ETV Bharat / state

COVID LOCKDOWN কেনেকৈ আশীৰ্বাদ হ’ল চৰকাৰী বিদ্যালয়ৰ বাবে ?

author img

By

Published : Nov 14, 2021, 8:55 PM IST

covid lockdown has changed image of government schools in assam
COVID LOCKDOWN কেনেকৈ আশীৰ্বাদ হ’ল চৰকাৰী বিদ্যালয়ৰ বাবে ?

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আগ্ৰাসন একপ্ৰকাৰ ভাবুকি হৈ পৰিছিল চৰকাৰী শিক্ষাখণ্ডৰ বাবে । ছাত্ৰ-ছাত্ৰীৰ অভাৱত তলা ওলমাৰ পৰিৱেশ সৃষ্টি হৈছিল বহু বিদ্যালয়ত ৷ কিন্তু ক’ভিড সৃষ্ট লকডাউনে সলনি কৰিছে ছবি সবিশেষ জানো আহক ৷

যোৰহাট, 14 নবেম্বৰ : ক'ভিডসৃষ্ট পৰিবেশ স্বাভাৱিক কৰিবলৈ চৰকাৰে হাতত লোৱা লকডাউন একাংশ চৰকাৰী বিদ্যালয়ৰ বাবে হৈ পৰিল আৰ্শীবাদ স্বৰূপ । লকডাউনৰ পাছতেই ব্যক্তিগত খণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ এতিয়া বৈছে বহু শিক্ষাৰ্থীৰ সোঁত । লকডাউনৰ ফলত যেন পুনৰ প্ৰাণ পাই উঠিল ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষাখণ্ডৰ বিদ্যালয় ।

স্বাভাৱিকতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আগ্ৰাসন একপ্ৰকাৰ ভাবুকি হৈ পৰিছিল চৰকাৰী শিক্ষাখণ্ডৰ বাবে । আনকি বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱত তলা ওলমাৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে আন বহু বিদ্যালয় গতি কৰিছিল মৃতপ্ৰায় অৱস্থালৈ । কিন্তু বৰ্তমান প্ৰকাশ পালে তাৰ এখন বিপৰীত ছবি । শিশুৰ কলকলনিত পুনৰ মুখৰিত হৈ পৰিছে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বাকৰি ৷

COVID LOCKDOWN কেনেকৈ আশীৰ্বাদ হ’ল চৰকাৰী বিদ্যালয়ৰ বাবে ?

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱালেহে নিজ সন্তানে ভৱিষ্যৎ গঢ়িব লৈ সক্ষম হ’ব বুলি ধাৰণা লৈ বহু অভিভাৱকে চৰকাৰী বিদ্যালয় এৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সন্তানক নামভৰ্তি কৰিছিল । কিন্তু দীৰ্ঘদিনীয়া লকডাউনৰ প্ৰভাৱত অধিকাংশ শ্ৰমজীৱী অভিভাৱকৰ উপাৰ্জনত যটি পৰিল । মাহেকীয়া মাচুল দিবলৈ অপাৰগ হৈ পৰিল বহু অভিভাৱক ।

তদুপৰি এতিয়াৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থকাৰ দিনত মেধাৰ ভিত্তিত সৰ্ববৃহৎ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াই অভূতপূৰ্ব পৰিবৰ্তন আনিলে চৰকাৰী বিদ্যালয়লৈ । ইপিনে চৰকাৰী বিদ্যালয়ত অধ্যয়নত শিক্ষাৰ্থীয়েহে শিক্ষাখণ্ডৰ বিভিন্ন আঁচনি বিনামূলীয়াকৈ যেনে মধ্যাহ্ন ভোজন, সাজপাৰ, কিতাপ পত্ৰ তথা জলপানি আদি লাভ কৰাৰ যি ব্যৱস্থা কৰিছে তাত অভিভাৱক তথা ছাত্ৰ ছাত্ৰী আকৰ্ষিত হৈছে । একেই পৰিৱেশ দেখা গ’ল যোৰহাট জিলাৰ টীয়কৰ একাংশ বিদ্যালয়তো ৷

অৱশ্যে, সমগ্ৰ ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত এতিয়াও অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও, এক বুজন সংখ্যক বিদ্যালয়ত সম্প্ৰতি দেখা গৈছে এই পৰিস্থিতি ৷ কিন্তু, এনে এটা পৰিস্থিতিটো সলনি হোৱা নাই চৰকাৰী বিদ্যালয় সমূহৰ আন্তঃগাঁঠনি । অনাগত সময়ত আন্তঃগাঁঠনিৰ ব্যাপক উন্নয়ন সম্ভৱ হৈ উঠিলে চৰকাৰী বিদ্যালয় সমূহে পূৰ্বৰ গৰিমা পুনৰ লাভ কৰিব বুলি আশা কৰিছে শিক্ষক সমাজ তথা সচেতন মহলে ৷

লগতে পঢ়ক : Cattle sumggling : বাহনৰ গোপন কোঠাৰ পৰা উদ্ধাৰ 23 টাকৈ পশুধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.