ETV Bharat / state

টীয়কত কংগ্ৰেছৰ মাৰথান প্ৰচাৰ অভিযান

author img

By

Published : Mar 18, 2021, 10:13 AM IST

অব্যাহত আছে কংগ্ৰেছৰ মাৰথান প্ৰচাৰ অভিযান ৷ বুধবাৰে শতাধিক নৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে যোগদান কংগ্ৰেছ দলত ৷

টীয়কত কংগ্ৰেছৰ মাৰথান প্ৰচাৰ অভিযান
টীয়কত কংগ্ৰেছৰ মাৰথান প্ৰচাৰ অভিযান

টীয়ক, 18মাৰ্চ: নিৰ্বাচনলৈ মাজত মাত্ৰ 9টা দিন বাকী । ইয়াৰ মাজতে ৰাজ্যত অব্যাহত আছে যোগদান প্ৰক্ৰিয়া ৷ বুধবাৰে বিভিন্ন দলৰ বহু কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছ দলত ৷

ৰাজ্যৰ প্ৰতিটো দলে নিজ নিজ ইস্তাহাৰ লৈ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে । পিছ পৰি ৰোৱা নাই টীয়কৰ কংগ্ৰেছো । সমষ্টিৰ চোকে কোণে নিতৌ আঠৰ পৰা দহখনকৈ সভা পাতি প্ৰতিখন সভাতে বহু সংখ্যক সমৰ্থকে যোগদান কৰা পৰিলক্ষিত হৈছে ।

টীয়কত কংগ্ৰেছৰ মাৰথান প্ৰচাৰ অভিযান

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰৰ দিনটোত সমষ্টিৰ গাখীৰখোৱা, চিন্তামণিগড়, জাঁজীমুখকে ধৰি বিভিন্ন অঞ্চলৰ প্ৰায় তিনি শতাধিক পুৰুষ-মহিলাই কংগ্ৰেছ দলত যোগদান কৰে । উল্লেখ্য যে, ইয়াৰে অধিকাংশই অগপ বিজেপিৰ সদস্য তথা দলীয় দ্বায়িত্বত থকা আৰু নৱ প্ৰজন্মৰ প্ৰতিনিধি ৷ পৰিপক্ক নেতৃত্বৰ অভাৱ তথা একনায়কত্ববাদৰ শাসনক পৰাভূত কৰি পৰিৱৰ্তনৰ ঠাইত পৰিত্ৰাণ পাবলৈ কংগ্ৰেছত যোগদান কৰিছে বুলি মন্তব্য কৰিছে যোগদানকাৰী সকলে ।

লগতে পঢ়ক: ছালৰ ৰেশ্বেছ’ৰ কাৰক ক’ভিড অধ্যয়নত প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.