ETV Bharat / state

যোৰহাটত বৃদ্ধাক ডিঙি ৰেপি হত্যাৰ চেষ্টা; নগদ ধন লৈ উধাও দুৰ্বৃত্ত

author img

By

Published : Sep 21, 2019, 11:16 PM IST

যোৰহাটত বৃদ্ধাক ডিঙি ৰেপি হত্যাৰ চেষ্টা । নগদ ধন লৈ উধাও দুৰ্বৃত্ত

যোৰহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী এগৰাকীক এটা দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা চেষ্টা কৰাৰ লগতে লুটি লৈ যায় প্ৰায় ৩ হেজাৰ টকাৰ নগদ ধন

যোৰহাট, 21 চেপ্তেম্বৰঃ ক্ৰমাৎ বিপদজ্জনক হৈ পৰিছে যোৰহাট । শেহতীয়াকৈ যোৰহাটত সংঘটিত হোৱা বিভিন্ন অপৰাধ মূলক কাৰ্যকলাপে উদ্বিগ্ন কৰি তুলিছে যোৰহাটবাসীক । শুকুৰবাৰে নিশা যোৰহাটৰ মালৌ আলিৰ এগৰাকী ৭০ উৰ্দ্ধৰ মহিলাক দুৰ্বৃত্তই ডিঙি ৰেপি হত্যাৰ প্ৰচেষ্টা চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে নিশা অঞ্চলটোৰ বাৰণ বৰুৱা নামৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গৰাকীৰ ঘৰত এটা দুৰ্বৃত্তই মহিলা গৰাকীৰ ডিঙি ৰেপি হত্যা কৰাৰ চেষ্টা কৰাৰ লগতে লুটি লৈ যায় প্ৰায় ৩ হেজাৰ টকাৰ নগদ ধন আৰু মোবাইল ফোন । গুৰুতৰ ভাবে আহত মহিলা গৰাকীক ততাতৈয়াকৈ স্থানীয় ৰাইজে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় । সাম্প্ৰতি বাৰণ বৰুৱা সংকট মুক্ত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গৰাকী অকলশৰীয়াকৈ অঞ্চলটোত বাস কৰি আহিছিল । আনহাতে এই সমগ্ৰ ঘটনা ড্ৰাগছৰ বাবে সংঘটিত হৈছে বুলি যোৰহাট আৰক্ষীয়ে সন্দেহ কৰিছে। কিয়নো দুৰ্বৃত্তই মহিলা গৰাকীয়ে ডিঙিত পিন্ধা থকা সোণৰ চেইন লৈ যোৱা পৰিলক্ষিত নহ'ল । ইতিমধ্যে মহিলা গৰাকীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত যোৰহাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

Intro:যোৰহাটত বৃদ্ধাক ডিঙি ৰেপি হত্যাৰ চেষ্টা। নগদ ধন লৈ উধাও দুৰ্বিত্ত*
Body:*

ক্ৰমাৎ বিপদজ্জনক হৈ পৰিছে যোৰহাট। শেহতীয়াকৈ যোৰহাটত সংঘটিত হোৱা বিভিন্ন অপৰাধ মূলক কাৰ্যকলাপে উদ্বিগ্ন কৰি তুলিছে নগৰবাসীক। যোৱা নিশা যোৰহাটৰ মালৌ আলিৰ দিপাংকৰ বিদ্যাপিঠৰ সমীপৰ পীতাম্বৰ দেৱ গোস্বামী পথৰ এগৰাকী ৭০ উৰ্দ্ধ মহিলাক দুৰ্বিত্তই ডিঙি ৰেপি হত্যাৰ প্ৰচেষ্টা চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিবৰণি অনুসৰি যোৱা নিশা অঞ্চলতোৰ বাৰণ বৰুৱা নামৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গৰাকীৰ ঘৰত নিশা এটা দুৰ্বিত্তই সোমাই মহিলা গৰাকীৰ ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰাৰ লগতে লুটি লৈ যায় প্ৰায় ৩ হেজাৰ টকাৰ নগদ ধন আৰু মোবাইল ফোন। গুৰুতৰ ভাবে আহত মহিলা গৰাকীক ততাতৈয়াকৈ স্থানীয় ৰাইজে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। সাম্প্রতিক বাৰণ বৰুৱা সংকট মুক্ত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গৰাকী অকলশৰীয়াকৈ অঞ্চলটোত বাস কৰি আহিছিল। আনহাতে এই সমগ্ৰ ঘটনা ড্ৰাগছৰ বাবে সংঘটিত হৈছে বুলি যোৰহাট আৰক্ষীয়ে সন্দেহ কৰিছে। কিয়নো দুৰ্বিত্তই মহিলা গৰাকীয়ে ডিঙিত পিন্ধা থকা সোনৰ চেইন দুৰ্বিত্তই লৈ নগ'ল। ইতিমধ্যে মহিলা গৰাকীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত যোৰহাট আৰক্ষী চকিত এজাহাৰ দাখিল কৰিছে।

Conclusion:আৰক্ষীয়ে তহল দিয়াৰ পাছতো কিদৰে ঘটনা সংঘটিত হৈছে ইয়াক লৈ সচেতন নাগৰিক সমাজৰ মাজত সৃষ্টি কৰিছে চাঞ্চলৰ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.