ETV Bharat / state

Leopard Terror: নাহফুটুকীৰ সন্ধানত বন বিভাগ, আতংকত দিন কটাইছে মৰিয়নী নগৰবাসীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 4:41 PM IST

মৰিয়নীত বাঘৰ আতংক অব্যাহত ৷ বাঘটো উদ্ধাৰৰ বাবে মুকলি কৰা হৈছে বিশেষ ফোন নম্বৰ ৷ বাঘটোৰ সম্ভেদ পালে 86380-13359 নম্বৰত ফোন কৰি খবৰ দিবলৈ আহ্বান প্ৰশাসনৰ ৷

Leopard Terror at Mariani
নাহফুটুকীৰ সন্ধানত বন বিভাগ

যোৰহাট, 27 ছেপ্টেম্বৰ : নাহৰফুটুকীৰ মুক্ত বিচৰণৰ বাবে প্ৰশাসনে লৈছে বিশেষ সতৰ্কতা ৷ জিলাখনৰ মৰিয়নী নগৰৰ সমীপত নাহৰফুটুকী বাঘে মুক্ত বিচৰণ কৰি থকা বুলি প্ৰকাশ কৰিছে প্ৰশাসনে ৷ সেয়ে মৰিয়নী নগৰবাসীক সজাগ আৰু সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে মৰিয়নী প্ৰশাসনে ।

মৰিয়নী প্ৰশাসনে জাৰি কৰা সৰ্তকবাণীমূলক এক পত্ৰত উল্লেখ কৰিছে যে, মৰিয়নী নগৰ এলেকাত এটা নাহৰফুটুকী বাঘে মুক্ত বিচৰণ কৰি আছে ৷ আৰক্ষী, প্ৰশাসন আৰু বন বিভাগে যুটীয়াভাবে বাঘটো উদ্ধাৰ অভিযান চলাই আছে যদিও বাঘটো উদ্ধাৰ কৰিব পৰা নাই ৷ কিন্তু বাঘটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে ।

ইফালে বাঘটো উদ্ধাৰ কৰিব নোৱাৰালৈকে সকলোৱে নিজৰ নিজৰ ঘৰত সজাগ আৰু সুৰক্ষিত হৈ থাকিবলৈ ৰাইজক পত্ৰ যোগে আহ্বান জনাইছে প্ৰশাসনে ৷ আনহাতে ৰাইজে যদি বাঘটো কিবা সম্ভেদ পালে হুলস্থলীয়া বা আতংকময় পৰিৱেশ সৃষ্টি নকৰি ততাতৈয়াকৈ মৰিয়নী বনাঞ্চলিক বিষয়াক খবৰ দিবলৈ অনুৰোধ কৰে ৷ তাৰ বাবে বন বিভাগে মুকলি কৰিছে এক ফোন নম্বৰ ৷ বাঘটোৰ সম্ভেদ পালে 86380-13359 নম্বৰত ফোন কৰি খবৰ দিবলৈ আহ্বান জনাই প্ৰশাসনে ৷

উল্লেখ্য যে, মঙলবাৰে আবেলিৰ ভাগত মৰিয়নী নগৰত এটা নাহৰফুটুকী বাঘে বিচৰণ কৰা পৰিলক্ষিত হৈছিল ৷ উক্ত বাঘটোৱে নগৰৰ মাজ মজিয়াত থকা ‘আপনা’ হোটেলৰ কৰ্মচাৰী বাবুল নামৰ কৰ্মচাৰীজনক আক্ৰমণ কৰি আহত কৰে ৷ তাৰ পিচত বাঘটোৱে বহু কেইজন লোকক আক্ৰমণ কৰে । আজি দ্বিতীয় দিনাও নাহৰফুটুকী বাঘটোক আৱদ্ধ কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে বাঘৰ মুক্ত বিচৰণৰ বাবে মৰিয়নী নগৰত জনসমাগম পূৰ্বৰ তুলনাত বহু কম সমাগম দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক:Tiger terror: মৰিয়নী চহৰত বাঘৰ মুক্ত বিচৰণ, এজনক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.