ETV Bharat / state

বাছ সেৱাৰ লগত জড়িত সহস্ৰাধিক পৰিয়ালৰ হাহাকাৰ পৰিস্থিতি

author img

By

Published : Jul 15, 2021, 9:29 PM IST

যোৰহাট জিলাৰ তিতাবৰতো দীৰ্ঘদিনে কৰ'ণা (Covid 19)সৃষ্ট পৰিবেশৰ বাবে আৱদ্ধ হৈ আছে একাধিক নৈশবাছ । বাছৰ চকা নুঘুৰিলেও পথ কৰ (ROAD TAX), পথৰ অনুজ্ঞাপত্ৰ (ROAD PERMIT), ফিটনেছ ছাটিফিকেট (FITNESS CERTIFICATE) ৰ নামত প্ৰতিমাহে বাছৰ গৰাকীয়ে ভৰিব লাগে বুজন পৰিমাণৰ ধন ।

যাত্ৰীবাহী বাছৰ সৈতে জড়িত হাজাৰ হাজাৰ পৰিয়ালৰ হাহাকাৰ পৰিস্থিতি
যাত্ৰীবাহী বাছৰ সৈতে জড়িত হাজাৰ হাজাৰ পৰিয়ালৰ হাহাকাৰ পৰিস্থিতি

তিতাবৰ, 15 জুলাই : ৰাজ্যত আন্তঃজিলা যাতায়ত (Inter-Distric Movement) বন্ধ হৈ পৰাৰ ফলত সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে যাত্ৰীবাহী বাছ (Bus)ৰ সৈতে জড়িত হাজাৰ হাজাৰ কৰ্মচাৰীৰ । ক'ৰণাসৃষ্ট জটিল পৰিবেশৰ বাবে উদ্ভৱ হোৱা লকডাউন সদৃশ পৰিস্থিতিত মাহ মাহ ধৰি চকা ঘুৰা নাই যাত্ৰীবাহী বাছসমূহৰ । যাৰ ফলত বাছৰ গৰাকীসকলৰ লগতে চালক, পৰিচালক আৰু হেণ্ডিমেনৰ পৰিয়ালে এতিয়া উপাৰ্জনৰ অভাৱত লঘোণে থাকিব লগাত পৰিছে । বিশেষকৈ আন্তঃজিলা যাতায়ত বন্ধ হৈ পৰাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে নিশাৰ ভাগত চলাচল কৰা শ শ দূৰণিবটীয়া নৈশবাছৰ কৰ্মচাৰীসকল ।

যাত্ৰীবাহী বাছৰ সৈতে জড়িত হাজাৰ হাজাৰ পৰিয়ালৰ হাহাকাৰ পৰিস্থিতি

যোৰহাট জিলাৰ তিতাবৰতো দীৰ্ঘদিনে কৰ'ণা (Covid 19)সৃষ্ট পৰিবেশৰ বাবে আৱদ্ধ হৈ আছে একাধিক নৈশবাছ । কোনোখন বাছ যদি গৃহস্থৰ চোতালত, কোনোখন আকৌ আছে ৰাজপথৰ কাষত । এইদৰে পৰি থকা দিবা-নৈশ বাছসমূহ সম্প্ৰতি লাহে লাহে বিকল হ'বলৈ আৰম্ভ কৰিছে ।

ইফালে বহু নিৱনুৱা যুৱকে বেংকৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল যাত্ৰীবাহি বাছ । বৰ্তমান পৰিস্থিতিত তেওঁলোকে আদায় দিব পৰা নাই বেংকৰ ঋণৰ কিস্তি । তদুপৰি বাছসমূহ এনেদৰে বন্ধ হৈ আছে যদিও বাছৰ মালিকে ভৰিব লগীয়া হৈছে বীমাৰ ধন ।

ইফালে বাহনৰ চকা নুঘুৰিলেও পথ কৰ (ROAD TAX), পথৰ অনুজ্ঞাপত্ৰ (ROAD PERMIT), ফিটনেছ ছাটিফিকেট (FITNESS CERTIFICATE) ৰ নামত প্ৰতিমাহে বাছৰ গৰাকীয়ে ভৰিব লাগে বুজন পৰিমাণৰ ধন । এনে পৰিস্থিতিত এতিয়া ভীষণ সমস্যাত পৰিছে এইসকল বাছ কৰ্মচাৰী । সেয়েহে দিবা-নৈশ বাছ কৰ্মচাৰীসকলে শীঘ্ৰে আন্তঃজিলা বাছ সেৱা মুকলি কৰি দিয়াৰ লগতে বাছ সেৱাৰ লগত জড়িতসকলক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক : ৰাজ্যত অনিয়ন্ত্রিত হৈ আছে ক'ভিডৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.