ETV Bharat / state

JMCH news: যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ পাঠ্যক্ৰম বন্ধ নহয়; অধীক্ষক

author img

By

Published : Jun 2, 2023, 5:57 PM IST

JMCH news
JMCH surgery department news

উজনি অসমৰ অন্য়তম চিকিৎসা বিজ্ঞানৰ শিক্ষানুষ্ঠান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগ বন্ধ হ’ব বুলি চলিছিল এক অপপ্ৰচাৰ ৷ শুকুৰবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই (JMCH surgery department news) ৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ পাঠ্যক্ৰম বন্ধ নহয়

যোৰহাট, 2 জুন: শেহতীয়াকৈ চৰ্চা হৈ থকা এটা খবৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই ৷ চিকিৎসা মহাবিদ্যালয়খনৰ শল্য চিকিৎসা বিভাগৰ পাঠ্যক্ৰম বন্ধ হ’ব বুলি প্ৰচাৰ চলাইছিল এক অজ্ঞাত চক্ৰই ৷ তাৰ পাচতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এই বিষয়টোক লৈ ৷ কিন্তু শুকুৰবাৰে এয়া ভুৱা প্ৰচাৰ বুলি দাবী কৰিছে JMCH ৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই (Department of Surgery at Jorhat Medical College) ৷

তেওঁ কয় যে, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ দলে চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰাটো সঁচা ৷ সেই সময়ত দলটোৱে শল্য চিকিৎসাৰ বাবে থাকিব লগীয়া উন্নত যন্ত্ৰ-পাতি তথা আচবাব দেখা পোৱা নাছিল বিভাগটোত ৷ যাৰ বাবে অতিশীঘ্ৰে বিভাগটোত উন্নত প্ৰযুক্তি কৌশল স্থাপনৰ বাবে নিৰ্দেশ দিয়ে ৰাষ্ট্ৰীয় চিকিৎসালয় আয়োগৰ পৰিদৰ্শনকাৰী দলটোৱে (Courses in department of Surgery at JMCH) ৷

ইতিমধ্যে এই সম্পৰ্কে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ৰাজ্য চৰকাৰলৈ পত্ৰ লিখিছে বুলি ডাঃ বৰুৱাই উল্লেখ কৰে । শীঘ্ৰে এইসমূহ উন্নত যন্ত্ৰ-পাতি শল্য চিকিৎসা বিভাগত অন্তৰ্ভুক্ত হ'ব বুলি JMCH ৰ অধীক্ষ ডাঃ পূৰ্ণিমা বৰুৱাই মত প্ৰকাশ কৰে আৰু এনে ধৰণৰ ভুৱা প্ৰচাৰে পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থী আৰু অভিভাৱক সকলক মনোকষ্ট দিয়ে বুলি মন্তব্য কৰে (JMCH surgery department news)।

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে চিকিৎসা মহাবিদ্যালয় সমূহত চলোৱা ক্ষেত্ৰভিত্তিক অভিযানক আদৰণি জনায় অধীক্ষকগৰাকীয়ে । আনহাতে, ENT বিভাগৰ পাঠ্যক্ৰমো বাতিল হোৱা বুলি চলা প্ৰচাৰকো অস্বীকাৰ কৰে অধীক্ষক গৰাকীয়ে ।

উল্লেখযোগ্য যে, বৰ্তমান অসমৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল হোৱাৰ সম্ভাৱনাৰ এক খবৰে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ তেনে সময়তে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ পাঠ্যক্ৰম বাতিল হোৱা বুলি ভুৱা খবৰ বিয়পি পৰাৰ লগে যোৰহাট জিলাতো প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকগৰাকীৰ ভাষ্যই এই মুহূৰ্তত যোৰহাটবাসীলৈ এক আশা বতৰা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক: Bhupen Kumar Borah: মুখ্যমন্ত্ৰীয়ে ‘টি আৰ পি’ৰ পিছে পিছে দৌৰোতে অসমৰ তিনিখন মেডিকেল কলেজে স্বীকৃতি হেৰুৱাব : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.