ETV Bharat / state

চান্দাৰ বিৰুদ্ধে যোৰহাট ব্যৱসায়ী সন্থা

author img

By

Published : Apr 25, 2019, 7:46 PM IST

বলপূৰ্বক বিহু অৰিহণাৰ বিৰুদ্ধে যোৰহাট ব্যৱসায়ী সন্থাৰ বৈঠক

ভাবুকিৰে সংগ্ৰহ কৰা অৰিহণাৰ সন্দৰ্ভত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰে ব্যৱসায়ী সন্থাই । লগতে সকলো জাতীয় সংগঠনৰ প্ৰতি শ্ৰদ্ধাৰে আগবঢ়োৱা বিহুৰ অৰিহণা সন্মান সহকাৰে গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াৰ সকলে ।

যোৰহাট, ২৫ এপ্ৰিলঃ যোৰহাট চেম্বাৰছ অৱ কৰ্মাচ ভৱনত বিহু অৰিহণাৰ বিৰুদ্ধে যোৰহাট ব্যৱসায়ী সন্থাৰ গুৰুত্বপূৰ্ণ বৈঠক । একাংশ জাতীয় সংগঠনৰ নেতা-পালিনেতাৰ আচৰণত ক্ষুব্ধ যোৰহাটৰ ব্যৱসায়ী ।

বলপূৰ্বক বিহু অৰিহণাৰ বিৰুদ্ধে যোৰহাট ব্যৱসায়ী সন্থাৰ বৈঠক


বিহুৰ নামত একাংশ সংগঠনে জোৰ-জোলোমকৈ তথা ভাবুকিৰে বিভিন্ন ব্যৱসায়ীৰ পৰা একাংশ জাতীয় সংগঠনৰ নামধাৰী নেতা-পালি নেতাই হকে বিহকে বিহুৰ নামত চান্দা সংগ্ৰহ কৰি ব্যতিব্যস্ত কৰি তোলাৰ অভিযোগ যোৰহাটৰ ব্যৱসায়ী সকলৰ । উল্লেখযোগ্য যে, একাংশ ব্যৱসায়ীক প্ৰতিষ্ঠানক এক লাখ টকালৈ বিহুৰ নামত ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ী সকলে । জোৰ-জুলুম তথা ভাবুকিৰে সংগ্ৰহ কৰা অৰিহণাৰ সন্দৰ্ভত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰে ব্যৱসায়ী সন্থাই । লগতে সকলো জাতীয় সংগঠনৰ প্ৰতি শ্ৰদ্ধাৰে আগবঢ়োৱা বিহুৰ অৰিহণা সন্মান সহকাৰে গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে ব্যৱসায়ী সন্থাটোৰ বিষয়ববীয়াসকলে ।

আৰু পঢ়কঃ গোগামুখত পালন ব’হাগী উৎসৱ 2019

ছান্ডা সংকৃতিৰ বিৰুদ্ধে গূৰুত্বপূৰ্ণ বৈঠক।।

অসমীয়াৰ বাপতি সাহোন বিহুৰ নামত একাংশ সংগঠনে জোৰ-জোলোমকৈ তথা ভাবুকিৰে সংগ্ৰহ কৰা অৰিহণাৰ বিৰুদ্ধে গূৰুত্বপূৰ্ণ বৈঠকত মিলিত হল যোৰহাটৰ ব্যৱসায়িক সন্হা।যোৰহাটত বিগত সময়চোৱাত বিশেষকৈ বিহুৰ সময়ত বিহু উদযাপন কৰাৰ নামত চহৰখনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত একাংশ জাতীয় সংগঠনৰ নামধাৰী যুৱকে হকে বিহকে ছান্ডা সংগ্ৰহ কৰি ব্যস্তিব্যস্ত কৰি তুলিছে ব্যৱসায়িক সকলক‌।যাৰ ফলত আজি চেম্বাৰছ অৱ কৰ্মাচ ৰ ভৱনত গূৰুত্বপূৰ্ণ বৈঠক মিলিত হবলৈ বাধ্য হয়।বৈঠকত যোৰহাটৰ সকলোবোৰ ব্যৱসায়িয়ে একগোট হৈ বিহুৰ নামত জুৰ জুলুমকৈ সংগ্ৰহ কৰা ছান্ডাৰ সন্দৰ্ভত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ক অৱগত কৰাৰ কথা অৱগত কৰে।লগতে অনুৰোধ জাতীয় সংগঠন প্ৰতি শ্ৰদ্ধাৰে আগবঢ়োৱা বিহুৰ অৰিহনা গ্ৰহন কৰে অযথা হাৰাশাস্তি নকৰিবলৈ।উল্লেখযোগ্য যে যোৰহাটৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত এক লাখ টকালৈ বিহুৰ নামত ধন দাবী কৰাৰ অভিযোগ উত্থাপিত কৰি ব্যৱসায়িক সন্হাৰ বিষয় ববিয়াই।বিহুৰ নামত ধন দাবী কৰা ঘটনাৰ ফলত যোৰহাটৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাজত চেপা উত্তেজনাৰ সৃষ্টি হৈছে।

একাংশ নামধাৰী জাতীয় সংগঠনৰ কৰ্মীৰ বাবেই বাপতি সাহোন ৰঙালী বিহু এতিয়া বিক্ৰী হবলৈ ধৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.