ETV Bharat / state

Husband cuts of wifes finger: সামান্য কথাতে পত্নীৰ বুঢ়া আঙুলি কাটিলে স্বামীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 2:13 PM IST

Husband harassed wife
সামান্য কথাতে পত্নীৰ বুঢ়া আঙুলি কাটিলে স্বামীয়ে

বিবাহ বহিৰ্ভূত সম্পৰ্কই কাল মাতিলে এটা পৰিয়াললৈ ৷ পত্নীৰ অমানুষিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি আৰক্ষীৰ কাষ চাপিলে পত্নীয়ে ৷ পত্নীৰ বুঢ়া আঙুলি কাটিলে স্বামীয়ে ৷

সামান্য কথাতে পত্নীৰ বুঢ়া আঙুলি কাটিলে স্বামীয়ে

টীয়ক, 5 অক্টোবৰ : বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে ছাৰখাৰ হ’ল এখন ঘৰ ৷ শিক্ষক সমাজত কলংক সানিলে টীয়ক মধ্য দক্ষিণ দুলীয়া প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকে ৷ নিজ পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি বাওঁহাতৰ বুঢ়া আঙুলিটো কাটি পেলাই শিক্ষকজনে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিক্ষকগৰাকীৰ পত্নীয়ে ৷

শিক্ষকগৰাকীৰ পত্নীয়ে দিয়া ঘটনাৰ বিৱৰণী অনুসৰি, ২০১৯ চনত নলবাৰী জিলাৰ জনৈক শৰ্মা নামৰ শিক্ষকজন মাজুলীৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ তাৰ পিচতে তেওঁলোকে কৰ্মসূত্ৰে টীয়কত থাকিবলৈ লয় দম্পতীটোৱে । শিক্ষকজনৰ পৰিবাৰ অন্তঃসত্বা হোৱা অৱস্থাত তেওঁক গৌতম শৰ্মাই নিজৰ ঘৰলৈ পঠিয়াই দিয়ে ৷

ইয়াৰোপৰি শিক্ষকগৰাকীৰ পত্নীয়ে কোৱা অনুসৰি, পত্নীৰ ঘৰলৈ যোৱাৰ সুযোগ লৈ পৰৱৰ্তী সময়ত বিদ্যালয়ৰ এগৰাকী সহ-শিক্ষয়ত্ৰীৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তোলে শিক্ষকগৰাকীয়ে ৷ তাৰ পিচৰে পৰা পত্নীক শিক্ষকজনে শাৰীৰিক তথা মানসিক অত্যাচাৰ চলাই আহিছে ৷ কিন্তু এই অত্যাচাৰৰ ঘটনা ক্ৰমাৎ বৃদ্ধি হোৱাত বৃহস্পতিবাৰে পুৱাই সামান্য কথাতে শিক্ষকগৰাকীয়ে পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি বাওঁ হাতৰ বুঢ়া আঙুলিটো কাটি দিয়ে । এই ঘটনা সংঘটিত কৰি পুত্ৰক লগত লৈ শিক্ষকগৰাকী ঘৰৰ পৰা ওলাই যায় ৷

স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আজি আঘাতপ্ৰাপ্ত পত্নীয়ে নিজৰ সুৰক্ষা বিচাৰি টীয়ক থানাত উপস্থিত হয়। ইতিমধ্য পত্নীয়ে সমগ্ৰ ঘটনা বিৱৰি টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। তেওঁ জনাইছে যে সংসাৰখন বৰ্তাই ৰখাৰ স্বাৰ্থত পত্নীয়ে অশেষ দুখ যান্ত্ৰণা সহ্য কৰি আহিছিল যদিও আজি নিজৰ লগতে কণমানি দেৱশিশুটিৰ ভৱিষ্যত চিন্তা কৰি এইদৰে আঘাতপ্ৰাপ্ত অৱস্থাতে আৰক্ষীৰ কাষ চাপিছে ৷ লগতে ইয়াৰ এক উচিত ব্যৱস্থা কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে ৷

উল্লেখযোগ্য বহু দিনৰ পৰাই স্বামী আৰু সহকৰ্মীৰ মাজত চলি থকা সম্পৰ্কৰ অশ্লীল ফটো, ভিডিঅ’ও উদ্ধাৰ কৰিছিল পত্নীয়ে ৷ তেতিয়াৰ পৰাই দুয়োৰে মাজত সম্বন্ধ ক্ৰমাৎ বেয়ালৈ গতি কৰে ৷ শেহতীয়াকৈ পত্নীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ জ্বলাই দিয়াৰ অভিযোগ তুলিছে শিক্ষক স্বামীৰ বিৰুদ্ধে ভুক্তভোগী পত্নীয়ে ।

লগতে পঢ়ক: Jonmani Rabha death updates: নগাঁৱত লখিমপুৰৰ তদানীন্তন আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক জেৰা চি বি আইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.