষ্ট ফুডৰ ব্যৱসায় আছিল ।বৰ্তমানৰ সময়ত সকলোতে তলাবন্ধ ।এসময়ত গ্ৰাহকে ভিৰ কৰি থকা ফাচ-ফুডৰ দোকানত নাই গ্ৰাহকৰ ভিৰ,আছে মাথোঁ মৰিশালীৰ নিস্তব্ধতা ।

ক’ভিড নীতি মানি প্ৰসাশনৰ নিৰ্দেশনা অনুসৰি ব্যৱসায় চলাই গৈছে যদিও এতিয়া ব্যাপক আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে এইসকল ক্ষূদ্ৰ ব্যৱসায়ী । আনহাতে ইয়াৰে একাংশই বাদেই দিলে পূৰ্বৰ লাভজনক ফাষ্ট ফুডৰ ব্যৱসায় । সেয়েহে তেওলোকৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান জনালে এই সকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে ।

লগতে পঢ়ক:মৰমৰ জীয়ৰীয়ে পঢ়িছে, প্ৰচণ্ড বৰষুণতো ছাতি লৈ কাষতে থাকিল পিতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.