Zubeen Garg birthday: চাওঁ আহকচোন শিল্পী সমাজে কেনেদৰে শুভেচ্ছা যাচিছে অসমৰ হাৰ্টথ্ৰব গৰাকীক

author img

By

Published : Nov 18, 2022, 6:59 PM IST

zubeen garg
অসমৰ হাৰ্টথ্ৰব ()

আজি জুবিনৰ জন্মদিন ৷ সমগ্ৰ অসমবাসীয়ে সংগীত শিল্পী গৰাকীলৈ যাচিছে নিজৰ মৰম, শ্ৰদ্ধা,ভালপোৱা তথা আশীৰ্বাদ ৷ তাৰ মাজতে চাওঁ আহকচোন মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত শিল্পী সকলে কি দৰে শুভেচ্ছা জনালে জুবিন গাৰ্গক-

চিটাৰা ডেস্ক, 18 নৱেম্বৰ : উৎফুল্লিত অসম, প্ৰিয় শিল্পীয়ে সম্পূৰ্ণ কৰিলে জীৱনৰ 50 টা বসন্ত ৷ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্মদিনটো এইবাৰ প্ৰায় উৎসৱৰ দৰেই হৈ পৰিল অসমত ৷ ঠায়ে ঠায়ে সংগীতানুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ ফেন ক্লাব সমূহে আয়োজন কৰিছে নানান অনুষ্ঠানৰ ৷

যোৰহাটৰে সৈতে জুবিনৰ আছে এক বিশেষ সম্পৰ্ক ৷ যোৰহাটৰ জে বি কলেজত পঢ়া জুবিনে কোনো দিন পিন্ধা নাছিল ইউনিফৰ্ম ৷ নিজৰ মতেই কলেজলৈ অহা-যোৱা কৰা জুবিনৰ নাছিল তেতিয়া পঢ়াত মন ৷ সংগীতৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকা জুবিনৰ সংগীত ক্ষেত্ৰখনত এই পেছাদাৰী জীৱন যোৰহাটৰ পৰাই আৰম্ভ হৈছিল ৷ সেয়েহে যোৰহাটত এইবাৰ জুবিনৰ 50 বছৰীয়া জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠান ৷ কেইবাজনো সংগীত শিল্পীয়ে সংগীত পৰিৱেশন কৰিব এই অনুষ্ঠানত ৷ ইতিমধ্যেই সকলো যোৰহাটত উপস্থিত হৈছেগৈ ৷ যোৱা নিশা জুবিনে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত কেকো কাটিলে সকলোৰে সৈতে মিলি ৷

চাওঁ আহকচোন পাপনৰ পৰা প্ৰবীণ বৰালৈকে শিল্পী সকলে কিদৰে শুভেচ্ছা জনাইছে প্ৰিয় তাৰকা গৰাকীক-

zubeen garg
অসমৰ হাৰ্টথ্ৰব
zubeen garg
অসমৰ হাৰ্টথ্ৰব
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.