Bharat Jodo Yatra: ভাৰত জোড়ো যাত্ৰাৰে কংগ্ৰেছে টীয়কত দেখুৱালে চমক

author img

By

Published : Dec 4, 2022, 4:25 PM IST

Bharat Jodo Yatra

যোৰহাট জিলাৰ টীয়কত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা (Congress Bharat Jodo Yatra in Teok) । যাত্ৰাত অংশগ্ৰহণ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰ, ৰকিবুল হুছেইন ,বিৰোধী দলপতি দেবব্ৰত শইকীয়া আদি কংগ্ৰেছৰ নেতাসকলৰ ।

যোৰহাট, ৪ ডিচেম্বৰ: ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ উলিওৱা ভাৰত জোড়ো যাত্ৰাই (Rahul Gandhi Bharat Jodo Yatra) অসমক সামৰি লোৱা নাই যদিও অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত অসমতো চলি আছে এই যাত্ৰা (Assam Congress Bharat Jodo Yatra) । ইতিমধ্যে নামনি অসমত আৰম্ভ হোৱা এই যাত্ৰাই মধ্য অসমৰ পৰা গৈ উজনি অসমত প্ৰৱেশ কৰিছে (Bharat Jodo Yatra in Upper Assam)।

ভাৰত জোড়ো যাত্ৰাৰে কংগ্ৰেছে টীয়কত দেখুৱালে চমক

যোৰহাট নগৰৰ পাছত দেওবাৰে ভাৰত জোড়ো যাত্ৰাৰে কংগ্ৰেছে টীয়কত দেখুৱালে চমক (Bharat Jodo Yatra in Teok)। দুপৰীয়া টীয়ক সমষ্টিৰ বলমা তিনিআলিস্থিত কলিয়াপানী ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ৰ পৰা কলিয়াপানীৰ খেলপথাৰলৈ ৫ কিলোমিটাৰ পথত সমদলত দুই সহস্ৰাধিক কংগ্ৰেছ কৰ্মী,ৰাইজে এই যাত্ৰাত অংশ গ্ৰহণ কৰে । উক্ত যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, দলৰ কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী, কমলাক্ষ দেৱ পুৰকায়স্থ, বিধায়ক ভাস্কৰ বৰুৱা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা ঠাকুৰ ,পল্লৱী শইকীয়া গগৈকে ধৰি বহুকেইগৰাকী নেতা- কৰ্মীয়ে অংশ গ্ৰহণ কৰে ।

ইপিনে, এয়া বিজেপিৰ আভুৱা ভৰা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ক্ষোভৰ প্ৰতিচ্ছবি বুলি কংগ্ৰেছ মন্তব্য় কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ইয়াৰ পূৰ্বে পুৱা কংগ্ৰেছ নেতৃত্বই টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ধূপ নৈবদ্য চাকি আগবঢ়াই সেৱা লৈ সমূহ অসমবাসীৰে মংগল কামনা কৰে । উল্লেখযোগ্য যে কংগ্ৰেছ নেতৃত্বই ঢেঁকীয়াখোৱাৰ পৰা ওলাই হোলোঙাপাৰস্থিত লাচিত বৰফুকনৰ মৈদামত উপস্থিত হৈ বীৰজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মৈদাম তৰ্পণ কৰে ।

লাচিত বৰফুকনক বিশ্ব প্ৰেক্ষাপটত প্ৰতিষ্ঠাৰ অৰ্থে অসম চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনাইছে যদিও কংগ্ৰেছৰ শাসনৰ দিনত লাচিতক ধৰি জাতীয় বীৰসকলক লৈ যিসমূহ কাৰ্যসূচী তথা প্ৰতিমূৰ্তি আদি নিৰ্মান কৰা হৈছিল তাক অৱহেলা নকৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছ নেতৃত্বই । ইপিনে,বদৰুদ্দিন আজমলে বিজেপিৰ এজেন্ট হিচাপে ৰাজনীতি কৰি বিজেপি চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ তেওঁক ব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰিছে । আজমলে কেৱল ক্ষমা খুজিলেই নহ'ব, ৰাজহুৱা জীৱন ত্যাগ কৰিলেহে প্ৰকৃততে অসমীয়াই তেওঁক ক্ষমা কৰিব বুলি মন্তব্য় কৰে ৰকিবুল হুছেইনে ।

লগতে পঢ়ক:G20 summit in India: ভাৰতত অনুষ্ঠিত হ'বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ সাক্ষী হোৱাৰ দিশে অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.