ETV Bharat / state

যোৰহাটত চোৰাং গৰুভৰ্তি 5 খনকৈ বাহন জব্দ

author img

By

Published : Feb 14, 2021, 10:22 PM IST

illegal cow vehical
চোৰাং গৰুভৰ্তি বাহন

দেওবাৰে যোৰহাটত জব্দ 5 খনকৈ চোৰাং গৰুভৰ্তি বাহন ৷ বাহন কেইখন গৈ থকা অৱস্থাত বাহনত গৰু প্ৰত্যক্ষ কৰে কেইজনমান যুৱকে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে জব্দ কৰে বাহনকেইখন ৷

যোৰহাট,14 ফেব্ৰুৱাৰী : যোৰহাটত দেওবাৰে জব্দ হৈছে 5 খনকৈ চোৰাং গৰুভৰ্তি বাহন ৷ এইবাৰ আৰক্ষীৰ বিপৰীতে স্থানীয় ৰাইজে জব্দ কৰে বাহন কেইখন ৷

চোৰাং গৰুভৰ্তি বাহন

জানিব পৰা মতে, দেওবাৰে দিনৰ ভাগত যোৰহাটৰ বাইপাছত চোৰাং গৰুভৰ্তি বাহন কেইখন গৈ থাকোতে এখনৰ পৰা এটা গৰু পৰি যোৱা দেখি কেইজনমান যুৱকে সন্দেহ কৰি বাহন কেইখন আগচি ধৰে ৷ ইয়াৰ পাচত যুৱক কেইজনে বাহন কেইখনত চোৰাং ভাৱে নিয়া গৰু প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।

পৰৱৰ্তী সময়ত বাহন কেইখন জব্দ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : ধেমাজিত অসম আন্দোলনৰ শ্বহীদ কমল বৰালৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.