ETV Bharat / state

Jorhat Porn Video viral case : কোন কোন নামী দামী ব্যক্তিৰ লগত সম্পৰ্ক আছিল যুৱতীগৰাকীৰ?

author img

By

Published : Jul 5, 2023, 6:01 PM IST

Jorhat porn video case update
কোন কোন নামী দামী ব্যৱসায়ী, চাকৰিয়ালৰ লগত শাৰীৰিক সম্পৰ্ক আছিল যুৱতীগৰাকীৰ?

"মই স্থানীয় যুৱক নাছিলো বাবেই তাইৰ লগতে ঘৰৰ লোকে তাইৰ দোষ ঢাকিবলৈ মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷ মই তেওঁলোকৰ ইজী টাৰ্গেট আছিলো ৷ মই জানিব পৰামতে পৰ্ণ ভিডিঅ’ত জড়িত থকা যুৱতীগৰাকী লগত চৰকাৰী চাকৰিয়ালৰ লগতে বহুতো নামী দামী ব্যৱসায়ীৰ শাৰীৰিক সম্পৰ্ক আছিল ৷"-অভিযুক্ত ছাত্ৰৰ বিস্ফোৰক মন্তব্য

কোন কোন নামী দামী ব্যৱসায়ী, চাকৰিয়ালৰ লগত শাৰীৰিক সম্পৰ্ক আছিল যুৱতীগৰাকীৰ?

যোৰহাট , 5 জুলাই : "মই যুৱতীগৰাকীৰ পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰা নাছিলো, মোৰ ফোনৰ পৰা কোনো পৰ্ণ ছাইটত ফটো, ভিডিঅ’ আপলোড কৰা নাছিলো ৷ তাইক মই ছচিয়েল মিডিয়াযোগেহে চিনি পাইছিলো, তাইক মাজতে দুই তিনিবাৰ লগ পাইছিলো, তাইৰ লগত মই তেনেকে ঘনিষ্ঠও নাছিলো, মই স্থানীয় যুৱক নাছিলো বাবেই তাইৰ লগতে ঘৰৰ লোকে তাইৰ দোষ ঢাকিবলৈ মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷ মই তেওঁলোকৰ ইজী টাৰ্গেট আছিলো ৷ মই জানিব পৰামতে পৰ্ণ ভিডিঅ’ত জড়িত থকা যুৱতীগৰাকী লগত চৰকাৰী চাকৰিয়ালৰ লগতে বহুতো নামী দামী ব্যৱসায়ীৰ শাৰীৰিক সম্পৰ্ক আছিল ৷" 44 দিন কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত ছাত্ৰৰ বিস্ফোৰক মন্তব্য ৷

যোৰহাটৰ পৰ্ণ ভিডিঅ’ কাণ্ডত জেললৈ যাব লগা হোৱা শৰ্মা উপাধিৰ নামৰ যুৱকজনে বুধবাৰে সংবাদমাধ্যমৰ আগত কয় যে, যুৱতীগৰাকীৰ পৰ্ণ ভিডিঅ’ ভাইৰেল হৈ যোৱাৰ পিচতেই যুৱতীগৰাকীক সমাজত ভাল হিচাপে প্ৰতিষ্ঠা কৰাবলৈকে যুৱকজনক দোষী সজোৱা হৈছিল ৷ উল্লেখ্য যে, যুৱতীগৰাকী তথা পৰিয়ালৰ লোকে জনৈক শৰ্মাৰ বিৰুদ্ধে পুলিবৰ থানাত ধৰ্ষণ কৰা অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল ৷

তাৰ পিচতে পৰিয়াল লোকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে জনৈক শৰ্মা নামৰ যুৱকজনক ধৰ্ষণৰ গোচৰত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু এই ঘটনাৰ দুদিনৰ পিচতেই যোৱা 6 মে’ তাৰিখে পৰ্ণ ভিডিঅ’ ভাইৰেল কৰাৰ বাবেই এজন 72 বছৰীয়া বৃদ্ধই আত্মহত্যা কৰিছিল ৷ তাৰ পিচতেই পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য ৷ ইয়াৰ পিচতেই আৰক্ষীয়ে যুৱতীগৰাকী আৰু এই পৰ্ণ ভিডিঅ’ৰ লগত জড়িত অভিষেক কাশ্যপ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰি জেললৈ হাজোতলৈ প্ৰেৰণ কৰিছিল যোৰহাট আৰক্ষীয়ে ৷

44 দিনকৈ জেলত থাকিব লগা হোৱা যুৱকজনে এই পৰ্ণ ভিডিঅ’ কাণ্ডৰ সঠিকভাৱে তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে বুলি সদৰী কৰে ৷ তাৎপৰ্যপূৰ্ণ যে, আৰক্ষীৰ নিৰপেক্ষ তদন্তহে উক্ত ঘটনাত কিমান লোক জড়িত আছে তথা যুৱকজনে কোৱা কথাবোৰ কিমান সঁচা বা মিছা সেয়া স্পষ্ট হ'ব ৷

লগতে পঢ়ক: Jorhat Porn video case: মানসিক তৃপ্তিৰ বাবেই প্ৰস্তুত কৰিছিল নগ্ন ভিডিঅ’; জেৰাত স্বীকাৰ অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.