ETV Bharat / state

Digging on government land: যোৰহাট বন বিভাগৰ ছত্ৰছায়াত চৰকাৰী ভূমিত ভূ মাফিয়াৰ অবাধ খনন

author img

By

Published : Jan 28, 2023, 2:19 PM IST

Land mafia terror in Jorhat
যোৰহাটত ভূ-মাফিয়াৰ দপদপনি

যোৰহাটত ভূ-মাফিয়াৰ সন্ত্ৰাস । চৰকাৰী ভূমিত চলিছে অবাধ খনন কাৰ্য(Land mafia digging on government land) । কিন্তু এইক্ষেত্ৰত সম্পূৰ্ণ নিৰৱ যোৰহাট বন বিভাগ ৷ ইয়াকে লৈ এতিয়া জাঙুৰ খাই উঠিছে আছুৰ বিষয়ববীয়া ৷ বনবিভাগে এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যোৰহাট জিলা ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ।

যোৰহাটত ভূ-মাফিয়াৰ দপদপনি

যোৰহাট, 28 জানুৱাৰী: "যোৰহাট জিলাৰ বন বিভাগৰ নেতৃত্বত যোৰহাটৰ বিভিন্ন অঞ্চলৰ চৰকাৰী ভূমিত অবাধ খনন হৈছে (Land mafia digging on government land)৷ অবাধ খননৰ যোগেদি চৰকাৰে যিটো ৰয়েলিটি পাব লাগে অৰ্থাৎ চৰকাৰে যি ৰাজহ পাব লাহে তাৰ পৰা বঞ্চিত হৈছে ৷ যোৰহাটত শেহতীয়াকৈ বালি মাফিয়াই অবাধ গতিত মাটি খনন কৰি গৈছে ৷ কোনো ধৰণৰ চৰকাৰী অনুজ্ঞাপত্ৰ নোহাৱোকৈয়ে অবাধ গতিত খনন কৰা হৈছে বালি ৷ যোৰহাটৰ বন বিভাগ কুম্ভকৰ্ণৰ নিদ্ৰাত আছে ৷" এই মন্তব্য যোৰহাট জিলা ছাত্ৰ সন্থাৰ ৷

যোৰহাটত ভূ-মাফিয়াৰ দপদপনি । চৰকাৰক ৰাজহ পৰা বঞ্চিত কৰি চৰকাৰী ভূমিত চলিছে অবাধ খনন কাৰ্য । ভোগদৈ মথাউৰি কাষত অৰ্থাৎ গড়মূৰ ডুলিয়া গাঁৱৰ গোৱালা বস্তিত অবাধ হাৰত চৰকাৰী চলিছে ভূমিত খনন। যোৰহাট জিলা বনবিভাগৰ লগত গোপন মিতিৰালি কৰি জনৈক জানমনি গুৱালা, খগেশ্বৰ গুৱালা আৰু পাপু গুৱালাৰ নেতৃত্বত যোৰহাট গড়মূৰ ডুলিয়া গাঁৱৰ গুৱালা বস্তিৰ চৰকাৰী ভূমিত অবাধ হাৰত খনন কাৰ্য চলাই যোৱাৰ অভিযোগ (Land mafia terror in Jorhat) ৷

এই অবাধে চলোৱা খনন কাৰ্যৰ ফলত ভোগদৈ মূল নদীবান্ধলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি । আজিও পুৱাৰ ভাগৰ পৰাই উক্ত ভূমিডোখৰত ভূ মাফিয়াই চলাই গৈছে খনন কাৰ্য ৷ শাৰী শাৰী টেক্টৰ । টেক্টৰসমূহে সেই স্থানৰ পৰা মাটি কঢ়িয়াই যোৰহাট নগৰত নিৰ্মীয়মান হৈ থকা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত যোগান ধৰা বুলি আছুৰ লগতে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । কিন্তু এইসকলো বোৰ দেখিও নেদেখা কুলিৰ ভাও লৈছে যোৰহাট জিলাৰ বন বিভাগে ৷

ইফালে প্ৰতিখন টেক্টৰে এটা টিপত ২৫০০ টকাকৈ আদায় লয় বুলিও জানিব পৰা গৈছে । এইদৰে ভূ মাফিয়া চক্ৰটোৱে দৈনিক লাখ লাখ টকা উপাৰ্জন কৰি আহিছে । ফলত ৰাজহ পৰা বঞ্চিত হৈছে অসম চৰকাৰ । বনবিভাগৰ সন্মুখতেই মাটি কঢ়িওৱা ট্ৰেক্টৰ দৈনিক পাৰ হৈ আহিছে যদিও বিহিত ব্যৱস্থা গ্ৰহণ পৰাৰ বিৰত আছে জিলাখনৰ বিয়াগোম বনবিভাগ ৷ কাৰণ মাফিয়া চক্ৰটোৰ পৰা বনবিভাগে আদায় লয় সহস্ৰাধিক টকা ৷ এই অভিযোগ আমাৰ নহয়, এই অভিযোগ স্থানীয় লোকৰ ।

ভূ মাফিয়া চক্ৰটোৰ বিৰুদ্ধে যদি বনবিভাগে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ’লে যোৰহাট জিলা ছাত্ৰ সন্থাই এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে । তাপৰ্যপূৰ্ণ যে গড়মূৰ অঞ্চলটোত ভূ মাফিয়াই যদি খনন কাৰ্য বন্ধ নকৰে তেতিয়াহ’লে বাৰিষাৰ সময়ছোৱাত ভোগদৈ মূল মথাউৰি লৈ ভাবুকি যে কঢ়িয়াই আনিব সেই কথা এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ৷ বৃহৎ অঞ্চলবাসীয়ে ভয়ংকৰ সংকটৰ সন্মুখীন হ’ব পাৰে বুলিও সৰৱ চৰ্চা চলিছে ৰাইজৰ মাজত ।

আনহাতে অবাধ হাৰত মাটি কঢ়িওৱা টেক্টৰসমূহৰ মাজত গড়মূৰ মূল পথত দৌৰাত্ম্য বৃদ্ধি পোৱা বাবে পথচাৰীৰ তথা শিক্ষাৰ্থীসকললৈ প্ৰাণৰ সংশয় নামি আহিছে । কাৰণ উক্ত পথচোৱাৰ সমীপতে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, অনাতৰ কেন্দ্ৰ আৰু কেইবাটাও চৰকাৰী কাৰ্যালয় থকাৰ লগতে কেইবাখনো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় অৱস্থিত । ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয় পথচোৱায়েদি যাতায়ত কৰিবলৈ ৷

এতিয়া প্ৰশ্ন হয় এই ক্ষেত্ৰত যোৰহাট জিলা বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নে? নে এনেকৈ ভূ মাফিয়াই চলাই যাব অবাধ খনন? সেয়া সময়ত হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Arrested Land Mafia : লক্ষীপুৰ আৰক্ষীৰ জালত ভূ-মাফিয়া মাজম আলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.