আজি অসমৰ হাৰ্থথ্ৰব জুবিন গাৰ্গৰ 50 বছৰীয়া জন্মদিন Happy Birthday Zubin Garg ৷ জন্মদিন উপলক্ষে জুবিন ফ্ৰেন ক্লাৱৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ এই কাৰ্যসূচীৰ অংশ হিচাবে যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত জুবিন গাৰ্গৰ পত্নী তথা ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে গছ পুলি ৰোপন কৰে ৷যোৰহাট 18 নৱেম্বৰ আজি 50 টা বসন্তত ভৰি দিলে হাৰ্থথ্ৰব জুবিন গাৰ্গে Happy Birthday Zubin Garg ৷ যুৱপ্ৰজন্মৰ হাৰ্থথ্ৰবগৰাকীৰ 50 বছৰীয়া উপজা দিন উপলক্ষে যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত গছ পুলি ৰোপন কৰে তেওঁৰ পত্নী তথা ডিজাইনাৰ শৰিমা শইকীয়া গাৰ্গে ৷ লগতে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত চকলেটো বিতৰণ কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰে গৰিমা শইকীয়া গাৰ্গে ৷ জুবিন গাৰ্গে প্ৰকৃতিক ভাল পায় ৷ প্ৰকৃতিক উপভোগ কৰি ভাল পায় জুবিনে ৷ সেয়ে জুবিন গাৰ্গৰ 50 বছৰীয়া এই জন্মদিনতে জুবিন ফ্ৰেন ক্লাৱে হাতত লৈছে এক বিশেষ পদক্ষেপ হাতত লৈছে ৷ জুবিন ফ্ৰেন ক্লাৱৰ উদ্যোগতেই শুকুৰবাৰে যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত ৰোপন কৰা হয় 50 টা গছৰ পুলি ৷যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত গছ পুলি ৰোপনলগতে প্ৰতিজোপা গছৰ পুলিক কণ্ঠশিল্পীগৰাকীৰ প্ৰতিটো এলবামৰ নামেৰে নামাংকৃত কৰা হয় ৷ লগতে পঢ়ক Zubeen Garg Birthday যোৰহাটৰ টানিয়া শৰ্মাই প্ৰস্তুত কৰিলে পঞ্চাশ পাউণ্ডৰ কেকউল্লেখ্য যে জুবিন ফ্ৰেন ক্লাৱৰ উদ্যোগত যোৰহাটত অতি উলহমালহেৰে উদযাপন কৰা হয় যুৱপ্ৰজন্মৰ হাৰ্থথ্ৰবগৰাকীৰ উপজা দিন ৷ পুৱা যোৰহাটত এক চাইকেল ৰেলীৰে যুৱপ্ৰজন্মৰ হাৰ্থথ্ৰবগৰাকীৰ উপজা দিনৰ কাৰ্যসূচী মুকলি কৰে জুবিন ফ্ৰেন ক্লাৱে ৷ তাৰ পাচতে জুবিন ফ্ৰেন ক্লাৱৰ দ্বাৰা 50 টা গছৰ পুলি ৰোপন কৰা হয় ৷যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত গছ পুলি ৰোপনএই কাৰ্যক্ৰমৰ অন্তত জুবিনৰ সহশিল্পীসকলে তেওঁৰ গীতত কণ্ঠদান কৰে ৷ জানিব পৰা মতে শনিবাৰে প্ৰায় 1011 বজাত পঞ্চাশ পাউণ্ডৰ এটা বিশেষ কেক কাটিব 50 pound cake prepared for zubeen । এই কেকটো তৈয়াৰ কৰিবলৈ যোৰহাটৰ গড়মূৰ ইটাখুলিৰ টানিয়া শৰ্মাক প্ৰয়োজন হৈছিল মাত্ৰ দুটা দিনৰ ৷ উল্লেখ্য যে যোৰহাটত ৰাজহুৱাকৈ আয়োজিত জুবিন গাৰ্গৰ এই উপজা দিনৰ অনুষ্ঠানতে ‘ৰাজনীতি ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় ৷ লগতে এই অনুষ্ঠানতে হাৰ্থথ্ৰব জুবিন গাৰ্গে ড৹ বেজবৰুৱাৰ গীতো মুকলি কৰিব ৷ তথ্য অনুসৰি দুপৰ নিশালৈকে যোৰহাটত চলিব জুবিন গাৰ্গৰ উপজা দিনৰ অনুষ্ঠান ৷লগতে পঢ়ক Zubeen Garg birthday চাওঁ আহকচোন শিল্পী সমাজে কেনেদৰে শুভেচ্ছা যাচিছে অসমৰ হাৰ্টথ্ৰব গৰাকীক