ETV Bharat / state

Bhauna Xamaroh: ভাওনাৰ বচনেৰে মুখৰিত যোৰহাটৰ কাছগড়াল

author img

By

Published : Nov 4, 2022, 1:56 PM IST

Updated : Nov 4, 2022, 3:31 PM IST

৩০ অক্টোবৰৰ পৰা আৰম্ভ হৈছে বৃহত্তৰ কাছগড়াল আঞ্চলিক ভাওনা সমাৰোহৰ(Bhauna Xomaruh observed in Jorhat) । যোৰহাটৰ পূৱ প্ৰান্তৰ কাছগড়ালত পাচদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বৃহত্তৰ কাছগড়াল আঞ্চলিক ভাওনাৰ সমাৰোহৰ । যোৰহাট জিলাৰ লগতে দাঁতিকাষৰীয়া গোলাঘাট আৰু শিৱসাগৰ জিলাৰ ভাওনা দলসমূহেও অংশগ্ৰহণ কৰিছে ভাওনা সমাৰোহত ।

bhauna xomaruh observed in jorhat
ভাওনাৰ বচনেৰে মুখৰিত যোৰহাটৰ কাছগড়াল

যোৰহাট,৪ নৱেম্বৰ: ৰাজ্যৰ চৌদিশে এতিয়া ভক্তিৰ বন্দনা । শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ সমান্তৰালভাৱে আৰম্ভ হৈ আছে ভাওনা আৰু ভাওনা সমাৰোহ(Bhauna Xamaroh observed in Jorhat) । মহাপুৰুষ শংকৰদেৱ আৰু মাধদেৱৰ মহানবাণীক সৰোগত কৰি বৃহত্তৰ কাছগড়ালবাসীৰ ৰাইজে ৩০ অক্টোবৰৰ পৰাৰ ৫ নৱেম্বৰলৈ আয়োজন কৰিছে ভাওনা সমাৰোহৰ । বৃহত্তৰ কাছগড়াল ভাওনা সমাৰোহে এইবাৰ তৃতীয় বৰ্ষত ভৰি দিছে ।

ভাওনাৰ বচনেৰে মুখৰিত যোৰহাটৰ কাছগড়াল

২০১৩ বৰ্ষৰ পৰাৰ কাছগড়ালবাসীৰ ৰাইজে ভাওনা সমাৰোহ অনুষ্ঠিত কৰি আহিছে । বিগত সময়ছোৱাত ক’ভিড মহামাৰীৰ সন্ত্ৰাসৰ বাবে ৰাইজে ভাওনা সমাৰোহ অনুষ্ঠিত কৰিব পৰাৰ নাছিল । ভাওনা সমাৰোহৰ সম্পৰ্কত পৰিচালনা সমিতিৰ এগৰাকী বিষয়ববীয়াই কয় যে, সমাজ এখনক সুস্থিৰ, শান্তি প্ৰতিষ্ঠাৰ আৰু সকলোকে একতাৰে বান্ধি ৰখাৰ প্ৰথম প্ৰয়াসে হৈছে ভাওনা ।

যোৰহাট জিলাৰ লগতে দাতিকাষৰীয়া গোলাঘাট আৰু শিৱসাগৰ জিলাৰ ভাওনা দলসমূহে কাছগড়ালত অনুষ্ঠিত হৈ থকা ভাওনা সমাৰোহত অংশগ্ৰহণ কৰিছে । উক্ত ভাওনা সমাৰোহ উপভোগ কৰিবলৈ দিনৰ ভাগৰ পৰাই ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰাৰ দেখিবলৈ পোৱা গৈছে । সকলো মাথো আহিছে এখন পিছত অনুষ্ঠিত হৈ থকা ভাওনা উপভোগ কৰিবলৈ ।

বৃহত্তৰ কাছগড়ালৰ আকাশে বতাহে ভাহি উঠিছে বিভিন্ন জন ভাওৰীয়া সংলাপ আৰু ভক্তিবাণী । উল্লেখযোগ্য যে দুটা বছৰ বিৰতিৰ অন্তত ৰাজ্যবাসীয়ে মুক্ত মনেৰে বিভিন্ন ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিব পাৰিছে । কাৰণ বিগত দুটা বছৰৰ ক’ভিড মহামাৰীৰ বাবে ৰাজ্যবাসীয়ে মুক্ত মনেৰে ধৰ্মীয় কাম কাজ কৰাত বাধা আহি পৰিছিল । এতিয়া ক’ভিড মুক্ত সেয়েহে ৰাজ্যত আকাশে বতাহে গুঞ্জৰিত হৈছে ৰাস-ভাওনাৰ সংলাপ আৰু ভক্তিৰসৰ বাণী ।

লগতে পঢ়ক: Teacher irregularities : ১০ বজাৰ পাছতো বিদ্যালয়লৈ নাহে ছাৰ-বাইদেউ

Last Updated : Nov 4, 2022, 3:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.