Open firing in Jorhat : যোৰহাটৰ মাজ মজিয়াত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা

author img

By

Published : Nov 27, 2022, 11:20 AM IST

Open Fire in Jorhat

অনিমেশ ভূঞা হত্যাকাণ্ডৰ এবছৰ নৌহওঁতেই যোৰহাট আৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাই একেই স্থানতে সংঘটিত হ’ল গুলীচালনাৰ ঘটনা (Miscreants open firing in Jorhat)৷ আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ প্ৰায়েই যোৰহাট চহৰত সংঘটিত হ’বলৈ ধৰিছে এনেধৰণৰ ঘটনা ৷ চিন্তিত হৈ পৰিছে যোৰহাটবাসী ৷

যোৰহাট, 27 নৱেম্বৰ : যোৰহাটৰ মাজমজিয়াস্থিত মাৰোৱাৰীপট্টিত শনিবাৰে সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা । দাবী কৰা ধন নিদিয়া বাবেই এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰীলৈ গুলীচালনা দুৰ্বৃত্তৰ (Miscreants open firing in Jorhat)। দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত হয় সুনীল কুমাৰ শৰ্মা নামৰ এজন কৰ্মচাৰী ৷

যোৰহাটৰ মাজমজিয়াস্থিত এখন ব্যৱসায়ী প্ৰতিষ্ঠানত শনিবাৰে দুই দুৰ্বৃত্তই গুলীচালনা কৰি এজন কৰ্মচাৰীক আঘাতপ্ৰাপ্ত কৰে । যোৰহাটৰ মাৰোৱাৰীপট্টিত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা (Firing at Marwari Patty Jorhat )। দাবী কৰা ধন নিদিয়া বাবে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীলৈ গুলীচালনা কৰে দুৰ্বৃত্তই ।

ঘটনাৰ বিৱৰণি অনুসৰি শনিবাৰে নিশা প্ৰায় দহ বজাত যোৰহাটৰ ব্যৱসায়িক প্ৰতিষ্ঠান নৱলচান্দ ৰাম কিষণত (Nawal Chand Ramkishan) উপস্থিত হয় দুই অস্ত্ৰধাৰী যুৱক । ব্যৱসায়িক প্ৰতিষ্ঠানখনত উপস্থিত হৈ অস্ত্ৰধাৰী যুৱকদ্বয়ে প্ৰতিষ্ঠানখনৰ পৰা ধন দাবী কৰে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানখনত সেই সময়ত মালিক নাই বুলি কৰ্মচাৰী সুনীল কুমাৰ শৰ্মাই জনাইছিল যুৱকদ্বয়ক । ইয়াতে ক্ষুন্ন হৈ দুৰ্বৃত্ত দুটাই কৰ্মচাৰীজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰু গুলীয়ে ভেদ কৰে কৰ্মচাৰীজনৰ এখন ভৰি ।

যোৰহাটৰ মাজ মজিয়াত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা

গুলীৰ শব্দ শুনি ওচৰত উপস্থিত থকা লোকসকল ব্যৱসায়ী প্ৰতিষ্ঠানৰ ভিতৰত উপস্থিত হয় ৷ ইয়াৰ পাচতে দুৰ্বৃত্ত দুটা পলাবলৈ চেষ্টা কৰাৰ সময়তে এটা দুৰ্বৃত্তক ৰাইজে আটক কৰিবলৈ সক্ষম হয় যদিও আনটো পলাই যায় । ইতিমধ্যে আহত কৰ্মচাৰীজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ।

ঘটনাস্থলীৰ পৰা দুৰ্বৃত্ত দুটাই ব্যৱহাৰ কৰাৰ এটা 0.22 পিষ্টল আৰু চাৰিজাঁই সজীৱ গুলীৰ লগতে এটা বেগ উদ্ধাৰ কৰা হৈছে । আনহাতে ৰাইজে আটক কৰা অস্ত্ৰধাৰী দুৰ্বৃত্ত অমৰজ্যোতি গগৈ ওৰফে সৌৰভক আৰক্ষীয়ে আটক কৰি জেৰা অব্য়াহত ৰাখিছে ৷ দুৰ্বৃত্তটোক লগত লৈ বিভিন্ন তথ্য আৰু আপত্তিজনক সামগ্ৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, মাত্ৰ এটা বছৰ পূৰ্বে অৰ্থাৎ ২৯ নৱেম্বৰত যোৰহাটৰ মাজমজিয়াৰ একেই স্থানতে এদল লোকে ছাত্ৰ নেতা অনিমেশ ভূঞাক মৰিয়াই মৰিয়াই হত্যা কৰিছিল (Mob lynching in Jorhat)৷ ইয়াৰ পাচত শনিৰবাৰে অৰ্থাৎ 26 নৱেম্বৰৰ নিশাও একেই স্থানতে গুলী চালনাৰ ঘটনা সংঘটিত হ’ল ৷

যোৰহাটৰ মাজমজিয়াত সংঘটিত এনেবোৰ ঘটনাৰ পাচত নিৰাপত্তাজনিত দিশটোৱে বিশেষ চৰ্চা লাভ কৰিছে ৷ স্থানীয় লোক অভিযোগ অনুসৰি আৰক্ষী-প্ৰশাসনে সাধাৰণ জনতাক সুৰক্ষা প্ৰদানত বিফল হৈছে ৷ একাংশ লোকে মন্তব্য কৰা অনুসৰি দিনৰ ভাগত উক্ত অঞ্চলত আৰক্ষীয়ে তহল দিয়ে যদিও নিশা অঞ্চলটোত আৰক্ষীৰ লোক উপস্থিত নাথাকে ৷

লগতে পঢ়ক : Firing at Jorhat : নিশাৰ অন্ধকাৰত যোৰহাটৰ মাজমজিয়াত গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.